চাৰিকড়ীয়াৰ পাৰত শোকাকুল পৰিৱেশত দুর্ভগীয়া নন্দিতাৰ শেষকৃত্য

0 min read

অন্ত পৰিল এক প্রচুৰ সম্ভাৱনাৰ৷ দাওদাওকৈ জ্বলি উঠিল চিতাৰ অগ্ণিশিখা৷ সপোনবোৰ সপোন হৈয়ে ৰ’ল৷ ঢ়কুৱাখনাৰ চিৰপ্রবহমান চাৰিকডীয়া নৈৰ পাৰৰ ৰাজহুৱা শ্মশানত জ্বলি উঠা চিতাৰ জুই দেখি ৰ’ব নোৱাৰিলে তেওঁৰ পৰিয়াল, আত্মীয়–স্বজন আৰু ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ অধ্যাপক তথা ছাত্র–ছাত্রীসকল৷যোৱা ২১ আগষ্টত দিন–দুপৰতে বর্বৰ আক্রমণৰ বলি হৈ চাৰি দিনকৈ ডিব্রুগডৰ এখন ব্যক্তিগত চিকিৎসালয়ত জীৱন–মৃত্যুৰে যুঁজি যুঁজি অৱশেষত কালি মৃত্যুৰ ওচৰত হাৰ মনা প্রতিভাৱান ছাত্রী নন্দিতা শইকীয়াৰ অন্ত্যেষ্টিক্রিয়া বুধবাৰে এনেদৰেই সম্পন্ন হ’ল ঢ়কুৱাখনাত৷ বুধবাৰে নিশা ১০মান বজাত নন্দিতাই অধ্যয়ন কৰা মৰিধল মহাবিদ্যালয়ৰ পৰা ঢ়কুৱাখনাৰ কাঠৰবাৰীস্থিত স্বগৃহত নশ্বৰ দেহ আহি পোৱাৰ লগে লগেই সমগ্র ঢ়কুৱাখনাতে শোকাকুল পৰিৱেশে বিৰাজ কৰে৷

ইয়াৰ পাছতে প্রতিভাৱান ছাত্রীগৰাকীৰ নশ্বৰ দেহত সদৌ অসম ছাত্র সন্থা, অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদ, মৰিধল মহাবিদ্যালয়ৰ পৰিয়ালবর্গ, মহাবিদ্যালয় ছাত্র একতা সভা, কোচ ৰাজবংশী ছাত্র সন্থা, নৱ কাঠৰবাৰী আৰু আমকটীয়া গাঁও যুৱ সংঘকে ধৰি বিভিন্ন দল–সংগঠন, নন্দিতাৰ আত্মীয় স্বজন, শুভাকাংক্ষীয়ে পুষ্পমাল্যৰে শেষ শ্রদ্ধাঞ্জলি জনায়৷ ইয়াৰ পাছতেই বুধবাৰে মাজনিশাই অগণন লোকৰ উপস্থিতিত ধর্মীয় নীতি–নিয়ম পালন কৰি চিৰপ্রবহমান চাৰিকডীয়া নৈৰ পাৰৰ ৰাজহুৱা শ্মশানত শেষকৃত্য সম্পন্ন কৰা হয়৷ উল্লেখ্য যে যোৱা ২১ আগষ্টৰ বিয়লি প্রায় ৪ বজাত ধেমাজি চহৰৰ মাজমজিয়াত সংঘটিত হৈছিল উক্ত জঘন্য কাণ্ড৷ ধেমাজি সদৰ থানাৰ পৰা প্রায় এশ মিটাৰ দূৰত্বৰ এ এছ টি চি বাছ আস্থানৰ সমীপৰ ড্রাগ্ হাউছ নামৰ ফার্মাচীখনৰ সন্মুখত মৰিধল কলেজৰ কর্মচাৰী ৰিণ্টু শর্মাই কলেজৰে ছাত্রী তথা ঢ়কুৱাখনাৰ কাঠৰবাৰীৰ নবীন শইকীয়া আৰু পুতু শইকীয়াৰ কন্যা নন্দিতা শইকীয়া, তেওঁৰ সহপাঠী কাস্মিনা দত্ত আৰু কাস্মিনাৰ পিতৃ দেৱ দত্তক চোকা দাৰে মূৰ–পিঠিত উপর্যুপৰি ঘপিয়াই আক্রমণ কৰিছিল৷ ঘটনাত কাস্মিনা আৰু তেওঁৰ পিতৃ আঘাতপ্রাপ্ত হোৱাৰ লগতে নন্দিতাৰ অৱস্থা অতি সংকটজনক হৈ পৰিছিল৷

