IPL ৰ বাবে সম্পূৰ্ণ সাজু অসম ক্ৰিকেট সন্থা: দেৱজিৎ শইকীয়াই

1 min read

চলিত বৰ্ষৰ আইপিএলৰ খেলসমূহৰ সম্পূৰ্ণ তালিকা ইতিমধ্যে প্ৰকাশ পাইছে । ইয়াৰে ২ খনকৈ খেল গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত কৰাৰো যো-জা চলিছে ।

  অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিৎ শইকীয়াই সংবাদ মাধ্যমক কয় যে- “আগন্তুক এপ্ৰিল মাহত চলিত ছিজনৰ আইপিএলত অসম ক্ৰিকেট সন্থাই ২ খনকৈ ক্ৰিকেট খেল অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি চলাইছে । ৰাজস্থান ৰয়েলছে তেওঁলোকৰ ২ খন খেল গুৱাহাটীত পাতিবলৈ সিদ্ধান্ত লৈছে । এখন খেলা ৫ এপ্ৰিলত ৰাজস্থানৰ সৈতে দিল্লী ডেয়াৰ ডেভিলছৰ হোৱাৰ বিপৰীতে ৯ তাৰিখে কলকতা নাইট ৰাইডাৰ্ছৰ সৈতে হ’ব । এই দুয়োখন খেলৰ বাবে ষ্টেডিয়াম সজাই দিয়াৰ লগতে নিৰাপত্তাৰ ক্ষেত্ৰতো দায়িত্ব অসম ক্ৰিকেট সন্থাক ইতিমধ্যে অৰ্পন কৰিছে ।”

ইফালে এই খেলদুখনক অসম ক্ৰিকেট সন্থাই উত্তৰ-পূবক উপহাৰ দিবলৈ সক্ষম হৈছে বুলি সম্পাদকগৰাকীয়ে উল্লেখ কৰি অহা মাৰ্চ মাহৰ পৰায়ে এই খেল ২ খনৰ টিকটসমূহ বিক্ৰী কৰাৰ কথা প্ৰকাশ কৰে ।

You May Also Like

More From Author