25.7 C
Assam
Sunday, April 2, 2023

Featured News

Navjot Singh Sidhu released from Patiala Jail, was sentenced in road rage case

Cricketer-turned-politician Navjot Singh Sidhu was released from...

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল গীতাঞ্জলি দাসে

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল...

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ!

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ। নাৱত উঠি...

ইটালীৰ প্ৰধানমন্ত্রী জিঅ’ৰ্জিয়া মেলোনি বৃহস্পতিবাৰে ভাৰতলৈ আহিব

Assamese Newsইটালীৰ প্ৰধানমন্ত্রী জিঅ'ৰ্জিয়া মেলোনি বৃহস্পতিবাৰে ভাৰতলৈ আহিব

ইটালীৰ প্ৰধানমন্ত্রী জিঅ’ৰ্জিয়া মেলোনি অহা বৃহস্পতিবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব। তেওঁৰ সৈতে দেশখনৰ উপ প্রধানমন্ত্রী তথা বিদেশমন্ত্রী এণ্টনিঅ’ টাজানি আৰু এটা উচ্চ পৰ্যায়ৰ ব্যৱসায়িক প্রতিনিধি দলো। আহিব। অভ্যাগত প্ৰধানমন্ত্ৰীগৰাকীয়ে অষ্টম ৰায়ছিনা আলোচনাত মুখ্য অতিথি তথা মুখ্য বক্তা হিচাপে অংশগ্রহণ কৰিব।
ভ্রমণ কালত প্রধানমন্ত্রী মেলনিক ৰাষ্ট্ৰপতি ভৱনৰ প্ৰাংগণত আনুষ্ঠানিকভাৱে অভ্যর্থনা জনোৱা হ’ব। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ইটালীৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে বিভিন্ন দ্বিপাক্ষিক, আঞ্চলিক আৰু গোলকীয় বিষয়লৈ আলোচনা কৰিব। বিদেশ মন্ত্রী ড° এছ জয়শংকৰেও অভ্যাগত প্রধানমন্ত্ৰীগৰাকীক দেখা কৰিব। শ্রীমতী মেলোনিয়ে বৃহস্পতিবাৰে দুপৰীয়া ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুক সাক্ষাৎ‍ কৰিব। শ্ৰীমেলোনিৰ ভ্ৰমণকালত এখন ব্যৱসায়িক ঘূৰণীয়া মেজমেলৰ আয়োজন কৰা হ’ব। এই মেজমেলত ইটালীৰ উপ প্রধানমন্ত্ৰী তথা বিদেশ মন্ত্রী এণ্টনিঅ’ টাজানি আৰু বাণিজ্য তথা উদ্যোগমন্ত্রী পীযূষ গোৱেলে সহ অধ্যক্ষতা কৰিব।
ভাৰত আৰু ইটালীয়ে এই বছৰ দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পর্ক স্থাপনৰ ৭৫ সংখ্যক বার্ষিকী উদযাপন কৰিছে। দুয়োখন দেশৰ মাজৰ এই বহুমুখী সম্পর্ক উমৈহতীয়া সাংস্কৃতিক প্রমূল্য, অর্থনৈতিক বিকাশ শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি, সেউজ শক্তি, বিজ্ঞান, প্রযুক্তি আৰু প্ৰতিৰক্ষা ক্ষেত্ৰৰ সহযোগিতাৰ ওপৰত আধাৰিত। দুয়োখন দেশে বিভিন্ন বহুপাক্ষিক মঞ্চসমূহত সহযোগিতাৰে কাম কৰি আহিছে। প্ৰধানমন্ত্ৰী মেলোনিৰ আসন্ন ভ্রমণে উভয় দেশৰ মাজৰ পুৰণি সম্পৰ্ক অধিক সুদৃঢ় আৰু গভীৰ কৰি তুলিব বুলি আশা কৰা হৈছে। এই ভ্ৰমণ কালত দুয়োপক্ষই ২০২০ চনৰ নৱেম্বৰত অনুষ্ঠিত সন্মিলনৰ ফলাফলৰ অগ্ৰগতি বুজ ল’ব, সুৰক্ষা আৰু প্ৰতিৰক্ষা সহযোগিতা সুদৃঢ় কৰিব, ঘনিষ্ঠ অর্থনৈতিক সহযোগিতাৰ হকে কাম কৰিব আৰু বিজ্ঞান আৰু প্ৰযুক্তি ক্ষেত্ৰত অব্যাহত সহযোগিতাক কৌশলগত দিশ প্ৰদৰ্শন কৰিব।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!