১ অক্টোবৰৰ পৰা মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

১ অক্টোবৰৰ পৰা মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ১ অক্টোবৰৰ পৰা উদ্যানখন পৰ্যটকৰ বাবে মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। উক্ত বিষয় সন্দৰ্ভত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰে কয় যে, “বৰ্তমানলৈ কাজিৰঙাত বানপানী হোৱা নাই যদিও পাছিঘাটত ব্ৰহ্মপুত্ৰৰ পানীৰ স্তৰ বৃদ্ধি পাইছে।

যদি বানপানীৰ আশংকা নাইকিয়া হয়, তেন্তে বৰষুণৰ ফলত ক্ষতিগ্ৰস্ত হোৱা পৰ্যটনৰ পথবোৰ ছেপ্টেম্বৰত মেৰামতি কৰিব পাৰি, আৰু তাৰ পিছত অক্টোবৰত পৰ্যটকসকলৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখন মুকলি কৰিব পৰা যাব।”

সঞ্চালক পি শিৱকুমাৰে লগতে কয় যে, “পৰ্যটকৰ ট্ৰেকিংৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনৰ নতুনকৈ অন্তৰ্ভুক্ত বাগচাৰ পাহাৰৰ বাবে ১৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ মুকলি কৰা হৈছে।”

GTM Desk

Related