জাগীৰোডত আৰম্ভ ট্রাইবেল সংঘৰ অধিৱেশন

0 min read

শুকুৰবাৰৰ পৰা তিনিদিনীয়া বিস্তৃত কার্যসূচীৰে জাগীৰোডৰ নেলী–মকৰীয়া সমন্বয় ক্ষেত্রত আৰম্ভ হৈছে সদৌ অসম ট্ৰাইবেল সংঘৰ ৩৮সংখ্যক ত্রিবার্ষিক সাধাৰণ অধিৱেশন৷ এই লৈ ৰাজ্যৰ বিভিন্ন প্রান্তৰ পৰা অহা সহস্রাধিক প্রতিনিধিৰ উপস্থিতিত অধিৱেশনৰ প্রথম দিনা মকৰীয়াৰ গিৰিধৰ পাটৰ সোঁৱৰণী সমন্বয় ক্ষেত্র হৈ পৰে উখল–মাখল৷ অধিৱেশনৰ প্রথম কার্যসূচী হিচাপে আজি মূল তোৰণ উদ্বোধন কৰে তিৱা স্বায়ত্ত পৰিষদৰ অধ্যক্ষ মদন বৰদলৈয়ে৷ ইয়াৰ পিছতে প্রতিনিধি শিবিৰ উদ্বোধন কৰে জাগীৰোডৰ বিধায়ক তথা মন্ত্রী পীয়ূষ হাজৰিকাই৷ উক্ত শিবিৰত অসমৰ ৫৩খন জিলাৰ পৰা অহা দুই সহস্রাধিক প্রতিনিধিয়ে অংশগ্রহণ কৰে৷ অসমৰ বিভিন্ন জাতি–জনগোষ্ঠীৰ সমাজ জীৱনৰ বিভিন্ন আপুৰুগীয়া আৰু ৰজাদিনীয়া সম্পদ প্রদর্শনৰ ব্যৱস্থা থকা অধিৱেশনৰ প্রদর্শনীৰ দ্বাৰ উন্মোচন কৰে মৰিগাঁৱৰ উপায়ুক্ত লীনা দাসে৷ আনহাতে কাইলৈ পুৱাৰ ভাগত অনুষ্ঠিত হ’ব পতাকা উত্তোলন, শ্বহীদ তর্পণৰ লগতে বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্রা ৷

ইয়াৰ পিছতে অনুষ্ঠিত হ’বলগীয়া অধিৱেশনৰ মুকলি সভাত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালসহ অসম চৰকাৰৰ কেইবাগৰাকী মন্ত্রী–বিধায়ক উপস্থিত থাকিব৷ ড্রাইবেল সংঘৰ সভাপতি মিলন সোণোৱাল আৰু সাধাৰণ সম্পাদক আদিত্য খাখলাৰীয়ে অসমৰ জনজাতিসকলৰ মৌলিক সমস্যাসমূহ সমাধানৰ ক্ষেত্রত ৰাজ্যৰ সোণোৱাল চৰকাৰে অধিক গুৰুত্ব দিব বুলি আশা প্রকাশ কৰিছে৷ একেদৰে জনজাতিসকলৰ ভূমিৰ অধিকাৰ, অসমৰ ড্রাইবেল বেল্ট এণ্ড ব্লকসমূহ সুৰক্ষিত কৰা, বন সুৰক্ষা আইন–২০০৬ আদি কার্যকৰী কৰাৰ বাবেও চৰকাৰক গুৰুত্ব আৰোপ কৰি কাইলৈৰ মুখ্যমন্ত্রীৰ ভাষণত ঠাই পাব বুলি আশা কৰিছে ড্রাইবেল সংঘই৷ লগতে তিৱা, মিচিং, ৰাভা আদি বহুকেইখন স্বায়ত্তশাসিত পৰিষদ সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তর্ভুক্ত কৰিবলৈকো চৰকাৰক দাবী জনাই সংঘৰ প্রতিনিধি সভাত গুৰুত্বপূর্ণ প্রস্তাৱ গ্রহণ কৰিব বুলি কয় সভাপতি মিলন সোণোৱালে৷

You May Also Like

More From Author