24.3 C
Assam
Monday, November 28, 2022

Featured News

নগাঁৱৰ জামুগুৰি দঘাট চুবুৰীৰ ২৪০ বছৰীয়া নামঘৰৰ প্ৰতিষ্ঠা দিৱস

নগাঁৱৰ জামুগুৰি দঘাট চুবুৰীৰ ২৪০ বছৰীয়া নামঘৰৰ প্ৰতিষ্ঠা দিৱস

15-year-old government vehicles will be scrapped: Nitin Gadkari

Union minister Nitin Gadkari today (November 25)...

কেঁচা পনীৰ খালে হয় এই চাৰিটা লাভ, নিয়ন্ত্ৰণত থাকে ওজন!

পনীৰ ভাৰতীয়সকলৰ প্ৰিয় ব্যঞ্জনবোৰৰ ভিতৰত অন্যতম। পনীৰ...

ঘৰুৱা চিকিৎসা আৰু প্রচলিত বিশ্বাস

Assamese Newsঘৰুৱা চিকিৎসা আৰু প্রচলিত বিশ্বাস

গীতিমালিকা নেওগ

পৃথিৱীৰ সকলো ঠাইতেই বিভিন্ন ৰোগত ঘৰুৱা ঔষধ–পাতি ব্যৱহাৰৰ এটা প্রচলিত নিয়ম আছে৷ পৰম্পৰাগতভাৱে চলি অহা এই নিয়মবোৰ কবিৰাজী ঔষধ বা জনবিশ্বাস হিচাপে গৰিষ্ঠসংখ্যক মানুহে গ্রহণ কৰি আহিছে৷ অৱশ্যে আধুনিক চিকিৎসাক দোহাই দি এই সকলো নিয়ম উলাই কৰিবও নোৱাৰি৷ কিয়নো বহু ঘৰুৱা ঔষধৰ অনেক গুণো আছে৷ ইয়াৰ মাজতো প্রচলিত জনবিশ্বাসে আমাৰ সমাজক কেতিয়াবা ক্ষতিও কৰে৷ সেয়েহে সচৰাচৰ ডাক্তৰী ঔষধ ব্যৱহাৰৰ ক্ষেত্রত যিদৰে সচেতন হোৱা প্রয়োজন, ঠিক তেনেদৰেই ঘৰুৱা ঔষধৰ ক্ষেত্রতো সাৱধান হোৱা প্রয়োজন৷
সাধাৰণতে যিবোৰ ঠাইত সহজতে ডাক্তৰ উপলব্ধ নহয়, অর্থাৎ আর্থ–সামাজিক দিশত পিছপৰা অঞ্চলতহে ঘৰুৱা ঔষধ বেছিকৈ চলে৷ এই ঔষধবোৰৰ ব্যৱহাৰ কৰিবলৈ বেছি ধনৰ প্রয়োজন নোহোৱাটোও এই ঔষধ প্রচলনৰ অন্যতম কাৰণ৷ সৰু ল’ৰা–ছোৱালীৰ পাতল শৌচ হ’লে বহু মানুহেই চেনি দিয়া পাতলকৈ বনোৱা চাহ বা চেনিমিহলি পানী খুৱায়৷ এই মিশ্রণ খাই শিশু আৰোগ্যও হয়৷ কিয়নো শিশুৰ পাতল শৌচ হ’লে প্রচুৰভাৱে পানীয় খোৱা প্রয়োজন৷ কিন্তু শিশুৰ সকলো ৰোগতে ঘৰুৱা ঔষধত আৰোগ্য হ’ব বুলি ভবাটো ভ্রান্ত ধাৰণা৷ কেতিয়াবা এনে ঔষধৰ ব্যৱহাৰে ৰোগ জটিল কৰি তোলে৷ ইয়াৰ বিপৰীতে আধুনিক চিকিৎসাত ৰোগী সহজতে আৰোগ্য হয়৷
