24.4 C
Assam
Tuesday, March 21, 2023

Featured News

এইখন চহৰত সাধু-সন্তসকলৰ বাবে আছে বিনামূলীয়া বিউটি পাৰ্লাৰ

জটা হৈছে সাধু-সন্তসকলৰ আটাইতকৈ ডাঙৰ পৰিচয়। স্পষ্টকৈ...

বিদ্যুৎস্পৃষ্ট হ’লে কি কৰিব?

মানৱ দেহটো এশ শতাংশই বিদ্যুৎ পৰিবাহী৷ ফলত...

বহিঃৰাজ্যত অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু, ১ এপ্ৰিলত ঘৰলৈ আহিম বুলি কোৱা ধৃতাশ্ৰীৰ মৃত্যু

বহিঃৰাজ্যত অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু। যুৱতীগৰাকী সীমান্ত...

পিতৃ মাতৃয়ে এই 4 টা কাম আৰু আচৰণ সন্তানৰ সন্মুখত কেতিয়াও নকৰিব !

Assamese Newsপিতৃ মাতৃয়ে এই 4 টা কাম আৰু আচৰণ সন্তানৰ সন্মুখত কেতিয়াও নকৰিব !

প্ৰত্যেক অভিভাৱকে নিজৰ সন্তানৰ মঙ্গলৰ কথা চিন্তা কৰে, সন্তানক মৰম কৰে, আদৰ কৰে আৰু প্ৰয়োজনত কেতিয়াবা খং কৰে যাতে তেওঁলোকে জীৱনৰ সঠিক পথত গতি কৰিব পাৰে আৰু সচেষ্ট হৈ থাকিব পাৰে। কিন্তু অনেক সময়ত বহু অভিভাৱকে নিজৰ অজানিতে বহু ভুল কৰি পেলাই। অভিভাৱকে বুজিব নোৱাৰে যদিও সেই ভুলে সন্তানৰ মনত গভীৰ প্ৰভাৱ পেলায়। সন্তানৰ ওচৰত কৰা কিছু ভুলৰ বাবে কিছু অভিভাৱকৰ প্ৰতি সন্তানৰ মনত বেয়া ধাৰণাৰ উদয় হয় আৰু বাৰ বাৰ তেনে ঘটনাৰ পুনৰাবৃত্তি হৈ থাকিলে সন্তানৰ বাবে অভিভাৱক জন হৈ পৰে ভিলেন ( villain) । অভিভাৱকৰ এনে কিছু ভুল দাঙি ধৰা হৈছে যিসমূহ প্ৰত্যেক অভিভাৱকে কৰে আৰু সেইসমূহ সন্তানৰ স্বাৰ্থত অভিভাৱক সকলে সংশোধন কৰা জৰুৰী।

১) সন্তানক অত্যাধিক মৰম কৰা :- নিজৰ সন্তানক মৰম কৰক, স্নেহ কৰক কিন্তু তাৰ এটি সীমা থকা উচিত যাতে সেই ভালপোৱা পৰবৰ্তী সময়ত Obsession ( mania , fixation ) হৈ নাযায়। শিশুয়ে যেতিয়া নিজৰ যত্ন লবলৈ শিকি উঠে তেতিয়া তেওঁলোকক নিজৰ বয়সৰ শিশুৰ সৈতে খেলিবলৈ দিয়ক তাৰ ফলত শিশুৰ বিকাশ হ’ব। দিনৰ ২৪ ঘণ্টাই যদি অভিভাৱক হিচাপে সন্তানৰ সতে লাগি থাকে তেতিয়া প্ৰথমে সন্তানে ভালে পাব কিন্তু পৰৱৰ্তী সময়ত বহু সন্তান ভাগৰি পৰে, আমনি অনুভৱ কৰে । আপোনাৰ লক্ষ্য উদ্দেশ্য ভাল হলেও সেইটোৱেই আকৌ সন্তানৰ মনত আপোনাৰ প্ৰতি বেয়া প্ৰতিচ্ছবি দাঙি ধৰিব পাৰে, নিজৰ সন্তানেই আপোনাক ভিলাইন বুলি ভাবিব পাৰে।

