পুত্র নীল নক্ষত্রসহ চিকিৎসক জ্যোতির্ময় দাসক গ্রেপ্তাৰ এছআইটিৰ

0 min read

ৰাষ্ট্রীয় পর্যায়ৰ যুটীয়া প্রৱেশ পৰীক্ষাত (জেইই) ধনৰ বিনিময়ত ভাৰাতীয়া পৰীক্ষার্থী বহুৱাই চৰম জালিয়াতি সংঘটিত কৰা চিকিৎসক জ্যোতির্ময় দাস আৰু পুত্র নীল নক্ষত্র দাসসহ পাঁচজন লোকক আজি মহানগৰীৰ আজাৰা আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷ গ্রেপ্তাৰ হোৱা বাকী লোক তিনিজন হ’ল– হেমেন্দ্র নাথ শর্মা, প্রাঞ্জল কলিতা আৰু হিৰুকমল পাঠক৷ ধনৰ বিনিময়ত ভাৰাতীয়া পৰীক্ষার্থীয়ে জেইইৰ অনলাইন পৰীক্ষা দিয়া চাঞ্চল্যকৰ ঘটনা সন্দর্ভত আজাৰা থানাত ভাৰতীয় দণ্ডবিধিৰ ১২০ (খ)/৪১৯/৪২০ আৰু তথ্য–প্রযুক্তি আইনৰ আৰ ডব্লিউ ৬৬ ডি ধাৰাৰ অধীনত ৰুজু কৰা ৬২৪/২০ নম্বৰৰ গোচৰত আটাইকেইজন লোকক গ্রেপ্তাৰ কৰা হৈছে৷ উল্লেখ্য যে যোৱা ৫ ছেপ্টেম্বৰত মহানগৰীৰ বৰঝাৰস্থিত ই–কম টাৱাৰৰ আই অ’ন ডিজিটেল জ’নত অনুষ্ঠিত চলিত বর্ষৰ জেইই (মেইন)ৰ অনলাইন পৰীক্ষাত ধনৰ বিনিময়ত উত্তীর্ণ হৈছিল ডাঃ জ্যোতির্ময় দাসৰ পুত্র নীল নক্ষত্র দাসে৷ মহানগৰীৰ ডাউন টাউন হাস্পতালৰ প্রসূতি বিভাগৰ চিকিৎসক জ্যোতির্ময় দত্তই পুত্র নীল নক্ষত্র দাসক অভিযন্তা হিচাপে গঢ়িবলৈ ৰাষ্ট্রীয় পর্যায়ৰ যুটীয়া প্রৱেশ পৰীক্ষাত পুত্রৰ হৈ ২০ লাখ টকাৰ বিনিময়ত ভাৰাতীয়া পৰীক্ষার্থী বহুৱাই অনৈতিক পন্থা হাতত লৈছিল৷ নীল নক্ষত্র দাসে নিজে পৰীক্ষা নিদিয়াকৈ উক্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে সর্বোচ্চ ৯৯.৮ শতাংশ নম্বৰ লৈ উত্তীর্ণ হৈছিল৷ এই জেইই কেলেংকাৰিৰ কথা নীল নক্ষত্রই নিজে ম’বাইল ফোনত এছএমএছ দি এজন বন্ধুক জনাইছিল৷

আনকি এই সম্পর্কীয় এটা অডিঅ’ ক্লিপ ছ’চিয়েল মিডিয়াত ভাইৰেল হয় য’ত পিতৃ ডাঃ জ্যোতির্ময় দাসে ভাৰাতীয়া পৰীক্ষার্থী বন্দোৱস্তি কৰি দিয়াৰ কথা নীল নক্ষত্রই বন্ধুজনক স্পষ্টকৈ উল্লেখ কৰিছে৷ এই কেলেংকাৰি সংঘটিত হৈছে বৰঝাৰস্থিত ই–কম টাৱাৰৰ আই অ’ন ডিজিটেল জ’নত৷ উক্ত কেলেংকাৰি ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে গুৱাহাটীৰ মথুৰা নগৰৰ মিত্রদেৱ শর্মা নামৰ এজন সচেতন নাগৰিকে যোৱা ২৩ অক্টোবৰত আজাৰা থানাত এজাহাৰ দাখিল কৰে৷ এই এজাহাৰৰ ভিত্তিত আজাৰা থানাত ৰুজু কৰা ৬২৪/২০ নম্বৰ গোচৰটোৰ তদন্ত আৰম্ভ কৰে৷ পৰৱর্তী সময়ত এই কেলেংকাৰিটোৰ গুৰুত্বৰ প্রতি লক্ষ্য ৰাখি মহানগৰ আৰক্ষীয়ে অতিৰিক্ত উপ–আৰক্ষী আয়ুক্ত সুপ্রতীপ লাল বৰুৱাৰ নেতৃত্বত বিশেষ তদন্তকাৰী গোট (এছ আই টি) গঠন কৰি দিয়ে৷ সুপ্রতীপ লাল বৰুৱা, উপ–আৰক্ষী আয়ুক্ত নৱনীত মহন্ত, অতিৰিক্ত আৰক্ষী আয়ুক্ত নন্দিনী কাকতি আৰু আজাৰা থানাৰ ভাৰপ্রাপ্ত বিষয়াই আজি আজাৰা থানাত ডাঃ জ্যোতির্ময় দাস আৰু নীল নক্ষত্র দাসক মুখামুখিকৈ বহুৱাই জেৰা কৰে৷ এছআইটিৰ জেৰাত পিতৃ–পুত্রই জেইইত জালিয়াতি কৰাৰ কথা স্বীকাৰ কৰে৷ পৰীক্ষাত নবহাকৈ ২০ লাখ টকাৰ বিনিময়ত এজন লোকক দেউতাকে পৰীক্ষা দিবলৈ বন্দোৱস্তি কৰা বুলি এছ আই টিৰ জেৰাত নীল নক্ষত্রই স্বীকাৰ কৰাৰ পিছতে মূল অভিযুক্ত নীল নক্ষত্র দাস, পিতৃ ডাঃ জ্যোতির্ময় দাসসহ পাঁচজন লোকক গ্রেপ্তাৰ কৰে৷ গ্রেপ্তাৰৰ পিছতে উপ–আৰক্ষী আয়ুক্ত নৱনীত মহন্তই সংবাদ মাধ্যমৰ আগত জেইই কেলেংকাৰিত পাঁচজন লোকক গ্রেপ্তাৰ কৰাৰ কথা সদৰী কৰে৷ ইয়াৰে হেমেন্দ্র নাথ শর্মা আই অ’ন ডিজিটেল জ’নত অনুষ্ঠিত পৰীক্ষা পৰিচালনাৰ দায়িত্বত আছিল৷ বাকী দুজন ক্রমে প্রাঞ্জল কলিতা আৰু হিৰুকমল পাঠকে উক্ত কেন্দ্রটোৰ কর্মচাৰী তথা পৰীক্ষা পৰিচালনাত হেমেন্দ্র নাথ শর্মাক সহায় কৰিছিল৷

