22.1 C
Assam
Wednesday, March 29, 2023

Featured News

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা ৰাইজৰ ওপৰত স্প্ৰে!

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা...

চাপৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ, গ্ৰেপ্তাৰ এজন

চাপৰৰ হাতীপোতাত আৰক্ষীৰ অভিযান। অভিযানত জব্দ বৃহৎ পৰিমাণৰ...

ঘোচ লৈ হাত দাঙিলে চৰকাৰী বিষয়া মিচবাহ উদ্দিন লস্কৰে।

▶️ পুনৰ হাত দাঙিলে লাট মণ্ডলে। শিলচৰত...

গুৱাহাটী টাইমছৰ Impact: চৰকাৰী শৌচাগাৰত দিন কটোৱা মাতৃ-কন্যাৰ কাষত ইউলচন হাসদা

Assamese Newsগুৱাহাটী টাইমছৰ Impact: চৰকাৰী শৌচাগাৰত দিন কটোৱা মাতৃ-কন্যাৰ কাষত ইউলচন হাসদা

গুৱাহাটী টাইমছৰ বাতৰিৰ প্ৰভাৱ। কেইবাদিন ধৰি বিটিচিৰ চিৰাং জিলাৰ চিদলী উন্নয়ন খণ্ডৰ নিমাগাঁও বাতাবাৰীৰ মালতী কিস্কু আৰু তেওঁৰ জীয়ৰী প্ৰেমিকা কিস্কুৰ এটা বাতৰি চৰ্চাত আছে। গৃহৰ অভাৱত শৌচালয়তে কানি-কাপোৰ, নথি-পত্ৰ আৰু আন আন লাগতীয়াল সামগ্ৰী ৰাখি দিন কটোৱা এই মাতৃ-জীয়ৰীয়ে অৱশেষত পালে এটা ঘৰ।

গুৱাহাটী টাইমছত সৱিস্তাৰে বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতে বিটিচিৰ কাৰ্যবাহী সদস্য ইউলচন হাসদাই আজি তেওঁলোকক নিজে গৈ সাক্ষাত কৰি অতি শীঘ্ৰে চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণৰ সহায় কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে।

ইতিমধ্যে বাতৰিটো লাভ কৰাৰ পাছতে কাৰ্যবাহী সদস্য ইউলচন হাসদা বিভাগীয় কামৰ বাবে নিজে যাব নোৱাৰাত সদৌ অসম ছাওতাল ছাত্ৰ সন্থাৰ বিষয়-ববীয়াসকলক তালৈ যাবৰ বাবে নিৰ্দেশ দি এখন অস্থায়ী ঘৰ নিৰ্মাণৰ ব্যৱস্থা কৰে। আৰু আজি নিজে সেই স্থানত উপস্থিত হৈ কাৰ্যবাহী সদস্য ইউলচন হাসদাই তেওঁলোকক কিছু আৰ্থিকসাহায্যও প্ৰদান কৰে।

উল্লেখ্য যে বিভিন্ন সংবাদ মাধ্যমত উক্ত বাতৰিটো ভুলকৈ প্ৰকাশ হোৱা বুলি জানিব পৰা গৈছে। আচলতে ৫ বছৰ পূৰ্বে স্বামীৰ মৃত্যু হোৱা পাছত তেওঁ আৰু কন্যা প্ৰেমিকাই আন ঠাইত থাকিবলৈ লয়। কিন্তু শেহতীয়াকৈ তেওঁলোক পুনৰ নিজ গৃহলৈ আহিল যদিও বাসগৃহটো জহি-খহি যাবলৈ ধৰে। ফলত তেওঁলোকে নিজৰ সকলো নথি-পত্ৰ একমাত্ৰ শৌচাগাৰটোতে ৰাখি থয়। মন কৰিবলগীয়া যে তেওঁলোকৰ অৰুণোদয়, ৰেচন কাৰ্ড আদি সকলো আছে যদিও সেই অঞ্চলত নথকাৰ বাবে সেই সুবিধাৰ পৰা বঞ্চিত হৈ আছিল। কিন্তু এতিয়াৰে পৰা সকলো কাৰ্যবাহী সদস্য ইউলচন হাসদাই এই সকলো সুবিধা প্ৰদান কৰা হব বুলি নিশ্চিত প্ৰদান কৰে। লগতে চৰকাৰী আৱাসগৃহৰ ব্যৱস্থা কৰাৰ কথাও সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!