২) বাহিৰৰ খং সন্তানৰ ওপৰত নেৰিব। পিতৃ মাতৃৰ জীৱন দৈনন্দিন নানান চাপ আৰু চিন্তা ভাৱনাৰ মাজেৰে পাৰ হোৱা স্বাভাৱিক লগতে পিতৃ মাতৃ বহুসময়ত খং ৰাগৰ মুখামুখি হবলগীয়া হয়। বহু অভিভাৱকে আকৌ আনৰ খং নিজৰ সন্তানৰ ওপৰতে কৰি দিয়ে অজানিতে। কোনো ভুল আৰু দোষ নোহোৱাকৈ সন্তানে গালি খালে সন্তানৰ মনত ক্ষোভৰ সৃষ্টি হয় ; মা দেউতাৰ প্ৰতি সন্তানৰ শ্ৰদ্ধা আৰু ভক্তি কমে, পৰিনীতিত সন্তানে মা দেউতাক ভালপোৱাৰ পৰিবৰ্তে ভয় খোৱা আৰম্ভণি কৰে। আৰু জানি থওঁক শিশুৰ মনত এনে ধৰণৰ নেতিবাচক চিন্তা ধাৰা পাৰস্পৰিক সম্পর্কৰ বাবে ক্ষতিকাৰক। লগতে তেওঁলোকৰ মানসিক বিকাশত প্ৰভাৱ পৰিব।

৩) সন্তানক পিতৃ মাতৃৰ ওপৰত প্ৰয়োজনাতিৰিক্ত নিৰ্ভৰশীল হবলৈ দিয়া :-

সৰু সৰু বিষয়তে যদি সন্তান পিতৃ মাতৃৰ ওপৰত নিৰ্ভৰশীল হৈ পৰে সেয়া চিন্তনীয় কথা। বহু অভিভাৱকে নিজৰ সন্তানক ডাঙৰ বয়সলৈকে শিশু কৰি ৰাখি, শিশু সুলভ জ্ঞান কৰি ভাল পায়। অভিভাৱকে সন্তানৰ হৈ কোনো সিদ্ধান্ত গ্ৰহণ কৰা, তেওঁলোকে কি কৰিব, কি নকৰিব সকলো খিনি যদি মা দেউতাই সদায়ে নিশ্চিত কৰে তেতিয়াও হয়তো বহু শিশুৰ আত্মবিশ্বাসত আঘাত হয়। সেয়ে সন্তানৰ সৰু সৰু বিষয়ত যদি আপুনি সিদ্ধান্ত লৈ আছে সেয়া বন্ধ কৰক আৰু তাৰ পৰিৱৰ্তে তেওঁলোকে কি বিচাৰে শুনক আৰু সৰু সৰু সিদ্ধান্ত সমূহ লবলৈ স্বাধীনতা দিয়ক আৰু যদি ভুল কৰিছে যুক্তিৰে শুধৰণি কৰি দিয়ক কিন্তু কেতিয়াও অভিভাৱকৰ ওপৰত নিৰ্ভৰশীল কৰি নুতুলিব।

 

৪) অইন শিশুৰ সৈতে তুলনা কৰা :- অধিকাংশ মা দেউতাই অইন শিশুৰ সৈতে নিজৰ সন্তানৰ তুলনা কৰি থাকে ; এনে তুলনা সমূহে শিশুৰ মনত নেতিবাচক মনোভাৱৰ সঞ্চাৰ কৰে। তুলনাৰ জৰিয়তে শিশুৰ ব্যক্তিত্ব পৰিৱৰ্তনৰ চেষ্টা কৰা মুঠেও কাম্য নহয় । এনে কৰিলে শিশুৰ আত্মবিশ্বাস হ্ৰাস হয়। সেয়ে তুলনা নকৰি তেওঁলোককৰ মনোভাৱ বুজাৰ চেষ্টা কৰক আৰু জীৱনৰ প্ৰতিটো ক্ষেত্ৰত তেওঁলোকক উৎসাহিত কৰক

2022-06-21

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!