20.6 C
Assam
Tuesday, March 21, 2023

Featured News

Congress Confident to Win all 14 Lok Sabha seats in Assam

Guwahati: The Congress party in Assam is...

এইখন চহৰত সাধু-সন্তসকলৰ বাবে আছে বিনামূলীয়া বিউটি পাৰ্লাৰ

জটা হৈছে সাধু-সন্তসকলৰ আটাইতকৈ ডাঙৰ পৰিচয়। স্পষ্টকৈ...

বিদ্যুৎস্পৃষ্ট হ’লে কি কৰিব?

মানৱ দেহটো এশ শতাংশই বিদ্যুৎ পৰিবাহী৷ ফলত...

শিশুক দিনটোত এবাৰ হ’লেও এই ৭টা কথা কোৱা উচিত

Assamese Newsশিশুক দিনটোত এবাৰ হ’লেও এই ৭টা কথা কোৱা উচিত

নিজৰ সন্তানক নিজতকৈ বেছি ভাল পাব লাগিব। সকলোৱে নিজৰ সন্তানক ডাঙৰ এজন সফল আৰু ভাল মানুহ হোৱাটো বিচাৰে। আৰু সেয়ে নিজৰ সন্তানৰ যত্ন লোৱাত কাৰো কোনো দোষ ৰাখিব নিবিচাৰে। মৰমৰ সন্তানক প্ৰতিদিনে কিবা এটা বিশেষ কথা কোৱাটো জৰুৰী। যদি আপুনি শিশুৰ মনত এই বিশেষ শব্দবোৰ ৰোপণ কৰে তেন্তে তেওঁ জীৱনৰ পথত যিকোনো সমস্যাৰ সৈতে সহজে মোকাবিলা কৰিবলৈ সক্ষম হ’ব। দিনটোত এবাৰ শিশুৰ লগত এই ৭টা কথা পাতিব লাগে, কথা ৭টা হৈছে –

১/ আপোনাৰ সন্তানক দিনটোত এবাৰ কওক ‘মই তোমাক বিশ্বাস কৰোঁ’। সৰু সৰু কামবোৰ কৰিবলৈ তেওঁক বিশ্বাস কৰক। তেতিয়া তেওঁৰ আত্মবিশ্বাস বাঢ়িব আৰু তেওঁ আপোনাক আৰু বেছি ভাল পাব।

২/ দিনটোত এবাৰ হ’লেও শিশুটিক হাৰ নামানিব বুলি কওক। প্ৰতিটো কামতে তেওঁক উৎসাহিত কৰক আৰু হতাশাত হাৰ মানিবলৈ দিয়ক। ধৈৰ্য্যৰে আগবাঢ়িলে সফলতা দেখিব বুলি কওক।

৩/ কিবা এটা কৰিব নোৱাৰিলে বকাবকি নকৰাকৈ অধিক অনুশীলন কৰিবলৈ কওক। তেওঁক সদায় কওক যে তেওঁ বাৰে বাৰে অভ্যাস কৰিলে ‘পাৰফেক্ট’ হ’ব পাৰে।

৪/ প্ৰতিজন ‘বিশেষজ্ঞ’ মানুহ এসময়ত অনাড়ম্বৰ আছিল। এই বিষয়ে প্ৰতিদিনে আপোনাৰ শিশুটিক বুজাই দিয়ক। ই তেওঁক যিকোনো কামত সাহস দিব।

৫/ আপোনাৰ সন্তানক বুজাওক যে বিফলতা কোনো অপৰাধ নহয়। যদি কেতিয়াবা আপোনাৰ সন্তানে বিফল হয়, তেন্তে তেওঁক বকাবকি কৰাৰ পৰিৱৰ্তে তেওঁক বিফলতাটো পাহৰি আগবাঢ়ি যাবলৈ কওক।

৬/ জীৱনত কেতিয়াবা বেয়া সময় আহে। আপোনাৰ শিশুটিক বেয়া সময়ৰ পৰা শিকিবলৈ উৎসাহিত কৰক আৰু ভাল সময়ত ব্যৱহাৰ কৰক। নিয়মীয়াকৈ আপোনাৰ শিশুটিক প্ৰতিদিনে কিমান ভালপোৱা সেই কথা জনাওক।

৭/ পৰিয়ালটোৱেই হৈছে আটাইতকৈ নিৰাপদ ঠাই আৰু আপোনাৰ সন্তানক জনাওক যে পৰিয়ালে তেওঁলোকক কিমান ভাল পায়। ইয়াৰ ফলত তেওঁ নিৰাপদ অনুভৱ কৰিব আৰু পৰিয়ালৰ প্ৰতি মৰম দেখুৱাব।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!