ইফালে এগৰাকী বিনয়ী নিৰীহ ছাত্রীৰ জীৱন কাঢ়ি নিয়া হত্যাকাৰী ৰিণ্টু শর্মাক মৃত্যুদণ্ডৰে দণ্ডিত কৰাৰ দাবীৰে আজি বিভিন্ন দল–সংগঠনৰ প্রতিবাদত উত্তাল হৈ পৰিল ঢ়কুৱাখনা৷ঢ়কুৱাখনা আঞ্চলিক ছাত্র সন্থা, অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ ঢ়কুৱাখনা আঞ্চলিক সমিতি, কোচ ৰাজবংশী ছাত্র সন্থা, ঢ়কুৱাখনা ব্যৱসায়ী সন্থাৰ নেতৃত্বত বিভিন্ন দল–সংগঠন তথা স্বতঃস্ফূর্তভাৱে ওলাই অহা অগণন লোকে ঢ়কুৱাখনা নগৰ চাৰিআলিত দুপৰীয়াৰ ১১ বজাৰ পৰা এক প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰে৷ নন্দিতাক ন্যায় দিয়ক, নৰপিশাচ হত্যাকাৰী ৰিণ্টু শর্মাক ফাঁচি দিয়ক, আমাক ন্যায় লাগে, নাৰীক সুৰক্ষা দিয়ক আদি শ্লোগানেৰে প্রায় ১ ঘণ্টা ঢ়কুৱাখনা নগৰৰ পৰিৱেশ উত্তাল কৰি তোলে৷ সমগ্র হত্যাকাণ্ডৰ চৰকাৰে ফাষ্ট ড্রেক আদালতৰ জৰিয়তে ক্ষিপ্রতাৰে বিচাৰ কৰি শাস্তিৰ দাবী জনায়৷

নন্দিতা শইকীয়াৰ মৃত্যুত কেবিনেটৰ শোকঃ ফাষ্ট ট্রেক ক’টত বিচাৰৰ নির্দেশঃ জি পি সিঙক তদন্তৰ দায়িত্ব
ধেমাজি জিলাৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্রী নন্দিতা শইকীয়াৰ মৃত্যুত অসম মন্ত্রীসভাৰ কেবিনেট বৈঠকে গভীৰ শোক প্রকাশ কৰে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত আজি অনুষ্ঠিত কেবিনেট বৈঠকৰ আৰম্ভণিতে ছাত্রীগৰাকীৰ দুর্ভাগ্যজনক মৃত্যুৰ ঘটনাত শোক প্রকাশ কৰি সমগ্র ঘটনাটোৰ এটা খৰতকীয়া তদন্ত কৰাৰ লগতে ফাষ্ট ট্রেক ক’টত ঘটনাৰ বিচাৰ কৰাৰ বাবে চৰকাৰে নির্দেশ দিয়ে৷ তদুপৰি অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্রধান জি পি সিঙক তদন্ত প্রক্রিয়াটোৰ তদাৰক কৰিবলৈ বিশেষভাৱে দায়িত্ব অর্পণ কৰে৷ কেবিনেট বৈঠকে ছাত্রীগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে দোষীক আইন অনুসৰি দৃষ্টান্তমূলক শাস্তি প্রদান কৰাৰ পোষকতা কৰে৷

নন্দিতা শইকীয়াৰ নৃশংস হত্যাকাণ্ডৰ বিৰুদ্ধে শিৱসাগৰত প্রতিবাদ

ফুল আৰু কবিতাৰ মাজেৰে জীৱনটোক জুমি চোৱাৰ সময়তেই মানুহৰূপী দানৱ ৰিণ্টু শর্মাৰ জিঘাংসাৰ বলি হৈ অচিন তৰাৰ দেশলৈ গুচি যোৱা ধেমাজিৰ মৰিধল কলেজৰ মেধাৱী ছাত্রী নন্দিতা শইকীয়া হত্যাকাণ্ডৰ বিৰুদ্ধে ৰাজ্যৰ অন্যান্য প্রান্তৰ লগতে শিৱসাগৰতো আজি তীব্র প্রতিবাদ সাব্যস্ত কৰে বিভিন্ন দল–সংগঠনে৷ অসমবাসীৰ হাজাৰ প্রার্থনা আওকাণ কৰি অজান্তিমুলুকলৈ গতি কৰা দুর্ভগীয়া নন্দিতা শইকীয়াৰ হত্যাকাৰী ৰিণ্টু শর্মাক শীঘ্রেই ফাঁচি দিয়াৰ দাবীত আজি শিৱসাগৰ জিলা উপায়ুক্ত কার্যালয়ৰ সন্মুখত অৱস্থান ধর্মঘট কার্যসূচী ৰূপায়ণ কৰে ঐক্য সেনা, অসম নামৰ জাতীয় সংগঠনটোৰ কর্মীসকলে৷ হত্যাকাৰীৰ কঠোৰ শাস্তি আৰু নাৰীৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবীত ৰূপায়ণ কৰা অৱস্থান ধর্মঘট কার্যসূচীত সংগঠনটোৰ লগত জাগৃতি মহিলা সমাজৰ লগতে কেইবাটাও অনুষ্ঠানৰ বিষয়ববীয়াই অংশগ্রহণ কৰি নন্দিতাৰ ন্যায় বিচাৰি তীব্র প্রতিবাদ সাব্যস্ত কৰে৷ এঘণ্টাজোৰা এই ধর্মঘট কার্যসূচীত ঐক্য সেনা, অসমৰ শতাধিক কর্মী তথা বিষয়ববীয়াই হাতে হাতে প্লেকার্ড লৈ হত্যাকাৰীক ফাঁচি দিয়ক, নাৰী সুৰক্ষা আইন কার্যকৰী কৰক আদি শ্লোগান দি উত্তাল কৰি তোলে জিলা উপায়ুক্তৰ কার্যালয়ৰ সন্মুখৰ পৰিৱেশ৷ প্রতিবাদকাৰীসকলে নৰাধম ৰিণ্টুক ফাষ্ট ড্রেক আদালতত বিচাৰ কৰাৰ দাবী উত্থাপন কৰাৰ লগতে দৰিদ্র পৰিয়ালটোক উপযুক্ত ক্ষতিপূৰণৰ দাবীও তোলে ঐক্য সেনা, অসমে৷

