25.4 C
Assam
Sunday, June 11, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

শ্ৰীমদ্ভাগৱত গীতাত লিখা এই পাঁচটা কথা সকলো বয়সৰ ব্যক্তিৰ বাবে বহুত লাভজনক হয়

Assamese Newsশ্ৰীমদ্ভাগৱত গীতাত লিখা এই পাঁচটা কথা সকলো বয়সৰ ব্যক্তিৰ বাবে বহুত লাভজনক হয়

গীতাত লিখা-এই পাঁচটা কথা-সকলো বয়সৰ ব্যক্তিৰ বাবে-বহুত লাভজনক হয়।

*সনাতন ধৰ্মৰ বহু ধাৰ্মিক গ্ৰন্থ আছে।যাৰ মাজত এখন হৈছে-শ্ৰীমদ্ভাগৱত গীতা।ইয়াত লিখা-ভগৱান শ্ৰী কৃষ্ণৰ উপদেশক আজিও লোকসকলে অনুসৰণ কৰিলে-জীৱনত প্ৰতিটো সফলতা প্ৰাপ্ত কৰিব পাৰে।গীতাত লিখা-উপদেশ প্ৰতিজনৰ বাবে-লাভজনক হয়।

*আমি সকলোৱে-কৌৰৱ আৰু পাণ্ডৱৰ মাজত হোৱা-মহাভাৰতৰ যুদ্ধৰ কথা জানো।এই যুদ্ধত-ভগৱান শ্ৰী কৃষ্ণ অৰ্জুনৰ সাৰথি হৈছিল।যেতিয়া-অৰ্জুনৰ সন্মুখত নিজৰ ককায়েক-ভায়েক আৰু গুৰু যুদ্ধ ভূমিলৈ আহিল-তেতিয়া অৰ্জুনে তেওঁলোকক দেখা পায় বিচলিত হল।সেই সময়ত-ভগৱান শ্ৰী কৃষ্ণই অৰ্জুনক গীতা উপদেশ দিলে।ভগৱান শ্ৰী কৃষ্ণই এই যুদ্ধত অৰ্জুনক দিয়া উপদেশ সমূহক গীতা জ্ঞান কোৱা হয়।যাক হিন্দু ধৰ্মত শ্ৰীমদ্ভাগৱত কোৱা হয়।

*শ্ৰীমদ্ভাগৱত থকা-৫টা কথাৰে-

১/ক্ৰোধক নিয়ন্ত্ৰণত ৰাখিব লাগে- কুৰুক্ষেত্ৰৰ যুদ্ধত ভগৱান শ্ৰী কৃষ্ণই-অৰ্জুনক কৈছিল যে-মনুষ্যৰ সকলোতকৈ ডাঙৰ শক্ৰ-তেওঁলোকৰ ক্ৰোধ হয়। ক্ৰোধত মনুষ্যৰ বুদ্ধিয়ে কাম কৰিবলৈ বন্ধ কৰি দিয়ে আৰু তেতিয়া মনুষ্যই এয়া বুজি নাপায় যে-নিজে কি কৰি আছে।এনে সময়ত নিজৰে সানি কৰে।সেইবাবে নিজৰ ক্ৰোধক নিয়ন্ত্ৰনত ৰখাটো বহুত প্ৰয়োজনীয়।

*মনটোক নিয়ন্ত্ৰনত ৰখা-

এনে মনা হয় যে-এই পৃথিৱীত মনৰ গতি সকলোতকৈ তীব্ৰ হয়।সেইবাবে-প্ৰতিজন ব্যক্তিয়ে নিজৰ মনক নিয়ন্ত্ৰনত ৰখাটো বহুত প্ৰয়োজনীয় হয়।সৰু-লৰা-ছোৱালীকো এই কথা শিকাব লাগে যে-নিজৰ মনক সদায়ে-নিয়ন্ত্ৰনত ৰাখাটো।

৩/কৰ্ম কৰিব লাগে-কিন্তু ফলৰ আশা কৰিব নালাগে-

কুৰুক্ষেত্ৰ যুদ্ধত অৰ্জুন বিচলিত হোৱাত-ভগৱান শ্ৰী কৃষ্ণই কৈছিল যে-সকলো মনুষ্যই কৰ্ম কৰিব লাগে,ফলৰ ইচ্ছা কৰিব নালাগে।যেনে-কৰ্ম হব,ঈশ্বৰে সেই কৰ্মৰ অনুসাৰে মনুষ্যক অনুৰূপ ফল দিব।যদি মনুষ্যই কাৰ্য্যৰ আগে পৰিণামৰ আপেক্ষা কৰিলে-মনুষ্যৰ মন ভ্ৰমিত হব আৰু মনুষ্যই নিজৰ কৰ্ম ভালদৰে কৰিব নোঁৱাৰিব।

৪/অভ্যাস কৰি যাব লাগে-

গীতাত ভগৱান শ্ৰী কৃষ্ণই-এটা উপদেশ কৈছে যে-মনুষ্যই সদায়ে অভ্যাস কৰি যাব লাগে।অভাস কৰি থাকিলে মনুষ্যৰ জীৱন সহজ হয়।যদি কোনো ব্যক্তিৰ মন অশান্ত হৈ থাকে-তেতিয়া সেই ব্যক্তিজনে মনক নিয়ন্ত্ৰিত কৰিবলে অভ্যাসে সকলোতকৈ ভাল মাৰ্গ হয়।

*আত্ম মন্থন অৱশ্যে কৰিব লাগে- প্ৰতিজন ব্যক্তিয়ে-সফল জীৱন আৰু সকলো ধৰণৰ সমস্যাৰ সন্মুখীন হবলৈ-অৱশ্যে আত্ম মন্থন কৰিব লাগে।আত্ম জ্ঞানৰ দ্বাৰা ব্যক্তি নিজৰ ভিতৰত থকা অজ্ঞানক সমাপ্ত কৰিব পাৰে।আৰু লগতে-ভুল-শুদ্ধকো চিনাক্ত কৰিব পাৰে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!