ফেটি লিভাৰৰ সমস্যা থাকিলে ভুলতো এইকেইবিধ খাদ্য নেখাব , জানিবলৈ পঢ়ক –

1 min read

বৰ্তমান ঘৰে-ঘৰে বৃদ্ধি পোৱা এটা বেমাৰ হৈছে ফেটি লিভাৰ । যিসকল লোকে এই সমস্যাত ভুগি থাকে , কেতিয়াবা তেওঁলোকেও হয়তো নাজানে যে , তেওঁলোক এই গুৰুতৰ সমস্যাত ভুগি আছে । কাৰণ অধিকাংশ লোক এই সমস্যা সন্দৰ্ভত জ্ঞাত নহয় ।

প্ৰথম কথা ফেটি লিভাৰৰ সমস্যাত ভুগা লোকে বিশেষকৈ ডায়েট তালিকা মানি চলাটো খুবেই জৰুৰী । সমান্তৰালকৈ শৰীৰচৰ্চাও কৰিব লাগে ।
ফেটি লিভাৰৰ সমস্যাত ভুগা লোকে একাধিক জটিলতাৰ সৈতে মুখামুখি হয় । সঠিককৈ খাদ্য গ্ৰহণ নকৰিলে লিভাৰ চিৰ’চিচৰ দৰে মৰাত্মক ৰোগেও আক্ৰমণ কৰিব পাৰে । তেনেক্ষত্ৰত যিকোনো খাদ্য খোৱাৰ পূৰ্বে সতৰ্ক হোৱাটো উচিত ।

ফেটি লিভাৰ হ’লে কেতিয়াও ৰেড মিট খাব নেলাগে । পাৰিলে যিকোনো মাংস খোৱাৰ পৰা আতৰি থকা ভাল । ইয়াৰ লগতে তেল-মচলা আদি অত্যাধিক খাব নালাগে ।

কোনোধৰণৰ ফাষ্টফুড হজম কৰিব নোৱাৰে । খালেই বমি ভাব অহাৰ লগতে পেটৰ অনান্য অস্বত্বি আহিব পাৰে । বিশেষকৈ ৰেড মিট খালে ক’লেষ্টৰেল বাঢ়ে সমান্তৰালকৈ ইউৰিক এচিডৰ পৰিমাণ বঢ়াও সম্ভাৱনা থাকে আৰু ৰেড মিটত চেচুৰেটেড ফেট থাকে । যি ফেট লিভাৰত জমা হয় ।

তেনেক্ষেত্ৰত ফেটি লিভাৰৰ সমস্যা থকা লোকে ৰেড মিট একেবাৰেই ত্যাগ কৰিব লাগে । ফেটি লিভাৰৰ বাবে মদ্য পান একেবাৰে বেয়া । সাধাৰণতে মদ্যপান কৰা লোকৰ এই সমস্যা অধিক হোৱা দেখা যায় । দৈনিক মদ্যপান কৰিলে লিভাৰত মেদ জমা হয় আৰু ফলত লিভাৰ একেবাৰে নষ্ট হৈ যোৱাৰ ভয় থাকে ।

বি : দ্ৰ : ওপৰোক্ত প্ৰতিবেদনটি তথ্যৰ ওপৰত আধাৰিত যদিও লিভাৰৰ যিকোনো সমস্যাৰ উদ্ভৱ হ’লে চিকিৎসকৰ ওচৰ চপাটো জৰুৰী ।

You May Also Like

More From Author