শ্রদ্ধাঞ্জলিৰ পৰা ওভতাৰ পথত দুর্ঘটনাত নিহত যুৱ–ছাত্রৰ চিলাপথাৰৰ সভাপতি অনুপম বৰুৱা
কালি নিশা প্রায় চাৰে ন বজাত সংঘটিত এক পথ দুর্ঘটনাত অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ চিলাপথাৰ আঞ্চলিক সমিতিৰ সভাপতি অনুপম বৰুৱাৰ শোকাৱহ মৃত্যু ঘটা ঘটনাই সমগ্র চিলাপথাৰত শোকৰ ছাঁ পেলাইছে৷ জানিব পৰা অনুসৰি কালি ডিব্রুগডত মৃত্যু হোৱা মৰিধল মহাবিদ্যালয়ৰ ছাত্রী নন্দিতা শইকীয়াৰ শ্রদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্রহণ কৰি মৰিধলৰ পৰা চিলাপথাৰৰ বৰপথাৰত থকা ঘৰলৈ আহি থকা অৱস্থাত ঘৰৰ পৰা কিছু দূৰৈত মটৰচাইকেল দুর্ঘটনাত পতিত হয় ছাত্র নেতাগৰাকী৷ পৰিয়ালৰ লোকে ততাতৈয়াকৈ চিকিৎসাৰ বাবে ডিব্রুগডলৈ নিয়ে যদিও আজি পুৱা অনুপমৰ মৃত্যু হয়৷ ইফালে আজি আবেলি প্রায় ২.৩০ বজাত নেতাগৰাকীৰ মৃতদেহ চিলাপথাৰলৈ অনা হয়৷ ছাত্র নেতাগৰাকীৰ নশ্বৰ দেহ চিলাপথাৰ আহি পোৱাৰ লগে লগে অসংখ্য গুণমুগ্ধই নেতাগৰাকীক শেষ শ্রদ্ধা জ্ঞাপন কৰে৷ চিলাপথাৰত উপস্থিত হোৱাৰ পাছত অনুপমৰ মৃতদেহ সমদল কৰি সংগঠনটোৰ চিলাপথাৰ আঞ্চলিক সমিতিৰ কার্যালয়লৈ নিয়া হয়৷ তাতো সংগঠনৰ কর্মীসকলে সংগঠনৰ পতাকাৰে মৃতদেহ ঢ়াকি নেতাগৰাকীৰ প্রতি অন্তিম শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ সৰবৰহী আৰু অমায়িক স্বভাৱৰ যুৱকজনৰ আকস্মিক বিয়োগত সমগ্র চিলাপথাৰ নগৰ শোকস্তব্ধ হৈ পৰিছে৷ ইয়াৰ পাছতে অনুপমৰ মৃতদেহ তেওঁৰ নিজা ঘৰলৈ লৈ যোৱা হ’ব আৰু তাতেই তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ’ব৷
নন্দিতাক ন্যায়ৰ দাবীত ধেমাজিত মহাবিদ্যালয়ৰ শিক্ষার্থীৰ মৌন সমদল
নৃশংস হত্যাৰ বলি হোৱা মৰিধল মহাবিদ্যালয়ৰ মেধাৱী ছাত্রী নন্দিতা শইকীয়াৰ ন্যায়ৰ দাবীত আজি ধেমাজিত মহাবিদ্যালয়ৰ শিক্ষার্থীয়ে মৌন সমদল কৰি প্রতিবাদ সাব্যস্ত কৰে৷ সন্ধিয়া প্রায় ছয় বজাত ধেমাজি নগৰ থানা তিনিআলিৰ শ্বহীদ বেদী প্রাংগণৰ পৰা নগৰখনৰ মাজেৰে ধেমাজি, মৰিধল, ধেমাজি বাণিজ্য মহাবিদ্যালয় আৰু হার্হি মহাবিদ্যালয় ছাত্র একতা সভাৰ উদ্যোগত প্রয়াত নন্দিতা শইকীয়াৰ ন্যায়ৰ দাবীত মৌন সমদলেৰে প্রতিবাদ জনোৱা হয় ৷ সমদলৰ অন্তত ধেমাজি মহাবিদ্যালয়ৰ ছাত্র একতা সভাৰ সভাপতি জাচিংফা গগৈয়ে আঁত ধৰা প্রতিবাদী সভাত সদৌ ধেমাজি জিলা ছাত্র সন্থাৰ সভাপতি দীপক শর্মাই নন্দিতা শইকীয়াৰ মৃত্যুত সমগ্র অসমৰ ছাত্র সমাজ শোকত ভাগি পৰিছে বুলি কয়৷ সভাপতি দীপক শর্মাই মহাবিদ্যালয়ৰ ইউনিফর্মত থকা এগৰাকী ছাত্রীক বর্বৰভাৱে হত্যা কৰা হ’ল বুলি ক্ষোভ প্রকাশ কৰি ঘটনাৰ লগত জডিত ৰিণ্টু শর্মা নামৰ ব্যক্তিজনক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্রদান কৰিবই লাগিব বুলি দাবী কৰে৷ ছাত্র সমাজৰ প্রতিবাদৰ ওচৰত সেও মানি চৰকাৰে আজি ফাষ্ট ড্রেক আদালতত এই ঘটনাৰ বিচাৰ কৰা কথা কৈছে, এয়া কেৱল ঘোষণাতে নাথাকি গৃহ বিভাগে অতি সোনকালে চাজশ্বীট প্রদান কৰি বিচাৰ প্রক্রিয়া আৰম্ভ কৰাৰ দাবী জনায়৷

