16.6 C
Assam
Tuesday, November 29, 2022

Featured News

নগাঁৱৰ জামুগুৰি দঘাট চুবুৰীৰ ২৪০ বছৰীয়া নামঘৰৰ প্ৰতিষ্ঠা দিৱস

নগাঁৱৰ জামুগুৰি দঘাট চুবুৰীৰ ২৪০ বছৰীয়া নামঘৰৰ প্ৰতিষ্ঠা দিৱস

15-year-old government vehicles will be scrapped: Nitin Gadkari

Union minister Nitin Gadkari today (November 25)...

কেঁচা পনীৰ খালে হয় এই চাৰিটা লাভ, নিয়ন্ত্ৰণত থাকে ওজন!

পনীৰ ভাৰতীয়সকলৰ প্ৰিয় ব্যঞ্জনবোৰৰ ভিতৰত অন্যতম। পনীৰ...

পাথৰি ৰোগৰ মহৌষধী!

Assamese Newsপাথৰি ৰোগৰ মহৌষধী!

আজিকালি ঘৰে ঘৰে   পাথৰি ৰোগ (Stone disease)বিশেষকৈ  মুত্ৰাশয়,বৃক্ক,আৰু পিত্ত পাথৰি ৰোগে ঘৰে ঘৰে বিয়পি পৰিছে — যাৰ ফলত  বহুতো জীয়াতু ভোগাৰ লগতে   নানা চিকিত্সাৰে  ধন খৰছ কৰি দেহটোকো ঘুণীয়া কৰিবলগীয়া  হয় ।
            ইয়াৰ নিৰাময়ৰ বাবে প্ৰকৃতি প্ৰদত্ত  বনদৰৱ – পাতেগজা বা দুপৰটেঙাৰ  বিষয়ে জানো আহক ।
         পাতে গজা   আমি প্ৰায় সকলোৱে চিনি পাওহঁক ।  ইয়াৰ আচৰিত গুণটো হল  ইয়াৰ পাত এখিলা মাটিত পেলাই থলে  কিছুদিন পিচত পাতৰ কাষে কাষে থকা খাজকটা  কোণে কোণে  নতুন গছপুলি গজি উঠে । সেয়ে ইয়াক পাতে গজা বোলে । আনহাতে  দুপৰীয়া ইয়াৰ পাত টেঙা হয় বাবে ইয়াক দুপৰ টেঙাও বোলে । সেয়ে ইংৰাজীত এই গছজোপাক  Miracle plant/Air plant/Leaf of life/Goethe plant/ Cathadral bells আদি নানা নামেৰে পৰিচিত । বৈ : নাম -Bryophyllium pinnatum
         পাথৰ ৰোগ দুৰ হয় বাবে হিন্দীত “”পাথৰ চুড়””” “”পাথৰচত্তা””,  বিষনাশক গুণৰ বাবে “” দৰ্দ মাৰ””   বঙালীভাষাত “”পাথৰকুচী””  আদি নামেৰে  জনাজাত ।   ভাৰতৰ লগতে বিভিন্ন দেশত এই গছ সহজলভ্য  আৰু ইয়াৰ   অনেক গুণাগুনৰ বাবে   গছজুপীক বৰ আদৰ যতনেৰে  ৰোৱা হয় ।  পিছে  বাগিচাত ৰূই  শুৱনি  কৰি  থোৱাই নহয়   ইয়াৰ   গুণাগুন জানি   যথোচিত ব্যৱহাৰ কৰাটোহে   আৱশ্যক ।


#গুণাগুণ ~~~~~
   মুত্ৰাশয়  বা বৃক্ক  নাইৱা  পিত্তথলীত  হোৱা
      পাথৰ  ৰোগৰ  পৰা হাত সাৰিবলৈ  বা এই ৰোগত   ভোগা ব্যক্তিয়ে  ৰোগ ধৰা পৰাৰ লগে লগে  পাতেগজা পাতৰ ৰস ২-৩খিলাকৈ  চোবাই নাইবা ৰস উলিয়াই  দিনে   দুবাৰকৈ একেৰাহে ২১দিন খালে  পাথৰ গলি প্ৰশ্ৰাৱত ওলাই যায় ।    ইয়াৰ  ডাল ,পাত ,শিপা  পানীত   উতলাই  ৪ভাগ পানীৰ ১ ভাগ  থকাত  নমাই ঠান্তা হলে দিনে দুবাৰকৈ খাব পাৰে ।   দিনটোত যথোচিত মাত্ৰাত পানী সেৱন কৰিব ।  প্ৰশ্ৰাৱ ৰঙচুৱা হলে  কুহিয়াৰ ,ডাৱৰ পানী আদি খাব পাৰে ।
       শিলিখা ,আমলখি ,চালকুৱৰী, (Aloevera), অশ্বগন্ধা, পুৰণি কোমোৰা , টিয়হ , গাজৰ, পটল ,   পুৰণি চাউলৰ ভাত  লঘুপাক আহাৰ উপকাৰী, ।
       ইযাৰ বীপৰিতে মাছ মাংস , মচলা গুৰুপাক আহাৰ ,   অতিভোজন  , বিৰুদ্ধ  বা অপৰিস্কাৰ আহাৰপানী  খোৱা  ,বেচিকৈ নেমুৰস  খোৱা,  অধিক পৰিশ্ৰম , চাইকেল চলোৱা , বেচিকৈ বাহনত উঠা আদি  এৰাই চলিব।
  ➡  (   ৰোগৰ চৰম পৰ্যায়ত   এই দিহাৰে আৰোগ্য নহলে চিকিত্সকৰ সহায় নিশ্চয় লব ।)


