স্বাস্থ্য ৰক্ষাত কেঁচা কঁঠাল

1 min read

ডাঃ ৰেইনী দেৱী

পকা কঁঠাল যিদৰে সকলোৰে প্রিয় ঠিক সেইদৰে কঁঠালৰ মুচি বা কঁঠাল গছৰ কেঁচা অপৈণত ফলৰ আঞ্জা বহুতৰে প্রিয়৷ কেঁচা কঁঠাল প্রধানকৈ ৰন্ধন প্রকৰণত ব্যৱহূত হয়৷ কেঁচা কঁঠালৰ আঞ্জাখনৰ সোৱাদ মাংসৰ জোলতকৈও সুন্দৰ হয়৷ সেয়েহে হয়তো কঁঠালৰ আঞ্জা নিৰামিষভোজীসকলৰ খুবেই প্রিয় ব্যঞ্জন৷ ভাৰতৰ বিভিন্ন ঠাইত কেঁচা কঁঠাল বিভিন্ন ব্যঞ্জনত ব্যৱহাৰ হয়৷ আমাৰ ইয়াত ফাগুন–চ’ত মাহমানৰ পৰাই বজাৰত কঁঠালৰ মুচি ওলায়৷ হাতত মিঠাতেল সানি কঁঠালৰ মুচিবোৰ কাটিব লাগে, কাৰণ কেঁচা কঁঠালৰ পৰা খুব আঠা ওলায়৷ ওপৰৰ কঠিন তৰপ এৰুৱাই বাকী অংশ কাটি পানীত ভালদৰে সিজাই লোৱাৰ পিছত যিকোনো ব্যঞ্জন বনাওঁতে ব্যৱহাৰ কৰিব পাৰি৷ কঁঠালৰ মুচি ৰ’দত শুকুৱাই তাৰ পৰা আচাৰ বনোৱাও হয়৷ অবতৰত ইয়াৰে অকণমান আচাৰৰ জুতি লৈয়ে ভাতসাঁজ সুন্দৰকৈ খাব পাৰি৷ আমাৰ পূর্বপুৰুষসকলে বতৰৰ ফলবোৰৰ ৰন্ধন প্রকৰণ আৰু সংৰক্ষণ বিধিৰ সুন্দৰ দিহা আমাক শিকাই থৈ গৈছে আৰু আমিও তেওঁলোকৰ পদানুসৰণ কৰিয়ে সকলোবোৰ শিকিছোঁ৷ কঁঠালৰ মুচি ঔষধি গুণসমৃদ্ধ হোৱাৰ বাবে চবজি হিচাপে ব্যৱহাৰ বেছি হয়৷ অসমীয়া মানুহৰ জনবিশ্বাস মতে আমে আনে বান, কঁঠালে আনে ধান৷ এই সাৰুৱা কথাফাঁকিৰ গূঢ়ার্থ হ’ল যেতিয়া আম গছত সৰহকৈ আম লাগে তেতিয়া দেশত বানপানীৰ প্রকোপ হয় আৰু কঁঠাল যদি সৰহকৈ লাগে (আমৰ তুলনাত) দেশ শস্য শ্যামলা হয়৷ তুলনামূলকভাৱে আমতকৈ কঁঠালৰ ঔষধি গুণাগুণ বেছি৷ কেঁচা কঁঠালৰ ব্যঞ্জন নিৰোগী আৰু ৰোগী সকলোৱে খাব পাৰে৷ কাৰণ বিভিন্ন এণ্টিক্সিডেণ্টযুক্ত কঁঠালৰ মুচিয়ে আমাৰ স্বাস্থ্য ৰক্ষা আৰু ৰোগ নিৰাময়ত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে৷ ইয়াৰ গুণাগুণসমূহ হৈছে–
* কঁঠালৰ মুচি বা কেঁচা কঁঠালে মেদবহুলতা সমস্যা নিৰাময় কৰে৷ কাৰণ ইয়াত প্রচুৰ পৰিমাণে ফাইবাৰ আৰু আঁহ থাকে আৰু লগতে ইয়াত থকা কেলৰিৰ পৰিমাণ ভাত বা ৰুটীতকৈ যথেষ্ট কম৷ কঁঠালৰ মুচিৰ ব্যঞ্জন খালে, সেয়েহে সোনকালে পেট ভৰি যায়৷ ওজন কম কৰিব বিচৰাসকলে মাজে–সময়ে কঁঠালৰ মুচি সেৱন কৰিলে সুফল পাব৷
* কঁঠালৰ মুচি বা কেঁচা কঁঠাল ডায়েবেটিছ ৰোগৰ বাবে অতি উত্তম মহৌষধ৷ ইয়াৰ গ্লাইছেমিক ইনডেক্স কম হোৱাৰ বাবে ই শৰীৰত শর্কৰাৰ অতিৰিক্ত বোজা সৃষ্টি নকৰে, যাৰ বাবে ডায়েবেটিছ ৰোগ নিয়ন্ত্রণত থাকে৷ লগতে আঁহ থকাৰ বাবে আন বহুতো সমস্যা নির্মূল কৰে৷ কঁঠালৰ মুচিয়ে ডায়েবেটিছ ৰোগ প্রতিৰোধো কৰে৷ সেয়েহে নিৰোগী লোকেও মাজে–সময়ে কেঁচা কঁঠাল সেৱন কৰা উচিত৷
* কলেষ্টৰেলৰ সমস্যাতো কেঁচা কঁঠাল বৰ উপকাৰী৷ ইয়াত থকা দ্রবিত আঁহে শৰীৰৰ বাবে অপকাৰী এল ডি এল কলেষ্টৰেল কম কৰাত সহায় কৰে৷
* প্রচুৰ পৰিমাণে আঁহ থকা বাবে পাচনকার্যত সহায় কৰে, পেট খোলোচা কৰে৷ গৱেষণামূলক অধ্যয়নৰ পৰা দেখা গৈছে যে কেঁচা কঁঠাল সেৱনে ক’ল’ন কেঞ্চাৰ প্রতিৰোধ কৰে৷
* ভিটামিন, এণ্টি অক্সিডেণ্টযুক্ত হোৱাৰ বাবে ই শৰীৰৰ ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷ আইৰন থকা বাবে ৰক্তহীনতা দূৰ কৰে৷
* এণ্টিক্সিডেণ্ট, আঁহ, পটাচিয়াম আদি খনিজ থকাৰ বাবে হার্টৰ বিভিন্ন ৰোগ প্রতিৰোধ কৰাত সহায় কৰে৷
প্রকৃতিৰ বুকুত উপলব্ধ প্রতিবিধ খাদ্য সামগ্রীৰে বিশেষ কিছুমান গুণ আছে৷ আমাৰ পূর্বপুৰুষসকলৰ ব্যৱহাৰিক জ্ঞান বেছি আছিল বাবে তেওঁলোকে স্বাস্থ্যসন্মত বিবিধ ব্যঞ্জনৰ জুতি লৈ নিৰোগী হৈ আছিল৷ আমিও কেঁচা কঁঠালৰ দৰে বতৰৰ এনেবোৰ ঔষধি গুণসমৃদ্ধ খাদ্যসম্ভাৰ দৈনন্দিন খাদ্য তালিকাত অন্তর্ভুক্ত কৰা উচিত৷ কাৰণ আমাৰ সুস্বাস্থ্যৰ চাবিকাঠী আমাৰ নিজৰ হাতৰ মুঠিতে আছে৷

 

You May Also Like

More From Author