ছাত্র নেতাজনে চিকিৎসাধীন কাস্মিনা দত্ত আৰু তেওঁৰ পিতৃ দেৱ দত্তৰ উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ অসম চৰকাৰক দাবী জনায় ৷ সভাত ধেমাজি মহাবিদ্যালয়ৰ ছাত্র একতা সভাৰ সভানেত্রী জাচিংফা গগৈয়ে নন্দিতাৰ মৃত্যুৰ পাছত একাংশ সংবাদ মাধ্যমে নন্দিতা আৰু ঘাটক ৰিণ্টুক লৈ অতি নিকৃষ্ট মানৰ বাতৰি প্রচাৰ কৰি থকা বুলি ক্ষোভ প্রকাশ কৰি এনেধৰণৰ বাতৰিয়ে নন্দিতাক ন্যায় দিয়াৰ পৰিৱর্তে এনে ধৰণৰ ঘটনাক উদগনিহে যোগাব বুলি ব্যক্ত কৰে৷ মৰিধল মহাবিদ্যালয়ৰ ছাত্র একতা সভাৰ সাধাৰণ সম্পাদক দীপক দত্তই অনতিপলমে নন্দিতাৰ হত্যাকাৰীক দৃষ্টান্তমূলক শাস্তি দিবলৈ দাবী জনায়৷ প্রতিবাদী সভাত ধেমাজি আঞ্চলিক ছাত্র সন্থাৰ ভাৰপ্রাপ্ত সভাপতি ভূপেন শইকীয়া, সাধাৰণ সম্পাদক কৰুণজ্যোতি চেতিয়া, ধেমাজি বাণিজ্য মহাবিদ্যালয় ছাত্র একতা সভাৰ সভানেত্রী লীনা কাকতি, ধেমাজি বাণিজ্য মহাবিদ্যালয় ছাত্র একতা সভাৰ সাধাৰণ সম্পাদক যদু পাংগিং, হার্হি মহাবিদ্যালয় ছাত্র একতা সভাৰ সভাপতি অবিনাশ শইকীয়া, সম্পাদক পিংকু গোস্বামীৰ লগতে দুই শতাধিক ছাত্র–ছাত্রী উপস্থিত থাকে৷ ইফালে, ধেমাজি জিলা আছুৰ আহ্বানত জিলাখনৰ প্রতিখন আঞ্চলিক সমিতিৰ লগতে ধেমাজি নগৰৰ থানা তিনিআলিৰ শ্বহীদ বেদী প্রাংগণত প্রয়াত নন্দিতা শইকীয়ালৈ শ্রদ্ধাঞ্জলি জনায়৷

You May Also Like

More From Author