20.6 C
Assam
Tuesday, March 21, 2023

Featured News

Congress Confident to Win all 14 Lok Sabha seats in Assam

Guwahati: The Congress party in Assam is...

এইখন চহৰত সাধু-সন্তসকলৰ বাবে আছে বিনামূলীয়া বিউটি পাৰ্লাৰ

জটা হৈছে সাধু-সন্তসকলৰ আটাইতকৈ ডাঙৰ পৰিচয়। স্পষ্টকৈ...

বিদ্যুৎস্পৃষ্ট হ’লে কি কৰিব?

মানৱ দেহটো এশ শতাংশই বিদ্যুৎ পৰিবাহী৷ ফলত...

ৰহস্য : স্ত্ৰীয়ে এইসমূহ বিষয় মনে মনে আশা কৰে স্বামীৰ পৰা !

Assamese Newsৰহস্য : স্ত্ৰীয়ে এইসমূহ বিষয় মনে মনে আশা কৰে স্বামীৰ পৰা !

ৰহস্য : স্ত্ৰীয়ে এইসমূহ বিষয় মনে মনে আশা কৰে স্বামীৰ পৰা !

বিবাহ হৈছে মানুহৰ জীৱনৰ এক বিশেষ অৱস্থা, বিবাহ বন্ধনত আবদ্ধ হোৱাৰ পিছত বহু খিনি পৰিৱৰ্তন হৈ পৰে মানুহৰ জীৱন। বিবাহৰ পিছৰ বাট পৰিভ্ৰমণ কৰোঁতে বহু সতৰ্ক হোৱাৰো প্ৰয়োজন থাকে। অকল নিজৰে নহয় সন্মুখত থকা জনৰো যত্ন লোৱাৰ প্ৰয়োজন হৈ পৰে বিবাহৰ পিছত , তেতিয়াহে সংসাৰ আৰু দাম্পত্য জীৱন সুখৰ হয়।

সাধাৰণতে মহিলাই সকলো কথা খুলি কবলৈ খুব লাজ অনুভৱ কৰে। কেতিয়াবা খুব প্ৰয়োজনীয় কথাখিনিও মুখৰ পৰা ওলাই নাহে তেওঁলোকৰ , সেইবাবেই মহিলাই অনেক বিষয় , অনেক প্ৰয়োজন নিজৰ মনতে ৰাখি থৈ দিয়ে। আনকি নিজৰ স্বামীকো বহু কথা লুকাই ৰাখে। সেইবাবে স্বামীয়ে নিজৰ স্ত্ৰীৰ মনৰ খবৰ ৰাখিম বুলি ভাবিলেও স্ত্ৰীৰ মনৰ খৱৰ পাবলৈ সক্ষম নহয়। কিন্তু প্ৰকাশ নকৰিলেও মহিলাই নিজৰ স্বামীৰ পৰা মনে মনে আশা কৰি থাকে কিছু ৰহস্যময় কথা। যিসমূহ কথাত স্বামীয়ে সদায় মনোযোগ দিয়া দৰকাৰী। মহিলাৰ তেনে কিছুমান গোপন আশা হৈছে:-

১) ঘৰৰ কাম কৰা :-
ঘৰৰ কাম কৰিব লাগিব। হয়তো স্ত্ৰীয়ে যদিও কথাতো মুখেৰে প্ৰকাশ কৰিব নোৱাৰে নিজৰ স্বামী যিমান ব্যস্ত নহলেও ঘৰৰ দুই এটি কাম কৰাটো মনে প্ৰাণে কামনা কৰে। অকল স্ত্ৰীয়ে যে গৃহৰ সকলো কাম কৰিব তেনে নহয় স্বামীয়ে দুই এটি কামত আনকি পাকঘৰটো সহায় কৰি দিলে স্ত্ৰীয়ে খুব আনন্দ পায়।

২) তেওঁৰ কথা শুনা :-

বহু স্বামীয়ে অকল নিজৰ কথাতে ব্যস্ত থাকে। আনকি সকলো সিদ্ধান্ত লৈ পেলাই নিজৰ মতে। এই মনোভাৱৰ পৰা বাহিৰলৈ আহি স্বামীয়ে কিন্ত স্ত্ৰীৰ মনৰ খবৰ ৰখাটো ভাল অভ্যাস, তেওঁলোকৰ মনৰ কথা মনোযোগেৰে শুনা আৱশ্যকীয়। এইটো ঠিক যে উভয়ে উভয়ৰ মনৰ খবৰ লোৱা যুগ্ম জীৱনত সমস্যা খুব কমকৈ দেখা যায়।

৩) চাৰপ্ৰাইজ ( surprise ) :-

পুৰুষ সকল আজিৰ দিনত অত্যন্ত ব্যস্ত হৈ থাকে, মহিলাই নিজৰ গৃহৰ একেখিনি কাম কাজ কৰি কৰি কেতিয়াবা কেতিয়াবা bore হৈ পৰে। আৰু সেই অৱস্থাত যদি স্ত্ৰীক মাজে মাজে চাৰপ্ৰাইজ ( surprise ) দিয়ে তেতিয়া তেওঁলোকে খুব আনন্দ অনুভৱ কৰে ; কিয়নো অবাক হৈ সকলো মানুহে ভাল পায় ।

৪) ঘূৰা ফুৰাৰ পৰিকল্পনা :-

সকলো মানুহে ঘূৰা ফুৰা কৰি ভাল পায়, গাৰ্হস্থ্য জীৱনৰ ব্যস্ততাৰ পৰা ওলাই মাজে সময়ে ঘূৰা ফুৰা কৰিবলৈ স্ত্ৰীয়ে মনতে আশা কৰি থাকে। আৰু এই পৰিকল্পনাত অকল স্বামীয়ে নিজৰ মতে সিদ্ধান্ত নলৈ স্ত্ৰীৰ মতামতক প্ৰাধান্য দিয়া দৰকাৰী। নিজৰ স্ত্ৰীক লগত লৈ মাজে মাজে বাহিৰলৈ ফুৰিবলৈ যোৱাটো সম্পর্কৰ বাবে সঞ্জীৱনীৰ দৰে।

৫) প্ৰাধান্য দিয়া :-

প্ৰত্যেক মানুহে সকলোৰে প্ৰাধান্য পাবৰ বাবে সুপ্ত আশা ৰাখে, ঠিক একেদৰে স্ত্ৰীয়ে স্বামীৰ পৰা প্ৰাধান্য পাবলৈ আশা কৰে । সেয়ে স্বামী হিচাপে সেই কথা মনত ৰখা দৰকাৰী। স্ত্ৰীৰ মন পছন্দৰ দুই এটি কাম কৰাকে স্ত্ৰীক প্ৰাধান্য দিয়া বুলি বুজিব পাৰি। আৰু ইয়াৰ দ্বাৰা স্ত্ৰীৰ মন জিকিব পাৰি।

আশা ৰাখিছোঁ সকলো ভালে থাকিব আৰু বৈবাহিক জীৱনত সুস্থ্য থাকিব।

2022-06-25

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!