কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠনত সন্তুষ্টি প্ৰকাশ

কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠনত সন্তুষ্টি প্ৰকাশ

বিলাসীপাৰা প্ৰেছ ক্লাবত বুধবাৰে এক সংবাদমেল সমবোধন কৰে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাই(All Assam Nath Jogi Students Union) ৷ সংগঠনটোৰ ধুবুৰী, বঙাইগাঁও, বিলাসীপাৰা আৰু গোৱালপাৰা জিলা সমিতিয়ে যৌথভাৱে আয়োজন কৰে এই সংবাদমেলখন ৷

সংবাদমেলত সংগঠনটোৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক অৰবিন্দ নাথে কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ(Kamatapur Autonomous Council) গঠনত সন্তুষ্টি প্ৰকাশ কৰে যদিও নাথ যোগী জনগোষ্ঠীক পৰিষদত অন্তৰ্ভুক্ত কৰাৰ বাবে চৰকাৰক আহ্বান জনায় ৷ ইয়াৰোপৰি সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে কয় যে, কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ নাথ যোগীসকলৰ অতি কমেও তিনিগৰাকী প্ৰতিনিধিক অন্তৱৰ্তীকালীন পৰিষদত অন্তৰ্ভুক্ত কৰিব লাগে ।

যিসকল সদস্যই ইতিমধ্যে পৰিষদত শপত গ্ৰহণ কৰে, তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰে কৰ্মকৰ্তাসকলে । সংবাদ মেলত অসম চৰকাৰ(Assam Govt)ৰ কমতাপুৰ পৰিষদৰ আৰু নাথ যোগীসকলৰ মাজত এখন ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰাৰ বাবে দাবী জনায় । নাথ যোগীসকলৰ প্ৰধান দাবী অনুসৰি, উপ-গ্ৰহীয় স্বায়ত্ব শাসিত পৰিষদ সম্পৰ্কে বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব লাগে ৷

GTM Desk