Advertisement

বড়ো জাতিক ধ্বংস কৰিছে প্ৰমোদ বড়োৱে: হাগ্ৰামা মহিলাৰী

বড়ো জাতিক ধ্বংস কৰিছে প্ৰমোদ বড়োৱে: হাগ্ৰামা মহিলাৰী

মুখ খুলিছে বিপিএফ দলৰ সভাপতি তথা বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে ৷ বাক্সা জিলাৰ বাগানপাৰা পৰিষদীয় সমষ্টিত শান্তি, প্ৰগতি আৰু উম্নয়নৰ বাবে এক পদযাত্ৰাত অংশ লৈ প্ৰমোদ বড়োৰ বিৰুদ্ধে সৰৱ হৈ পৰে হাগ্ৰামা মহিলাৰী।

প্ৰমোদ বড়োক তীব্ৰ ভাষাৰে সমালোচনা কৰি মহিলাৰীয়ে কয় যে বড়ো জাতিক ধ্বংস কৰিছে প্ৰমোদ বড়োৱে ৷ পৃথক বড়োলেণ্ডৰ নামত বড়ো ৰাইজক ঠগাইছে প্ৰমোদ বড়োৱে ৷ বড়োসকলক প্ৰৱঞ্চনা কৰা প্ৰমোদ বড়োৱে অন্যান্য জাতি- জনগোষ্ঠীৰ কি উন্নয়ন কৰিব বুলিও মন্তব্য হাগ্ৰামা মহিলাৰীৰ ৷

বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য বনমালী বড়োৰ সভাপতিত্বত অনুষ্ঠিত ৰাজহুৱা সভাখনত অংশ লৈ হাগ্ৰামা মহিলাৰীয়ে কয়- ”বিগত তিনি বছৰে বিটিচি অঞ্চলৰ উন্নয়ন হ’ব বুলি আশা কৰিছিলোঁ ৷ পিচে একো নহ’ ল ৷ বিটিচিটো ধ্বংস হ’বলৈ দিব নোৱাৰি ৷ সেয়ে পুনৰ ওলাই আহিছোঁ ৷ আমি পূৰ্বৰ দৰে দলীয় কাম-কাজ কৰিম ৷”

Shahnawaz Hamza

Related