  ✅     #পাতেগজাৰ_অন্যান্য_গুণসমুহ
       পাতেগজাৰ  এন্টি ভাইৰেল, এন্টিবেক্টেৰিয়েল,  এল্টি এলাৰ্জিক ,এন্টিডায়েবেটিক  গুণৰ  লগতে ,  হাপানী ,ব্ৰঙ্কাইটিচ, কৰ্কট , মধুমেহ , আৰ্থাৰাইটিচ ,বাতবিষ আদি  ৰোগৰ প্ৰতিৰোধক  গুণ আছে ।
      ✔  ১ ।  পাতেগজা পাতে প্ৰশ্ৰাৱৰ  যিকোনো বিকাৰ দুৰ জৰে ।
   ✔     ২।  নিয়মিতকৈ  পাতেগজা  খালে  দেহৰ ভিতৰত থকা  বিভিন্ন অলাগতিয়াল পদাৰ্থ   ৰোগ বীজানু  আদি  বাহিৰ হয়।
    ✔    ৩।  মুৰৰ বিষত  ইয়াৰ ৰস ১-২চামুচ বা দুখিলা পাত চোবাই খোৱাৰ লগতে মুৰত সানিলে উপসম হয়
    ✔    ৪।   #মধুমেহ_ৰোগত  শৰ্কৰা নিয়ন্ত্ৰন কৰে ।
     ✔   ৫।   #গৰ্ভৱতী_মাতৃ  আৰু গৰ্ভস্ত সন্তানক  সুৰক্ষিত ৰাখে ।  দিনে এখিলা  ১চামুচ মৌ মিহলাই খাব ।
     ✔   ৬। হাপানী /এস্থমা ৰোগত পাতেগজা উপকাৰী
      ✔  ৭। বাতবিষ , চকুৰ বিষ ,  আদিৰ বাবেও পাতেগজা উপকাৰী ।
      ✔  ৮।  #উচ্চ_ৰক্তচ্চাপ  ,হৃদযন্ত্ৰৰ  ৰোগীৰ  বাবে হিতকাৰী।
       ✔ ৯ ।  হাগনী  ,আমাসয়, তেজ হাগনী ,কলেৰা বা  পেটৰ  বিভিন্ন ৰোগত পাতেগজা   পাতৰ ৰসে ভাল ফল দিয়ে
        ২চামুচ ৰসত ১-২ গ্ৰাম জিৰাগুৰি মিহলাই   গৰম পানীৰে খাব  ।
       ✔ ১০। #পাইল্ চ  বা অৰ্শ  ৰোগীয়ে দুচামুচ ৰস আকনমান জালুকৰ গুৰিৰে   দিনে দিনে  দুই তিনিবাৰকৈ   কিছুদিন খালে  উপসম হয় ।
        ✔১১। দেহত   ঘা , ফোহোৰা ,  ব্ৰন ,পকতীয়া আদি হলে  পাতেগজা খোৱাৰ লগতে    ঘা ফোহোৰাত লেপ দিলে সোনকালে আৰোগ্য হয় ।
       ✔ ১২। #মৃগীৰোগত আক্ৰান্ত হোৱা সময়ত
        ২চামুচ ৰস খুৱালে   ভাল ফল দিয়ে ।
      ✔  ১৩। #জন্ডিচ আৰু লিভাৰ ৰোগত পাতেগজা
        বৰ উপকাৰী ।
       ✔ ১৪। পাতেগজাই তেজ পৰিস্কাৰ কৰে ।
        ✔১৫। শৰীৰৰ  জলাপোৰাত  ইয়াৰ ৰস খালে  আৰু গাত সানিলে  উপসম হয় ।
       ✔ ১৬ ।  শিশুৰ পেটৰবিষ হলে  পাতেগজা  থেতেলাই  পেটত সানি বা লেপ লগালে অৰোগ্য হয় ।
      ( সকলো ধৰনৰ পেটৰ বিষত উপসম নহব পাৰে )


   
✅  দেখিলেনে  বন্ধুসকল  ,
      পাতেগজা বা দুপৰটেঙা গছজুপীৰ কিমান  গুণ ?
      গতিকে  বাগিচাত ৰুই থোৱাই নহয় । মাজে মাজে নিশ্চয় খাব । ৰোগ থাকক বা নাথাকক   কেচাই , গৰম পানীত মিহলাই , ৰান্ধি বা  শাকৰ লগত মিহলাই  যেনেকৈয়ে নাখাওক  নিৰ্ভয়ে খাব পাৰে ।
    ♿    পাতেগজাৰ  পাৰ্শ্বক্ৰিয়া    নাই   যদিও চিকিৎসাধীন ৰোগীয়ে  আন কোনো  ঔষধৰ লগত একে সময়ত নাখাব ।
       আপোনাৰ বাৰীত যদি পাতেগজা নাই   বিচাৰি  আনি   নিশ্চয় ৰুব ।

আপোনাসৱৰ সুস্বাস্থ্য কামনাৰে
               শ্ৰী যতীন দাস । মালয়বাৰী,
                 কামৰুপ -ম,  অসম ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: