ISRO গৱেষণা কেন্দ্ৰত উজলিছে নগাঁও জিলাৰ জুৰিয়াৰ নাজনিনা ইয়াছমিন
পুনৰ ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিলে এগৰাকী মেধাৱী ছাত্ৰীয়ে। ইছৰোৰ বিজ্ঞানী হিচাপে স্বীকৃতি লাভ কৰিলে এগৰাকী অসম কন্যাই। নগাঁৱৰ জুৰিয়া মাহেৰীপাৰ গাৱৰ নাজনীন ইয়াছমিনে কঢ়িয়াই আনিছে এই স্বীকৃতি। নগাওঁজিলাৰ জুৰিয়া কদমনি টাউন হাইস্কুলৰ শিক্ষক দম্পতী আবুল কালাম আজাদ আৰু মঞ্জিলা বেগমৰ কন্যা নাজনীন ইয়াছমিন। নাজনীনৰ এই সফলতাত গৌৰৱাম্বিত পিতৃ-মাতৃ, পৰিয়ালৰ লগতে নগাওঁবাসী। বহুজনে এই স্বীকৃতিৰ বাবে নাজনীনক অভিনন্দন জ্ঞাপন কৰাৰ লগতে বিভিন্ন দল সংগঠনে সম্বৰ্ধনা জনায় |