আঁঠুৰ বিষ বা গাঁঠিৰ বিষ!

1 min read

বয়স হোৱাৰ লগে লগে আঁঠুৰ বিষ বা গাঁঠিৰ বিষৰ অসুবিধা আজিকালি নিয়মিতভাৱে দেখা যায়৷ যথাযথ পুষ্টিকৰ আহাৰ খোৱাৰ অভাৱৰ কাৰণে বহুসংখ্যক লোকৰ মাজত এই সমস্যাই দেখা দিয়ে৷
অষ্টিওআর্থাইটিছ Osteoarthritis মূলতঃ গাঁঠিৰ ৰোগ৷ সাধাৰণতে হাডৰ ওপৰত ৰক্ষামূলক এটা স্তৰ থাকে, যাক কার্টিলেজ বুলি কোৱা হয়৷ এই স্তৰৰ ক্ষতি হোৱাকে অষ্টিওআর্থাইটিছ বোলা হয়৷ বেছিভাগ ৰোগ আঁঠুত দেখা যায় যদিও কম পৰিমাণে কেতিয়াবা হাত বা কৰঙণতো হয়৷

এনেধৰণৰ বিষ সচৰাচৰ ৩০-৩৫ বয়স পাৰ হোৱা লোকৰ হয়৷ পুৰুষৰ তুলনাত মহিলাসকলৰ বেছি হয়৷ ইয়াৰ কাৰণ হৈছে হৰমনৰ পৰিৱর্তন৷অতিৰিক্ত শৰীৰৰ ওজন বা মেদ হলে, বংশৰ কাৰোবাৰ থাকিলে, আঁঠুৰ আঘাতৰ ইতিহাস থাকিলে যেনে মিনিস্কাছ বা লিগামেণ্টৰ আঘাত৷ আগতে যদি অস্ত্রোপচাৰৰ ইতিহাস থাকে৷ আঁঠুৰ বা গাঁঠিৰ অন্য ৰোগ যেনে মিনিস্কাছ বা লিগামেণ্টৰ আঘাত৷ আগতে যদি অস্ত্রোপচাৰৰ ইতিহাস থাকে৷ আঁঠুৰ বা গাঁঠিৰ অন্য ৰোগ যেনে ৰিডমেটয়ৰ আর্থাইচিছ বা গাউট থাকিলে৷
ইয়াৰ লক্ষণ হল তীব্র আৰু মধ্যমীয়া জটিল গাঁঠিৰ বিষ৷

চলাচল কৰোঁতে জটিলতা আৰু জঠৰতা৷ পকা বা মাটিৰ পৰা ওপৰত বহিলে অসুবিধা পোৱা৷ চিৰিত উঠা–নমা কৰোঁতে অসুবিধা পোৱা৷ চিকিৎসা আৰম্ভ কৰাৰ আগতে শাৰীৰিক পৰীক্ষা–নিৰীক্ষা তথা যাৱতীয় লেবৰেটৰী পৰীক্ষাসমূহ যেনে এক্স ৰে নিতান্তই প্রয়োজনীয়৷ মুখেৰে খোৱা দৰব, কার্টিলেজ গঠন কৰা, দৰব, হাডৰ কেলচিয়াম নহলে বিষ নিৰাময়ক বেজী দিয়া হয়৷ তাৰ লগত ব্যায়াম অতি প্রয়োজন৷ নিয়মিত ব্যায়াম কৰি থাকিলে মাংসপেশী সবল হৈ থাকে৷ যেনে এডব্লিউডি, ডব্লিউএএক্স থেৰাপীৰ দ্বাৰা বিষৰ উপশম হয়৷ যদি দৰৱ আৰু ব্যায়াম বা ফিজিথেৰাপী কৰি বিষ উপশম নহয়, তেতিয়া অস্ত্রোপচাৰ কৰা হয়৷

ই দুই ধৰণৰ এইচ টি অ(High Tibial Osteotomy) আৰু টি কে আৰ(Total Knee Replacement)৷ শাৰীৰিক দিহা–পৰামর্শ যেনে মাটিত বহি কাম কৰিবলৈ বাধা দিয়া হয়৷ বেছি চিৰি উঠা–নমা কৰা বেয়া৷ কর্মত থাকিলে আঁঠুৰ ব্যৱহাৰ কৰিব দিয়া হয়৷

You May Also Like

More From Author