লাহৰিঘাট শান্তিপুৰত দেহ ব্যৱসায়ৰ ঘাটি উৎখাত

0 min read

মৰিগাঁও জিলাৰ লাহৰীঘাটত নাৰী দেহ ব্যৱসায় উৎখাত কৰিলে স্হানীয় ৰাইজে। লাহৰীঘাটৰ শান্তিপুৰৰ পৰা ৰাইজৰ সহযোগত লাহৰীঘাট আৰক্ষীয়ে নাৰী দেহ ব্যৱসায়ৰ লগত জড়িত দুজনকৈ ব্যক্তিক আটক কৰিবলৈ সক্ষম হয়।উল্লেখ্য যে,লাহৰীঘাটৰ শান্তিপুৰৰ ইক্ৰামুল হুছেইন নামৰ এজন ব্যক্তিয়ে নিজ গৃহত এই দীৰ্ঘদিন ধৰি দেহ ব্যৱসায় চলাই আহিছিল বুলি স্থানীয় ৰাইজৰ অভিযোগ। যোৱা ২০ আগষ্টত স্থানীয় ৰাইজে ইক্ৰামুল হুছেইনৰ গৃহৰ পৰা দেহ ব্যৱসায়ীৰ লগত জড়িত এগৰাকী যুৱতীৰ লগতে ইনামুল হুছেইন নামৰ এজন ব্যক্তিক হাতে লুটে ধৰি লাহৰিঘাট আৰক্ষীক গতাই দিয়ে।

You May Also Like

More From Author