আগতে ককা–আইতাৰ দিনত কেঁচুৱাক কেৱল মাতৃদুগ্ধ পান কৰাইছিল, কিন্তু পিছলৈ আধুনিকতাৰ পৰশত টিনৰ গাখীৰৰ প্রচাৰ চলিল৷ টিনৰ গাখীৰৰ প্রচাৰত ভোল গৈ বহু ভিতৰুৱা অঞ্চলতো এই গাখীৰ বটলত ভৰাই কেঁচুৱাক খুৱাবলৈ ল’লে৷ ফলত বিভিন্ন পেটৰ ৰোগৰ সংক্রমণ হ’ল৷ কিন্তু সম্প্রতি আধুনিক চিকিৎসা বিজ্ঞানে সেই ককা–আইতাৰ দিনৰ প্রচলিত নিয়মকে উত্তম বুলি কৈছে আৰু মাতৃদুগ্ধই কেঁচুৱাৰ বাবে উৎকৃষ্ট বুলি কৈছে৷
জনবিশ্বাস বা লোকবিশ্বাসৰ মূলতে হ’ল মানুহৰ ধাৰণা৷ মানুহে মনে মনে যিটো ধাৰণা কৰি লয় সেইটোকে বিশ্বাস কৰে৷ সেয়ে কেতিয়াবা ই সত্য হয় আৰু কেতিয়াবা অসত্য হয়৷ কেতিয়াবা ৰোগীক এই লোকবিশ্বাসবোৰে আৰোগ্য কৰি তোলে আৰু কেতিয়াবা আৰোগ্য কৰি নোতোলে, বৰঞ্চ ক্ষতিহে হয়৷ এটা কথা নিশ্চিত যে শৰীৰৰ ওপৰত মনৰ প্রভাৱ অপৰিসীম৷ এটা উদাহৰণ দিলে কথাটো বুজাত সহজ হ’ব৷ আমাৰ বৰমা এগৰাকী বৰ যুক্তিবাদী মহিলা আছিল৷ প্রতিটো কথাকে তেওঁ দৃঢ়তাৰে এনেদৰে ব্যাখ্যা কৰিছিল যে তেওঁ সঁচা কথা কয় আৰু বহুত কথা জানে বুলি চুবুৰীয়াই তেওঁক সন্মান কৰিছিল৷ এবাৰ বৰমাৰ ঘৰত কাম কৰা ল’ৰাটোৱে মূৰত এখন গামোচা মাৰি কাম কৰি আছিল৷ তাৰনো কি হৈছে আৰু সি কিয় এনে ব্যৱহাৰ কৰিছে বুলি সোধাত সি ক’লে যে তাৰ প্রচণ্ড মূৰৰ বিষ হৈছে৷ বৰমাই এটুকুৰা সিজোৱা আলু দি তাক ক’লে যে এই টুকুৰাটো কপালত কিছু সময় ঘঁহাই থাকিলে সি আৰাম পাব আৰু সেই মুহূর্ততে মূৰৰ গামোচাখন খুলি পেলাবলৈ দিলে৷ বৰমাৰ নির্দেশত মূৰৰ বিষৰ তথাকথিত ‘কাঢ়া ঔষধটো’ লৈ কিছু সময় কপালত ঘঁহাৰ পিছতেই তাৰ মুখত হাঁহি ওলাল৷ ইয়াৰ পৰা এইটো পৰিষ্কাৰকৈ বুজা যায় যে বৰমাৰ ওপৰত থকা অগাধ বিশ্বাসেই তাক আৰোগ্য কৰি তুলিলে৷ অনেক ঘৰুৱা ঔষধেও তেনেদৰেই কাম কৰে৷ বিশেষকৈ মুখ লগা বা নজৰ লগাৰ ‘জৰোৱা পানী’ খালে পেট ওফন্দা কমি যোৱা, ভয় বা উৎকণ্ঠাৰ ৰোগত তাবিজ বা মাদলী পিন্ধা, মূর্ছা যোৱা ৰোগীক জোতা শুঙিবলৈ দিয়া ইত্যাদি অনেক ৰোগৰ চিকিৎসা কেৱল মনৰ চিকিৎসা৷ এই চিকিৎসাবোৰৰ মুখ্য কথা হ’ল বেজ বা কবিৰাজজনৰ আচৰণৰ ওপৰত ৰোগীৰ বিশ্বাস৷ বিশেষকৈ গ্রামাঞ্চলত বিভিন্ন পোক বা