Advertisement

৩১ আগষ্টত সদৌ অসম মটৰ শ্ৰমিক সন্থাৰ ২৪ ঘণ্টীয়া চকা বন্ধৰ আহ্বান

৩১ আগষ্টত সদৌ অসম মটৰ শ্ৰমিক সন্থাৰ ২৪ ঘণ্টীয়া চকা বন্ধৰ আহ্বান

ডিমা হাচাও জিলাত যোৱা ২৬ আগষ্টত ৫ জনকৈ নিৰিহ ট্ৰাক চালকক হত্যা কৰাৰ প্ৰতিবাদত শনিবাৰে সদৌ অসম মটৰ শ্ৰমিক ফেডাৰেশ্যনে এখনি জৰুৰী সভাত মিলিত হৈ বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ৷ ফেডাৰেশ্যনৰ সভাপতি কৃষ্ণ বৰা আৰু সাধাৰণ সম্পাদক কৃষ্ণ ভট্টৰায়ে এক প্ৰেছ বিবৃতিত কয় যে, আজিৰ সভাই বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ৷

সেই অনুসৰি নৃশংস ঘটনাটোৰ প্ৰতিবাদ জনাই সদৌ মটৰ শ্ৰমিকৰ যুটীয়া সংগঠনে ৩১ আগষ্টৰ পুৱা ৫ বজাৰ পৰা ১ ছেপ্তেম্বৰ পুৱা ৫ বজালৈকে ২৪ ঘণ্টীয়া চকা বন্ধৰ কাৰ্যসূচী গ্ৰহণ কৰিব ৷ ইপিনে মটৰ শ্ৰমিক ফেডাৰেশ্যনৰ লগতে সভাখনত নগাঁও জিলা চালক সন্থা, কাৰ্বি আংলং মটৰ ট্ৰান্সপৰ্ট ৱৰ্কাৰচ এণ্ড ড্ৰাইভাৰ ইউনিয়ন, ডিমা হাচাও ড্ৰাইভাৰ ইউনিয়নে এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা জনাই ৷

লগতে চৰকাৰক দাবী জনাই যে, ৰাজ্যৰ পৰা উগ্ৰপন্থীৰ সমস্যা একেবাৰে নিৰ্মূল কৰিবৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৷ ইয়াৰোপৰি ঘটনাত নিহত প্ৰতিগৰাকীলৈ ১৫ লাখকৈ টকাৰ ক্ষতিপূৰণ দিয়াৰ লগতে আহত সকলক ৩ লাখকৈ টকা প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান জনায় সংগঠনকেইটাই ৷
উল্লেখযোগ্য যে, বৃহস্পতিবাৰে নিশা প্ৰায় 9 বজাত উমৰাংছ’ৰ ডালমিয়া চিমেণ্টৰ পৰা লংকালৈ যোৱা পাঁচখনকৈ ট্ৰাকত গুলীচালনা কৰাৰ লগতে অগ্নিসংযোগ কৰিছিল সন্দেহযুক্ত ডিএনএলএ (DNLA)ৰ সদস্যই ৷ ডিমা হাছাওত সন্দেহযুক্ত উগ্ৰপন্থীয়ে যি বৰ্বৰ আক্ৰমণ চলালে, এই আক্ৰমণত প্ৰাণ হেৰুৱালে পাঁচগৰাকীকৈ নিৰীহ ট্ৰাক চালকে ৷ তাৰে চাৰিজন ট্ৰাক চালক আছিল হোজাই জিলাৰ ৷

আনহাতে এই ঘটনাৰ বুজ লোৱাৰ বাবে শুকুৰবাৰে ৰেঞ্জাৰবিলৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰিবলৈ উপস্থিত হয় গৈ অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত । আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে দোষীক কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰা হ’ব বুলি সাংবাদিকৰ আগত উল্লেখ কৰে ৷

তাৰপাছতে আৰক্ষী অধীক্ষক গৰাকীয়ে দিয়ুংমুখত উপস্থিত হৈ ডিমা হাছাও জিলাৰ আৰক্ষী অধীক্ষক জয়ন্ত সিং আৰু নিৰাপত্তা বাহিনীৰ সৈতে এখন বিশেষ বৈঠকত মিলিত হয় ৷

Shahnawaz Hamza

Related