fbpx
August 29, 2021

বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ আদিবাসী ছাত্ৰ সন্থাৰ

‘‘বিজেপি (BJP) চৰকাৰে আদিবাসী সমাজখনৰ আৰ্থ সামাজিক উন্নয়ন যদি সঁচাকৈয়ে বিচাৰিছে তেন্তে আদিবাসী সকলক জনজাতিকৰণ (tribalism) কৰক ৷’’ এই দাবী উত্থাপন কৰিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) আৰু আদিবাসী জাতীয় মহাসভাৰ সংগ্ৰামী মঞ্চই । শনিবাৰে দুয়োটা সংগঠনে আয়োজন কৰা যুটীয়া সংবাদমেলত আছাৰ সভাপতি প্ৰদীপ নাগে কয় যে, অসম চৰকাৰ আৰু যুদ্ধবিৰতিত থকা আদিবাসী সশস্ত্ৰ সংগঠনবোৰৰ মাজত এক চুক্তি স্বাক্ষৰ হোৱাৰ দিশে আগবাঢ়িছে ।

অসম চৰকাৰৰ এই পদক্ষেপৰ দ্বাৰা যুদ্ধবিৰতিত থকা গোট সমূহৰ দীৰ্ঘদিনীয়া দাবী সমূহৰ সমাধান আৰু কেডাৰসকলৰ পুনঃসংস্থাপন কৰা হ’ব বুলি আদৰণী জনোৱা হৈছে যদিও কিছুমান বিষয় এতিয়াও স্পষ্ট হোৱা নাই । তেওঁ প্ৰশ্ন কৰে যে আদিবাসী চুক্তি কৰিব বিচৰা এই প্ৰক্ৰিয়া কি হ’ব ? মধ্যস্থতাকাৰী কোন ?

মধ্যস্থতাকাৰীজনক কিহৰ ওপৰত ভিত্তি কৰি নিয়োগ কৰা হৈছে ? চুক্তিৰ দাবীবোৰ কি ? চুক্তি স্বাক্ষৰকাৰী সকল কোন কোন হ’ব ? আদিবাসী সমাজখনে তেওঁলোকক অনুমতি প্ৰদান কৰিবনে ? নে অকল বিজেপি চৰকাৰখনৰ ৰাজনৈতিক লাভালাভৰ বাবে এই চুক্তি কৰা হৈছে ?

সেই চুক্তিত আদিবাসীৰ মূল দাবী জনজাতিকৰণ আৰু উপগ্ৰহীয় স্বায়ত্ত্ব শাসন, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি স্থান পাবনে ? সভাপতি গৰাকীয়ে কোৱা মতে এই ধৰণৰ বিভিন্ন প্ৰশ্নৰ উদয় হৈছে । তাৰোপৰি চুক্তিখন দ্বি-পাক্ষিক নে ত্ৰিপাক্ষিক হ’ব সেয়াও স্পষ্ট হোৱা নাই ।

তেওঁ লগতে কয় যে, বিজেপি চৰকাৰে আছাকে ধৰি বিভিন্ন আদিবাসী সমাজ সংগঠনক কিয় অন্ধকাৰত ৰাখি আদিবাসী চুক্তি নাম দি এক ভুৱা চুক্তি কৰি বৃহৎ আদিবাসী সমাজকখনক বিপথে পৰিচালিত কৰিব বিচাৰিছে । যদি চৰকাৰে সঁচাকৈ আদিবাসী সমাজখনৰ আৰ্থসামাজিক উন্নয়ন বিচাৰিছে তেন্তে প্ৰথমে আদিবাসী সকলক জনজাতিকৰণ কৰক বুলি দাবী উত্থাপন কৰে সংগঠনৰ নেতাগৰাকীয়ে । লগতে উপগ্ৰহীয় স্বায়ত্ব শাসন (Satellite Autonomy) , চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি (Increase in wages of tea workers) আদি সমস্যা সমাধানৰ বাবে আদিবাসী চুক্তি কৰিব লাগে বুলি দাবী তোলে ।

অন্যথা সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আৰু আদিবাসী জাতীয় মহাসভাৰ সংগ্ৰামী মঞ্চৰ সকলো সংগঠনে তীব্ৰ বিৰোধ কৰিব বুলিও হুংকাৰ দিয়ে । ইয়াক প্ৰতাৰণাৰ দলিল আখ্যা দিব বুলি মন্তব্য কৰে নেতাগৰাকীয়ে । গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত সংবাদমেলত উপস্থিত থাকে আছাৰ সভাপতি ষ্টিফেন লাক্ৰা, সহকাৰী সম্পাদক দেবেন ওৰাঙকে ধৰি দুয়োটা সংগঠনৰ বিষয়ববীয়াসকল ।

error: Content is protected !!
%d bloggers like this: