কাকপথাৰ জাতীয় বিদ্যালয়ত বিশ্ব পৰিৱেশ দিৱস পালন

কাকপথাৰ জাতীয় বিদ্যালয়ত বিশ্ব পৰিৱেশ দিৱস পালন

তিনিচুকীয়া জিলাৰ কাকপথাৰ জাতীয় বিদ্যালয়ত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ কাকপথাৰ উন্নয়ন খণ্ডৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়।বিশ্ব পৰিৱেশ দিৱস উদযাপনৰ আৰম্ভনি কৰে মৰাণ নবোদয় বিদ্যালয়ৰ উপাধ্যক্ষ প্ৰশান্ত শইকীয়াই।

অনুষ্ঠানটোত উপস্থিত থাকে কাকপথাৰ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ভুগিল নেওগ, বিদ্যালয়খনৰ শিক্ষক ৰাজেন মৰাণ,মনোজ বুঢ়াগোহাঁই, সাঙবাদিক তথা শিক্ষক প্ৰাঞ্জল বৰুৱা আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সকল উপস্থিত থাকে।

মৰাণ নবোদয় বিদ্যালয়ৰ উপাধ্যক্ষ প্ৰশান্ত শইকীয়াই বক্তব্যত উল্লেখ কৰে যে ’আমাৰ সমাজৰ বাবে পৰিৱেশ সংৰক্ষণ অতিকে প্ৰয়োজন। পৃথিৱীখন আমাৰ ঘৰ।প্ৰতিটো দিশতে আমি পৰিৱেশ সঙৰক্ষণ কৰিব পাৰিলেহে আমাৰ পৰিৱেশ সবাঙ্গ সুন্দৰ হ’ব।’

GTM Desk

Related