৫ ফেব্ৰুৱাৰীত সৰুসজাইত নিযুক্তি দিয়া হ’ব ৩০ হাজাৰ শিক্ষককঃ হিমন্ত বিশ্ব শৰ্মা

৫ ফেব্ৰুৱাৰীত সৰুসজাইত নিযুক্তি দিয়া হ’ব ৩০ হাজাৰ শিক্ষককঃ হিমন্ত বিশ্ব শৰ্মা

আজি গুৱাহাটীত শিক্ষকক নিযুক্তি–পত্র প্রদান কৰা অনুষ্ঠানত উপস্থিত থাকি বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমৰ শিক্ষক সমাজৰ বাবে ঘোষণা কৰে এক সুখবৰ।

মন্ত্ৰীগৰাকীয়ে ভাষণত কয়, “অহামাহৰ ৫ তাৰিখে সৰুসজাই ফিল্ডত নতুন নিযুক্তি আৰু প্ৰাদেশিকৰণ কৰি ৩০ হাজাৰ শিক্ষকক নিযুক্তি পত্ৰ তুলি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছো। ২০১৩ চনত টেট শিক্ষকক ২৫ হাজাৰক আমি একেলগে নিযুক্তি দিছিলো। গতিকে অহা ৫ তাৰিখে ৩০ হাজাৰ শিক্ষকক নিযুক্তি প্ৰদান কৰি আমি পূৰ্বৰ অভিলেখ ভংগ কৰিবলৈ সক্ষম হম।”

Shahnawaz Hamza