31.5 C
Assam
Tuesday, March 28, 2023

Featured News

এহাল মাতৃ-কন্যাৰ কৰুণ গাঁথাঃ থাকিবলৈ নাই ঘৰ,মকুলি আকাশৰ তলত ৰন্ধা-বঢ়া

Assamese Newsএহাল মাতৃ-কন্যাৰ কৰুণ গাঁথাঃ থাকিবলৈ নাই ঘৰ,মকুলি আকাশৰ তলত ৰন্ধা-বঢ়া

এটি পৰিয়ালৰ চকু সেমেকি যোৱা দুৰ্দশাৰ কথা। দৰিদ্ৰতাৰ চৰম সীমা অতিক্ৰম কৰা চিৰাং জিলাৰ চিদলী-চিৰাং উন্নয়ন খণ্ডৰ নিমাগাঁও বাতাবাৰী গাঁৱৰ এটি আদিবাসী পৰিয়াল । ৪৬ বছৰীয়া মাতৃ মালতী কিস্কু আৰু তেওঁৰ ১৫ বছৰীয়া কন্যা প্ৰেমিকা কিস্কু । পৰিয়ালটোৰ নাই বুলিলে একোৱেই নাই ।

জানিব পৰা অনুসৰি ভূমি এডোখৰ আছে যদিও মাতৃ-কন্যাৰ থাকিবলৈ নাই কোনো ঘৰ- দুৱাৰ । বিগত ৩ বছৰ ধৰি মুকলি আকাশৰ তলত ৰন্ধা-বঢ়া কৰি, গছৰ তলত খোৱা- বোৱা কৰি দিন অতিবাহিত কৰি আহিছে পৰিয়ালটিয়ে। নিশা কটায় ওচৰ চুবুৰীয়াৰ ভগা চিগা এটা ঘৰত ।

মালতী কিস্কুৰ নামত ঘৰ নাথাকিলেও জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰা লাভ কৰিছিল এটা পকী শৌচাগাৰ । এতিয়া মালতী কিস্কুৰ বাৱে শৌচাগাৰটোৱে সৰ্বস্ব হৈ পৰিছে । পৰিয়ালটোৰ আৱাসগৃহ নথকাৰ কাৰণে একপ্ৰকাৰ বাধ্য হৈ শৌচাগাৰ খনৰ ভিতৰত পৰিয়ালটোৰ লাগতিয়াল নথি পত্ৰ, পিন্ধনৰ কাপোৰ কানি, চাউল, দালিৰ উপৰি বাকচ, মোনা আদি ৰাখিব লগাত পৰিছে ।

দিনটো হাজিৰা কাম কৰি সন্ধিয়াৰ ভাগত পুণৰ মুকলি আকাশৰ তলত ৰন্ধাবঢ়া কৰি এসাঁজ খাই বিগত তিনিবছৰ ধৰি কিশোৰী কন্যাৰ সৈতে আনৰ ঘৰত থাকি জীৱন অতিবাহিত কৰি আছে এই দুৰ্ভগীয়া মাতৃ-কন্যাই । কিন্তু মালতী কিস্কুৰ এই পৰিস্থিতি হ’ল কেনেকৈ এই সন্দৰ্ভত নিমাগাঁও বাসিন্দা সোম চোৰেনে কয় যে মালতী কিস্কুৰ স্বামী সুনীল মুৰ্মু বিগত ৫ বছৰ আগতে বেমাৰত আক্ৰান্ত হৈ ঢুকাইছিল ।

পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী সুনীল মুৰ্মুৰ মৃত্যু হোৱাত উপায়ন্তৰ হৈ মালতী কিস্কুয়ে নিজৰ কিশোৰী কন্যাক পোহপাল দিবলৈ দিন হাজিৰা কাম আৰম্ভ কৰে । কেতিয়াবা কাম পায় কেতিয়াবা নেপায় সৌভাগ্যৰ কথা যে ৰেচন কাৰ্ডখন থকাৰ কাৰণে পৰিয়ালটো অন্য একো খাবলৈ নেপালেও ভাত এসাঁজ খাবলৈ পাইছে । স্বামী থকা সময়ত যিখন ঘৰ মালতীৰ আছিলে সময়ৰ সোঁতত সেয়া ভাগি নিশ্ছিন্ন হৈ গ’ল ।

এতিয়া থাকি গৈছে কেৱল কেইটামান বাঁহৰ খুটা । নিজে ঘৰ বনাবলৈ টকা পইচা নাই । ওচৰ চুবুৰীয়াৰ পৰামৰ্শ মতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আৱাসগৃহ এটা পোৱাৰ আশাৰে স্থানীয় ভি চি ডি চি আৰু চিদলী উন্নয়ন খণ্ড কাৰ্যালয়ত যোগাযোগ কৰি আৱেদন পত্ৰ দাখিল কৰিছিল কিন্তু দুৰ্ভাগ্যজনক কথা যে নিমাগাঁও বাতাবাৰীত ঘৰ দুৱাৰ থকা লোকসকলে চৰকাৰী আৱাসগৃহ লাভ কৰিলে কিন্তু কিন্তু গৃহহীন মালতী কিস্কুৰ নাম আবন্টিত নহল কোনো চৰকাৰী আৱাসগৃহ।

যাৰ কাৰণে বিগত ৩ বছৰ ধৰি মালতী কিস্কু আৰু তাইৰ কিশোৰী জীয়েকক লৈ ৰদ বৰষুণ নেওচি মুকলি আকাশৰ তলত ৰন্ধাবঢ়া কৰি, শৌচাগাৰক খাদ্য সামগ্ৰী তথা লাগতিয়াল সামগ্ৰী মজুত কৰি ৰখাৰ কামত ব্যৱহাৰ কৰি আছে । যিটো বিষয়টো সংশ্লিষ্ট এলেকাৰ ভি চি ডি চি সভাপতি বা সদস্য সকলে ভালদৰে অৱগত তাৰ পিছতো এই দুখীয়া দৰিদ্ৰ মাতৃ কন্যাৰ কাষত আহি থিয় দিয়াৰ কাৰোৰেই সময় নাই ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিকশিত অসম আৰু পৰিবৰ্তনৰ শ্লোগানেৰে বি টি চিৰ শাসনভাৰ লাভ কৰা প্ৰমোদ বড়োৰ চৰকাৰে এই দাৰিদ্ৰতাৰ এই ছবি দেখাৰ পিছত মালতী কিস্কুৰ কাষত আহি থিয় দিবনে তাক লৈ আশাৰে বাট চাই আছে দুৰ্ভগীয়া পৰিয়ালটিয়ে।

SOURCE: https://www.asomiyapratidin.in/assam/a-tragic-story-of-a-mother-and-daughter

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!