বৰপেটা চহৰক ঐতিহ্য নগৰী হিচাপে গঢ়ি তুলিবলৈ সাংসদ আব্দুল খালেকৰ কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰীলৈ পত্ৰ

1 min read

বৰপেটাৰ সাংসদ আব্দুল খালেকে সত্ৰ নগৰী তথা ৰাজ্যৰ এখন অতি পুৰণি চহৰ বৰপেটাক ঐতিহ্য নগৰী হিচাপে গঢ়ি তুলিবলৈ কেন্দ্ৰীয় পৰ্যটন বিকাশ মন্ত্ৰী জি কিষান ৰেডডীলৈ অনুৰোধ জনাইছে। উল্লেখযোগ্য যে ৰাজ্যৰ এখন আগশাৰীৰ সত্ৰ কেন্দ্ৰীক স্থান হিচাপে পৰিগণিত তথা মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে স্থাপন কৰা অসমৰ সবাতোকৈ বৃহৎ কীৰ্তন ঘৰ থকা বৰপেটা চহৰ বহু সময়ত হৈ থাকে এলাগী। প্ৰায় দহখনমান সত্ৰৰে আভুষিত বৃহত্তৰ বৰপেটাৰ পৱিত্ৰ ভুমিৰ পৰাই সত্ৰীয়া কৃষ্টি সংস্কৃতিৰ বৰঘৰ তৈয়াৰ হৈছিল। কিন্তু আজিও এই বৰপেটা চহৰৰ বিকাশৰ ক্ষেত্ৰত  ৰাজ্য চৰকাৰৰ সু-দৃষ্টি নপৰিল। যাৰ ফলত ইয়াৰ জনসাধাৰণৰ মনত ক্ষোভ আৰু অসন্তোষে তীব্ৰ ৰূপ ধাৰণ কৰি আহিছে।

এই কথাৰ ওপৰত গুৰুত্ব আৰোপ কৰি বৰপেটাৰ সাংসদ আব্দুল খালেকে কেন্দ্ৰীয় পৰ্যটন বিকাশ মন্ত্ৰী জি কিষান ৰেডডীলৈ যোৱা ১৯ আগষ্টত এখন পত্ৰ যোগে বৰপেটা চহৰক ঐতিহ্য নগৰী হিচাপে সজাই পৰাই তুলি এখন আগশাৰীৰ পৰ্যটন নগৰী হিচাপে গঢ়ি তুলিবলৈ দাবী উত্থাপন কৰে। পত্ৰ খনত সাংসদ গৰাকীয়ে ৰে’লৰ ভেকুৱাম ব্ৰেক আৱিষ্কাৰক গুৰু প্ৰসাদ দাসৰ কথাও উল্লেখ কৰাৰ লগতে লণ্ডনৰ বৃটিছ মিউজিয়ামত সংৰক্ষিত হৈ থকা বৃন্দাবনী বস্ত্ৰ শংকৰ গুৰু,মাধৱ গুৰু আৰু গোপাল তাঁতীৰ দ্বাৰা বৰপেটাতে তৈয়াৰ হোৱা বিভিন্ন কথাও উল্লেখ কৰে।

You May Also Like

More From Author