সাপে কামোৰাৰ চিকিৎসা জৰা–ফুঁকাৰে কৰে৷ কিন্তু চিকিৎসা বিজ্ঞানৰ মতে বিষাক্ত সাপ বা পতংগৰ চিকিৎসা কেতিয়াও জৰা–ফুঁকাৰে নহয়৷ এইটো অসম্ভৱ কথা৷ আমাৰ মতে সর্বসাধাৰণ মানুহৰ সাপ বুলিলেই এটা ভয় মনত পুহি ৰাখে৷ দুই–এটা সাপৰ বাহিৰে কোনবোৰ সাপ বিষহীন সেই কথাও মানুহে নাজানে৷ গতিকে সাপে কামুৰিলেই ভয়তে হিতাহিত জ্ঞান হেৰুৱাই পেলায়৷ ফলত সাপে কামোৰা ব্যক্তিজন মূর্ছা যায়৷ ঘৰৰ মানুহে বিষতে মূর্ছা যোৱা বুলি ভাবি বেজ বা বৈদ্যক বিচাৰি আনে৷ এটা নির্দিষ্ট সময়ত ৰোগীজন সুস্থ হৈ উঠিলে সমস্ত কৃতিত্ব বেজে দাবী কৰে৷ বৈদ্যৰ ওপৰত থকা বিশ্বাস তেওঁৰ শৰীৰৰ বিষ–কঁপনি আদি সকলো দূৰ কৰে৷ সাপে কামোৰাৰ ক্ষেত্রত আধুনিক চিকিৎসাই উৎকৃষ্ট চিকিৎসা৷ আকৌ কেতিয়াবা যদি এখন নিৰক্ষৰ সমাজৰ কেইবাজনো মানুহে, সেই সমাজৰে এজন মানুহৰ পৰা অপকাৰ হোৱাৰ আশংকা প্রকাশ কৰে, তেতিয়া কোনো ভয়াতুৰ মানুহ অসুস্থ হৈ পৰিব পাৰে৷ এই জনবিশ্বাসৰ বাবেই ডাইনীৰ জন্ম হয়৷ কোনো জটিল ৰোগৰ লগত ডাইনী বিদ্যাৰ কোনো সম্পর্ক নাই৷ গাঁৱলীয়া ওজা বা বেজে দাবী কৰে যে জৰা–ফুঁকা কৰিলে ডাইনী লগাৰ পৰা মুক্তি পায়৷ ব্যক্তিগত কাৰণত প্রতিশোধ ল’বলৈও কেতিয়াবা ডাইনী সজোৱা হয়৷ আনহাতে ভাৰতবর্ষৰ বহু ঠাইত এতিয়াও বসন্ত ৰোগত শীতলা দেৱীৰ প্রভাৱক বিশ্বাস কৰে৷ অসমৰ গুৱাহাটী মহানগৰীতো কেইবাটাও শীতলা দেৱীৰ মন্দিৰ আছে– য’ৰ পৰা বহু মানুহেই বসন্ত ৰোগত ‘জৰা পানী’ আৰু ‘জপ’ সংগ্রহ কৰে৷ লোকবিশ্বাস মতে শীতলা দেৱীক পূজা দি সন্তুষ্ট কৰিলেই এই ৰোগৰ পৰা ৰক্ষা পোৱা যায়৷ বহুতে এই ৰোগত খোৱা আহাৰত অযথা বাধা–নিষেধ কৰাৰ লগতে গা ধোৱাও বর্জন কৰে৷ ফলত বহু শিশু অসুস্থ হৈ মৃত্যুক সাবটি লয়৷ বসন্ত ৰোগ মূলতঃ ভাইৰাছজনিত ৰোগ৷ এই ৰোগত খাদ্যৰ হকা–বাধা কৰিব নালাগে, কিয়নো ৰোগৰ সংক্রমণৰ যুদ্ধত ব্রতী হ’বলৈও আমাৰ শৰীৰক প্রচুৰ শক্তিৰ প্রয়োজন হয়৷ এই ৰোগত চিকিৎসকৰ দিহা–পৰামর্শ গ্রহণ কৰা বাঞ্ছনীয়৷ সম্প্রতি বসন্ত ৰোগৰ বেজী উপলব্ধ হৈছে৷ এই বেজী শিশুক দিবৰ বাবে শিশু বিশেষজ্ঞৰ লগত আলোচনা কৰিলেই হ’ব৷
