মুছলপুৰত গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ মানৱ শৃংখল কাৰ্যসূচী

1 min read

সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ আহ্বানত বুধবাৰে বাক্সা জিলা গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ আহ্বায়ক সমিতিয়ে মুছলপুৰত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে । গৰিয়া-মৰিয়াসকলক ভূমিপুত্ৰ হিচাপে স্বীকৃতি দিয়া, জনগোষ্ঠীৰ মৰ্যাদা প্ৰদান কৰা, সুকীয়া জৰীপ আৰু চিনাক্তকৰণ প্ৰক্ৰিয়াৰে গৰিয়া-মৰিয়াসকলৰ মৰ্যাদা ৰক্ষা কৰাৰ দাবী জনায় সংগঠনটোৱে ।

“ধৰ্মীয় পৰিচয়ৰ সলনি জনগোষ্ঠীয় পৰিচয় আমাক লাগিবই”, “গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদ জিন্দাবাদ”, “আমাক জনগোষ্ঠীয় মৰ্যাদা প্ৰদান কৰক”, “ভূমিপুত্ৰসকল এক হওক” আদি বিভিন্ন শ্ল’গানৰে মুছলপুৰৰ আকাশ-বতাহ উত্তাল কৰি তোলে সংগঠনটোৰ কৰ্মকৰ্তাসকলে । ইয়াৰ পিছত সংগঠনটোৱে জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ সংগঠনটোৰ কেইবাটাও দাবী সম্বলিত এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে ।

এই মানৱ শৃংখল কাৰ্যসূচীত সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সহঃসাধাৰণ সম্পাদক জালালুদ্দিন আহমেদ, বাক্সা জিলা সমিতিৰ সভাপতি আজিজুল হক, সাধাৰণ সম্পাদক আতিকুৰ ৰহমানকে ধৰি সংগঠনটোৰ কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে । গৰিয়া-মৰিয়াসকলৰ স্বাৰ্থ ৰক্ষাৰ দাবীত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনে । আনহাতে, সংগঠনটোৱে নিজকে অসমীয়া বুলি দাবী কৰি মৰ্যাদা প্ৰদানৰ দাবী জনায় ।

You May Also Like

More From Author