21.1 C
Assam
Thursday, March 23, 2023

Featured News

কুকুৰ খোৱা প্ৰসংগ: মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ পত্ৰ

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্ৰ।...

কেফেৰ বাহিৰত এনেদৰে হনুমান চালিচা পাঠ কৰিলে যুৱক-যুৱতীয়ে……

আধ্যাত্মিক পৰিৱেশ নৱপ্ৰজন্মৰ মাজত। কেফেৰ বাহিৰত এনেদৰে...

অভয়াপুৰীত ভয়ঙ্কৰ পথ দুৰ্ঘটনা। প্ৰাণ হেৰুৱালে এজনে, আহত ৮ জন।

Assamese Newsঅভয়াপুৰীত ভয়ঙ্কৰ পথ দুৰ্ঘটনা। প্ৰাণ হেৰুৱালে এজনে, আহত ৮ জন।

বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ ধৰ্মপুৰত দুই নং ৰাজ্যিক ঘাইপথত সংঘটিত হয় ভয়াবহ পথ দুৰ্ঘটনা।

ই-ৰিক্সা আৰু চাৰিচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষ।

ই-ৰিক্সাত থকা এজন নিহত হোৱাৰ লগতে ৮ জন যাত্ৰী আঘাতপ্ৰাপ্ত।

আঘাতপ্ৰাপ্ত দুজনৰ অৱস্থা সংকটজনক।

আজি দুপৰীয়াৰ ভাগত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো।

অভয়াপুৰীৰ পৰা লেংটিচিঙা অভিমুখী আছিল নম্বৰপ্লেট বিহীন ই-ৰিক্সা খন।

আনহাতে বৰপেটাৰ পৰা অভয়াপুৰী অভিমুখী আছিল AS15E1443 নম্বৰৰ বিলাসী বাহনখন।

গাড়ীখনৰ চালক প্ৰীতম কুমাৰ দাস সহ দুগৰাকীক অভয়াপুৰীস্থিত ব্যক্তিগত খণ্ডৰ চিকিৎসালয় এখনত ভৰ্তি কৰে।

ইয়াৰে এগৰাকী মহিলাক উন্নত চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰে।

আনহাতে আন এগৰাকী ই-ৰিক্সাৰ যাত্ৰী থিতাতে মৃত্যুক আকোঁৱালি লয়।

আহত আন কেইগৰাকীক অভয়াপুৰী চিকিৎসালয়ত ভৰ্তি কৰা হয়

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!