জানিব পৰা মতে মহানগৰীৰ ডাউন টাউনৰ মথুৰা নগৰৰ বাসিন্দা তথা ডাউন টাউন হাস্পতালৰ প্রসূতি বিভাগৰ চিকিৎসক জ্যোতির্ময় দাস আৰু দিছপুৰ হাস্পতালৰ এনাস্থেছিয়া বিভাগৰ চিকিৎসক লক্ষী এছ দাসৰ পুত্র নীল নক্ষত্র দাস এজন মেধাৱী ছাত্র আছিল৷ নীল নক্ষত্রই মেট্রিকত ৯০ শতাংশ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৮৫ শতাংশ নম্বৰ লৈ উত্তীর্ণ হৈছিল৷ ইয়াৰ পিছতো মেধাৱী ছাত্রজনক নিজৰ মেধাৰ পৰিৱর্তে ভাল নম্বৰ লৈ পৰীক্ষাত উত্তীর্ণ নোহোৱাৰ আশংকাত চিকিৎসক দম্পতীয়ে ২০ লাখ টকাৰ বিনিময়ত ভাৰাতীয়া পৰীক্ষার্থী বন্দোৱস্তি কৰি অনৈতিক পন্থা গ্রহণ কৰে৷ এই দুষ্কার্যৰ পিছত একাংশ উচ্চ শিক্ষিত তথা অভিজাত পৰিয়ালৰ মানসিকতা কি পর্যায়লৈ গতি কৰিছে, সেয়া লজ্জাজনকভাৱে ওলাই পৰিছে৷ নিজ সন্তানক অভিযন্তা হিচাপে গঢ়ি তোলাৰ বাবে চিকিৎসক দম্পতীয়ে মেধাক গুৰুত্ব দিয়াৰ পৰিৱর্তে ধনৰ ব্যৱহাৰেৰে পৰীক্ষাত সুখ্যাতিৰে উত্তীর্ণ কৰোৱাৰ এই জালিয়াতি আৰক্ষীৰ তদন্তত পোহৰলৈ অহাত এই কেলেংকাৰিত এক ডাঙৰ চক্র জড়িত থকাৰ সন্দেহ কৰিছে এছ আই টিয়ে৷ উল্লেখ্য যে জেইই অৱতীর্ণ হোৱাৰ লক্ষ্যৰে নীল নক্ষত্রই মহানগৰীৰ আমবাৰীস্থিত মান্দভি এপার্টমেণ্টৰ তৃতীয় মহলাত থকা গ্ল’বেল এডুলাইট নামৰ প্রতিষ্ঠানত ক’চিং কৰিছিল৷ উক্ত কেলেংকাৰিত এই প্রতিষ্ঠানটো জড়িত থাকিব পাৰে বুলি মিত্রদেৱ শর্মাই এজাহাৰত উল্লেখ কৰিছে৷ লক্ষণীয়ভাৱে জেইই কেলেংকাৰি পোহৰলৈ অহাৰ পিছতে ভার্গৱ ডেকা মালিকানাধীন এই প্রতিষ্ঠানটোৰ কার্যালয় যোৱা দুদিন ধৰি বন্ধ হৈ আছে৷ প্রতিষ্ঠানটোৰ মেনেজাৰ ৰাহুল মেধিৰ ম’বাইল ফোনৰো ছুইচ অফ হৈ আছে৷ এপার্টমেণ্টত থকা অন্য প্রতিষ্ঠানৰ একাংশ কর্মচাৰীয়ে জনোৱা মতে ভার্গৱ ডেকা আৰু ৰাহুল মেধি আৰক্ষীৰ গ্রেপ্তাৰৰ ভয়ত পলাতক হৈ আছে৷ ইফালে, নীল নক্ষত্রৰ হৈ পৰীক্ষাত বহা পৰীক্ষার্থীজন আৰু আই অ’ন ডিজিটেল জ’নৰ স্বত্বাধিকাৰীজনো বর্তমান পলাতক হৈ আছে বুলি জানিব পৰা গৈছে৷

You May Also Like

More From Author