বিধায়ক কৰিমুদ্দিন বৰভূঞালৈ বিৰোধী দলপতিৰ আইনী জাননী

1 min read
ৰাজ্যসভা নিৰ্বাচনৰ পাৰ্শ্বক্ৰিয়া ৰাজ্যৰ ৰাজনীতিত চলিয়েই আছে। কংগ্ৰেছৰ ৭-৮ গৰাকী বিধায়কে সদ্যসমাপ্ত ৰাজ্যসভা নিৰ্বাচনত ক্ৰছ ভোটিং কৰি বিজেপিৰ প্ৰাৰ্থীক ভোট দিছিল বুলি এ আই ইউ ডি এফৰ বিতৰ্কিত বিধায়ক কৰিমুদ্দিন বৰভূঞাই মন্তব্য কৰিছিল । ফলত জাঙুৰ খাই উঠিছে কংগ্ৰেছ দল । বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই বৃহস্পতিবাৰে বিধায়ক কৰিমুদ্দিন বৰভূঞালৈ প্ৰেৰণ কৰে এক আইনী জাননী । বিৰোধী দলপতিগৰাকীৰ অধিবক্তাই সাতদিনৰ ভিতৰত বিধায়ক বৰভূঞাক তেওঁ কৰা অভিযোগৰ প্ৰমাণ কৰিবলৈ সময় ধৰি দিছে এই জাননীত । আনহাতে, দুই বিধায়ক ক্ৰমে ছিদ্দিক আহমেদ আৰু শশীকান্ত দাসে ৰাজ্যসভা নিৰ্বাচনত দলীয় নিৰ্দেশ অমান্য কৰাৰ বাবে দুয়োৰে বিধায়ক পদ খাৰিজ কৰিবলৈও কংগ্ৰেছে ইতিমধ্যে বিধানসভাৰ অধ্যক্ষক আবেদন জনাইছে ।

You May Also Like

More From Author