ক্ৰীড়াক্ষেত্ৰত পুনৰ উজলিল অসমৰ সন্তান । নৱবৰ্ষৰ প্ৰাকক্ষণত ৰাজ্যবাসীৰ বাবে সুখবৰ কঢ়িয়াই আনিছে যোৰহাট জিলাৰ এগৰাকী যুৱতীয়ে । তিতাবৰৰ বৰহোলাৰ অতি দৰিদ্ৰ পৰিয়ালৰ প্ৰিয়ংকা সোণোৱালে এইবাৰ ৰাষ্ট্ৰীয় মুৱাই থাই প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব অৰ্জন কৰি আঁজুৰি আনিলে সোণৰ পদক।
বৰহোলাৰ উদয় নগৰ নামৰ অতিকৈ পিছপৰা গাঁওখনৰ যুৱতী প্ৰিয়ংকাৰ এই সফলতাত এতিয়া স্বাভাৱিকতেই উৎফুল্লিত হৈ পৰিছে সমগ্ৰ গাঁওবাসী । নগাবাট বেকাজান মুৱাই থাই ক্লাৱৰ প্ৰশিক্ষক বিজু চুতীয়া আৰু শান্তনু ৰাজখোৱাৰ নেতৃত্বত প্ৰশিক্ষণ গ্ৰহণ কৰা প্ৰিয়ংকাই পোৱা নাছিল কোনোধৰণৰ আধুনিক সা-সুবিধা । ক্ৰীড়াৰ কোনো ধৰণৰ আন্তঃগাঁঠনি নথকা স্বত্বেও প্ৰিয়ংকাই সম্পূৰ্ণ একক প্ৰচেষ্টাৰে এনে সাফল্য লাভ কৰাত সন্তোষ প্ৰকাশ কৰিছে প্ৰশিক্ষকদ্বয়ে ।
প্ৰিয়ংকাই মণিপুৰৰ ইম্ফলত ৰাষ্ট্ৰীয় মুৱাই থাই প্ৰতিযোগিতাৰ ৪২ কিলোগ্ৰাম শাখাত দেশৰ কেইবাগৰাকী আগশাৰীৰ প্ৰতিযোগীক পৰাভূত কৰি লাভ কৰিছে এই সফলতা । বুধবাৰে অঞ্চলবাসীয়ে প্ৰিয়ংকাক উষ্ম আদৰণি জনাই গাঁৱৰ মাজেৰে বাহিৰ কৰে এক বিজয় সমদল । অতি সম্ভাৱনাপূৰ্ণ খেলুৱৈ গৰাকীয়ে চৰকাৰৰ সহায় সহযোগিতা লাভ কৰিলে আৰু অধিক সফলতা লাভ কৰি দেশলৈ পুনৰ গৌৰৱ কঢ়িয়াব বুলি গাঁওবাসীয়ে আশা প্ৰকাশ কৰিছে ।