ভুৱা কৃষকৰ নামত শ শ কোটি টকা আত্মসাৎ কৰা ঘটনাকলৈ সৰৱ অজিত কুমাৰ ভূঞা

1 min read

বিজেপিৰ শাসনত এতিয়া অসমত একপ্ৰকাৰ ডকাইতিৰাজ চলিছে । চৰকাৰখনত কেউফালে সমন্বয়হীন অৱস্থা, ব্যাপক দুৰ্নীতি আৰু মুখ্যমন্ত্ৰী তথা মন্ত্ৰীসকলৰ খেয়াল-খুচি মতে অসমত ৰাজ-শাসন চলিছে । সাধাৰণ মানুহৰ অৱস্থা দিনকদিনে অচল হ’বলৈ ধৰিছে । এই অভিযোগ ৰাজ্যসভাৰ সাংসদ তথা আঞ্চলিক গণ মৰ্চাৰ সভাপতি অজিত কুমাৰ ভূঞাৰ ।

দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰি সাংসদ ভূঞাই চৰকাৰখনৰ কাৰ্যকলাপৰ বিৰুদ্ধে সৰৱ হৈ পৰে । বিশেষকৈ ‘প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি’ ৰ বিয়াগোম কেলংকাৰী সন্দৰ্ভত চৰকাৰখনৰ স্থিতিকলৈ ব্যাপক সমালোচনা কৰে । সংবাদমেলত সাংসদ ভূঞাই কয় ‘‘অসমত ভুৱা কৃষকৰ নামত শ শ কোটি টকা লুণ্ঠন কৰাৰ কথা লোকসভাত কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে ২০ জুলাইত সদনৰ মজিয়াত সদৰি কৰিছিল । কিন্তু এই বিষয়ত বিগত এমাহে মাত মাতিবলৈ সাহস কৰা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । বিধানসভাৰ অধিবেশনতো কোনো বিবৃত্তি নিদিলে’’ ।

তেওঁ লগতে কয়, প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ ৫৫৪ কোটি ১ লাখ ৭২ হাজাৰ কোটি টকা ভুৱা কৃষকৰ নামত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ মন্ত্ৰী, বিধায়ক, আমোলা-বিষয়া আৰু স্থানীয় বিজেপিৰ দালাল মিলি আত্মসাৎ কৰিলে ।

৮,৩৫,২৬৮ গৰাকী অস্তিত্বহীন অৰ্থাৎ ভুৱা কৃষকৰ নামত এই বিশাল পুঁজি আত্মসাৎ কৰা হ’ল । কিন্তু আজিলৈকে ইয়াৰ কোনো তদন্ত কৰাৰ ব্যৱস্থা কৰা নহ’ল । এটা কথা অতি স্পষ্ট যে এই কেলেংকাৰীৰ সৈতে চৰকাৰৰ মুৰব্বী, সংশ্লিষ্ট বিভাগীয় মন্ত্ৰী, সংশ্লিষ্ট এলেকাৰ বিধায়ক, চৰকাৰী আমোলা-বিষয়া জড়িত হৈ আছে ।

ইমান বিয়াগোম কেলেংকাৰীৰ পাছতো মুখ্যমন্ত্ৰী গৰাকীয়ে মৌনতা অৱলম্বন কৰাটো ৰহস্যজনক । আনকি সুব্ৰত তালুকদাৰ নামৰ এজন সক্ৰিয় ৰাজহুৱা কৰ্মীয়ে ঘটনা সন্দৰ্ভত দিছপুৰ থানাত দাখিল কৰা এজাহাৰৰ ক্ষেত্ৰতো কোনো পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই । প্ৰকৃততে চৰকাৰখনে কাক ৰক্ষণাবেক্ষণ দি বিচাৰিছে ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্থিতি অত্যন্ত ৰহস্যজনক । মুখ্যমন্ত্ৰীৰ যদি সাহস আৰু ন্যূনতম সততা আছে তেন্তে এই বিষয়টোত এটা ৰসজহুৱা বিবৃত্তি দিয়ক । সংবাদমেলত কৃষিমন্ত্ৰী অতুল বৰাক কঠোৰ সমালোচনা কৰি সাংসদগৰাকীয়ে কয়, ৰাজ্যখনে এতিয়ালৈকে পোৱা আটাইতকৈ নিকৃষ্ট কৃষি মন্ত্ৰীজনেই হ’ল অতুল বৰা ।

এনে অপদাৰ্থ আৰু অকৰ্মন্য কৃষি মন্ত্ৰীৰ আগতে কেতিয়াও চকুত পৰা নাই । এটা কথা ঠিক যে বিভাগীয় মন্ত্ৰীৰ ‘আশীৰ্বাদ’ আৰু ‘অংক’ নাথাকিলে এনে বিয়াগোম কেলেংকাৰী কেতিয়াও হ’ব নোৱাৰে । আমি এই কেলেংকাৰীৰ নিৰপেক্ষ আৰু উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছো ।

আনহাতে, মুখ্যমন্ত্ৰীয়ে নিজৰ স্থিতি ৰাজহুৱা কৰিব লাগিব আৰু তদন্তৰ স্বাৰ্থত কৃষিমন্ত্ৰীগৰাকীক মন্ত্ৰীৰপৰা আঁতৰত ৰাখি তদন্তৰ ব্যৱস্থা কৰিব লাগিব । অন্যথা অসমৰ ৰাইজে আৰু আমি বুজিম যে এই কেলেংকাৰীত মুখ্যমন্ত্ৰীৰ নিজা ‘অংক’ আছিল । সংবাদমেলত আঞ্চলিক গণ মৰ্চাৰ সাধাৰণ সম্পাদক প্ৰণৱ চেতিয়া আৰু উপ-সভাপতি ৰূপেন চৌধুৰী উপস্থিত আছিল ।

You May Also Like

More From Author