20.1 C
Assam
Monday, March 20, 2023

Featured News

বিদ্যুৎস্পৃষ্ট হ’লে কি কৰিব?

মানৱ দেহটো এশ শতাংশই বিদ্যুৎ পৰিবাহী৷ ফলত...

বহিঃৰাজ্যত অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু, ১ এপ্ৰিলত ঘৰলৈ আহিম বুলি কোৱা ধৃতাশ্ৰীৰ মৃত্যু

বহিঃৰাজ্যত অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু। যুৱতীগৰাকী সীমান্ত...

উত্তৰ গুৱাহাটী মানিক নগৰত ভয়ংকৰ পথ দুৰ্ঘটনা…..

উত্তৰ গুৱাহাটী মানিক নগৰত ভয়ংকৰ পথ...

প্ৰশ্নকাকত ফাদিলৰ ব্যৰ্থতা স্বীকাৰ মুখ্যমন্ত্ৰীৰ !

Assamese Newsপ্ৰশ্নকাকত ফাদিলৰ ব্যৰ্থতা স্বীকাৰ মুখ্যমন্ত্ৰীৰ !

প্ৰশ্নকাকত ফাদিলত জড়িত চাৰি মাষ্টাৰমাইণ্ড ৷ চাৰি মাষ্টাৰমাইণ্ডৰ দুজন এতিয়াও আৰক্ষীৰ জালত পৰা নাই ৷ জালত নপৰা দুই অপৰাধীক আত্মসমৰ্পণ কৰাৰ আহ্বান মুখ্যমন্ত্ৰী শৰ্মাৰ ৷ অন্যথা অচিৰেই ল’ব কঠোৰ ব্যৱস্থা ৷ দোষীয়ে ভুল স্বীকাৰ কৰি আত্মসমৰ্পন কৰাৰ আহ্বান মুখ্যমন্ত্ৰীগৰাকীৰ ৷ শিক্ষাৰ্থীৰ জীৱনৰ সতে হেতালি খেলা কোনো দোষী সাৰি নায়ায় ৷ পলমকৈ হ’লেও শিক্ষা বিভাগৰ ভুল স্বীকাৰ কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিপৰীত স্থিতিত ৰাজ্যৰ শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ ৷ মুখ্যমন্ত্ৰীয়ে মাধ্যমিক শিক্ষাৰ নিজ ভুল স্বীকাৰ কৰাৰ বিপৰীতে শিক্ষামন্ত্ৰী পেগুয়ে এতিয়াও দোষ স্বীকাৰ কৰা নাই ৷ বিপৰীতে আনক দোষাৰোপ কৰাৰ চেষ্টা ৷ শিক্ষামন্ত্ৰীয়ে এখোপ আগুৱাই গৈ পেপাৰ ফাদিল সংবাদ মাধ্যমৰ ৰহন বুলি অভিহিত মন্ত্ৰীগৰাকীৰ ৷ ক’ত প্ৰশ্নকাকত ফাদিল হৈছে তাৰ তথ্য সংবাদ মাধ্যমৰ পৰা বিচৰা বুলি দাবী শিক্ষামন্ত্ৰীৰ ৷ নাও বুঢ়িলে টিনৰ পৰা ননমা শিক্ষামন্ত্ৰীৰ যেন তিলমানো অনুশোচনা নাই প্ৰশ্নকাকত ফাদিলৰ পাছতো ৷ চাৰি লাখ শিক্ষাৰ্থীৰ জীৱনৰ সতে হেতালি কৰা ছেবাক এতিয়াও শিক্ষা মন্ত্ৰীৰ ৰক্ষণাবেক্ষণৰ ভূমিকা ৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!