নৱজাতকৰ জন্মৰ সময়ত মূৰৰ তালু কোমল হৈ থাকে৷ নৱজাতকৰ মূৰৰ হাড জন্মৰ সময়ত গঠন নহয় বাবেই এনে হয়৷ এই কোমল অংশটো স্বাভাৱিকভাৱে কঠিন হ’বৰ বাবে এটি শিশুৰ ডেৰ বছৰ হ’ব লাগে৷ শিশু অসুস্থ হ’লে এই মূৰৰ তালু কেতিয়াবা সামান্য বহি যায়৷ প্রচলিত লোকবিশ্বাসত ইয়াৰ অনেক আসুৰিক চিকিৎসা আছে– যাৰ ফলত শিশু মৃত্যুমুখত পৰে৷ কিন্তু প্রকৃততে কোনো ৰোগত বিশেষকৈ শৌচ পনীয়া হ’লে শিশুৰ দেহত পানীৰ পৰিমাণ কমি যায়, আৰু তেতিয়া এনে লক্ষণে দেখা দিয়ে৷ বমি–শৌচ হ’লে শৰীৰত পানীৰ অভাৱ হৈ আমাৰ ভাৰতবর্ষত বছৰি প্রায় দহ লাখ শিশুৰ মৃত্যু হয়৷ ব্যক্তিগত স্বাস্থ্যবিধি পালন নকৰাৰ ফলতো শিশু অপুষ্টিত ভোগে৷ অপৰিষ্কাৰ পানী খোৱাৰ ফলতো পেটৰ ৰোগে সহজে আক্রমণ কৰে৷ আনহাতে অপুষ্টিত ভোগা শিশুক ৰোগে সহজতে আক্রমণ কৰে৷ এইক্ষেত্রত খোৱাপানী উতলাই খোৱা প্রয়োজন৷ খোৱাপানী থোৱা পাত্রত ঢ়াকোন ব্যৱহাৰ কৰিব লাগে৷ এটি শিশুক বয়সৰ লগে লগে খাদ্যৰ মাত্রাও বঢ়োৱা অতি প্রয়োজন৷ মাতৃদুগ্ধ সঠিকভাৱে পান কৰিছে নে নাই সেইটো শিশুটিৰ স্বাস্থ্যৰ বাঢ়ন ক্ষমতাত প্রতিফলিত হয়৷ অৱশ্যে তাৰ বাবে মাতৃগৰাকীয়েও অতিৰিক্ত আহাৰ গ্রহণ কৰিব লাগিব৷ সুস্থ মাতৃয়েহে সুস্থ সন্তান পালন কৰিব পাৰিব৷ দিনটোৰ হাডভগা কষ্টৰ বিনিময়ত সামান্য আহাৰ গ্রহণ কৰিলে শিশু–মাতৃ দুয়ো অপুষ্টিত ভোগাটো নিশ্চিত৷ কোনো কাৰণতেই জটিল ৰোগত ঘৰুৱা চিকিৎসা গ্রহণ কৰিব নালাগে৷
অনুচিতঃ
জন্তু বা মানুহৰ মল খালে কোনো ৰোগ আৰোগ্য নহয়৷ বৰং তাৰ পৰা ভয়ংকৰ ৰোগ সংক্রমণ হোৱাৰ সম্ভাৱনাহে থাকে৷
পোৰা ঘা বা কটা ঘাত গৰুৰ গোবৰ লগোৱা নিতান্তই অনুচিত৷ ই ঘা বৃদ্ধি কৰে৷
নৱজাতকৰ জন্মৰ পিছত কন্দা–কটা নকৰিলে গাত গৰম বস্তু লগাই কন্দাবৰ চেষ্টা কৰিব নালাগে৷
ঘৰুৱাভাৱে কৰা গর্ভপাতে গর্ভৱতী মহিলাৰ মৃত্যু মাতিব পাৰে৷
মূর্ছা যোৱা ৰোগীক তেল মালিচ কৰিব নালাগে৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: