উত্তৰ কোৰিয়াৰ ৩০ জন চৰকাৰী বিষয়াক মৃত্যুদণ্ড!

উত্তৰ কোৰিয়াৰ ৩০ জন চৰকাৰী বিষয়াক মৃত্যুদণ্ড!

উত্তৰ কোৰিয়াৰ কেইবাজনো বিষয়াক মৃত্যুদণ্ড বিহিছে দেশখনৰ বিভাগীয় কৰ্তৃপক্ষই। উল্লেখ কৰা প্ৰয়োজন যে, শেহতীয়াকৈ উত্তৰ কোৰিয়াত বানপানীয়ে প্ৰলয়ৰ সৃষ্টি কৰিছিল। য’ত প্ৰায় ৪ হাজাৰ লোকে প্ৰাণ হেৰুওৱাৰ লগতে মানুহৰ ঘৰ-দুৱাৰ ধ্বংস হৈছিল আৰু সা- সম্পত্তিৰ ক্ষতিসাধন হৈছিল। ইয়াৰ পাছতে এতিয়া দেশৰ শাসক ৰজা কিম জং-উনে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বানপানী ৰোধ নকৰাৰ অপৰাধ জেল বা জৰিমণা নহয়, ৩০ জন বিষয়াক ফাঁচী দিয়াৰ কথা ঘোষণা কৰিছে।

উত্তৰ কোৰিয়াৰ কোনো বাতৰি সাধাৰণতে অন্য দেশে লাভ নকৰে যদিও এই বিষয়ে দক্ষিণ কোৰিয়াই তথ্য প্ৰকাশ কৰিছে। দক্ষিণ কোৰিয়াৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি বানপানী ৰোধ কৰাৰ বাবে বিষয়াসকলে বহু পদক্ষেপ গ্ৰহণ কৰিব পাৰিলহেতেন। কিন্তু তেওঁলোকে তেনে নকৰাৰ বাবে কঠোৰ শাস্তি দিব বুলি কৈছিল। বানপানীৰ বাবে যিসকল দায়ী সেই সকলোৱে কঠোৰতকৈ কঠোৰতম শাস্তি লাভ কৰিব।

GTM Desk

Related