ধুবুৰী সীমান্ত উপ-আৰক্ষী অধীক্ষক যতীন চন্দ্ৰ দাসক গ্ৰেপ্তাৰ

1 min read

খাকী পোচাকত কলংক। ৰক্ষকৰ ৰূপত ভক্ষক ধুবুৰী সীমান্ত শাখা উপ-আৰক্ষী অধীক্ষক যতীন চন্দ্ৰ দাস। ড্ৰাগছ ব্যৱসায়ীৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে দাসক।

Jatin Ch. Das

নৱনিযুক্ত ধুবুৰী আৰক্ষী অধীক্ষক অভিজিৎ দিলীপৰ নিৰ্দেশ মৰ্মে গ্ৰেপ্তাৰ কৰা হয়  উপ-আৰক্ষী অধীক্ষক গৰাকীক। ধুবুৰী আৰক্ষী থানাৰ গোচৰ নম্বৰ ৮৮১/২১ ধাৰা ১২০খ/৪০৯/ভাৰতীয় দণ্ডবিধিৰ সংলগ্ন ধাৰা ৭ক/১২ৰ অধীনত প্ৰিভেনচন অফ্‌ কৰ্পৰেচন এক্টত গ্ৰেপ্তাৰ কৰা হৈছে দাসক।

Jatin Ch. Das

গুৰুত্বপূৰ্ণ কথা এই যে, উপ আৰক্ষী অধীক্ষক গৰাকীৰ হৈ ধন সংগ্ৰহত জড়িত থকাৰ অভিযোগত ৰফিকুল পাৰমাণিক নামে এজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।তেওঁৰ লগতে ৪লাখ ৭৭হাজাৰ টকা জব্দ কৰিছে আৰক্ষীয়ে।

উল্লেখ্য, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠিত চৰকাৰে দায়িত্ব গ্ৰহণ কৰাৰ পিছতে সমগ্ৰ ৰাজ্যজুৰি ড্ৰাগছৰ বিৰুদ্ধে তীব্র অভিযান চলিছে। তাৰ মাজতে ড্ৰাগছ ব্যৱসায়ত জড়িত থকাৰ গুৰুতৰ অভিযোগত প্ৰথমতে আটক আৰু পৰৱৰ্তী সময়ত গ্ৰেপ্তাৰ হৈছে উপ-আৰক্ষী অধীক্ষক গৰাকী।

You May Also Like

More From Author