আজি গুৱাহাটীত সন্মান ৰক্ষাৰ যুঁজত ৰাজস্থান ৰয়েলছ; ৰিয়ান পৰাগক লৈ আশাবাদী অনুৰাগী

0 min read
  • পুনৰ অগ্ণিপৰীক্ষাৰ সন্মুখীন হ’ব দিল্লী কেপিটেলছ
  • ৰিয়ান পৰাগক লৈ আশাবাদী অনুৰাগী
  • গাংগুলীয়ে ক’লে– দিল্লীৰ বিপক্ষে বেয়া খেলক ৰিয়ানে

গুৱাহাটীত প্রথমবাৰৰ বাবে অনুষ্ঠিত হৈছে আই পি এলৰ মেচ৷ প্রথমখন মেচত পঞ্জাব কিংছৰ হাতত পৰাজিত হোৱাৰ পিছত আজি দিল্লী কেপিটেলছৰ বিপক্ষে সন্মান ৰক্ষাৰ যুঁজত অৱতীর্ণ হ’ব ঘৰুৱা দল ৰাজস্থান৷ গুৱাহাটীক দ্বিতীয় হোম গ্রাউণ্ড ৰূপে নির্ধাৰণ কৰাৰ পিছত স্বাভাৱিকতে দলটোৰ প্রতি আকর্ষণ বৃদ্ধি পাইছে উত্তৰ–পূর্বাঞ্চলৰ অনুৰাগীৰ৷ বিশেষকৈ অসমসন্তান ৰিয়ান পৰাগে কেইবাবছৰ ধৰি ৰাজস্থানক প্রতিনিধিত্ব কৰি অহাৰ পিছত ইয়াৰ দর্শকে ৰাজস্থানকে সমর্থন আগবঢ়াই আহিছে৷ প্রথমখন মেচত জয়লাভ কৰি গুৱাহাটীলৈ অহা ৰাজস্থান ৰয়েলছৰ বর্ষাপাৰা ষ্টেডিয়ামত প্রথম বিজয় প্রত্যক্ষ কৰিবলৈ প্রতীক্ষা কৰিছে অনুৰাগীসকলে৷

ইপিনে, পূর্বৰ দুয়োখন মেচতে পৰাজিত হোৱা দিল্লী কেপিটেলছে প্রথমটো বিজয় সাব্যস্ত কৰাৰ বাবে আজি যৎপৰোনাস্তি চেষ্টা চলাব৷ দলটোৱে প্রথম দুখন মেচত পেচ বলিঙৰ বিপক্ষে আত্মসমর্পণ কৰাৰ পিছত আজি পুনৰ ৰাজস্থানৰ দ্রুতবেগী বলাৰ ট্রেণ্ট বল্ট, কে এম আছিফ আৰু জেছন হল্ডাৰৰ বিপক্ষে অগ্ণিপৰীক্ষাৰ সন্মুখীন হ’ব৷ অৱশ্যে দলটোৰ বাবে আশাব্যঞ্জক খবৰটো হৈছে আজিৰ মেচখনত খেলিব নোৱাৰিব ৰাজস্থানৰ বিপজ্জনক বেটাৰ জ’ছ বাটলাৰে৷ প্রথমখন মেচত কেচ ধৰিবলৈ গৈ তেওঁ আঙুলিত আঘাত পোৱাৰ পিছত আজিৰ মেচখনত খেলিব নোৱাৰাটো নিশ্চিত হৈছে৷ গুৱাহাটীত খেলা প্রথমখন মেচত অসমৰ ৰিয়ান পৰাগে ২০ ৰান কৰি বিদায় লোৱাৰ পিছত এইখন মেচত তেওঁ উন্নত প্রদর্শন দাঙি ধৰিব বুলি সকলোৱে আশা কৰিছে৷

হোটেল ৰেডিছন ব্লুত অনুষ্ঠিত এখন সংবাদ মেলত দিল্লী কেপিটেলছৰ ক্রিকেট সঞ্চালক তথা প্রাক্তন অধিনায়ক সৌৰভ গাংগুলীয়ে ৰিয়ানক উচ্চ প্রশংসা কৰে৷ তেওঁ কয় যে দীর্ঘদিন ধৰি ৰিয়ানে ৰাজস্থানৰ হৈ খেলি আহিছে আৰু পর্যায়ক্রমে খেলৰ উন্নতি ঘটাইছে৷ তেওঁৰ উজ্জ্বল ভৱিষ্যতৰ বাবে গাংগুলীয়ে আশীর্বাদ দিয়ে যদিও দিল্লীৰ বিপক্ষে আজি ৰিয়ানে বেয়া খেলিব বুলি ৰসিকতা কৰে৷

You May Also Like

More From Author