20.6 C
Assam
Tuesday, March 21, 2023

Featured News

Congress Confident to Win all 14 Lok Sabha seats in Assam

Guwahati: The Congress party in Assam is...

এইখন চহৰত সাধু-সন্তসকলৰ বাবে আছে বিনামূলীয়া বিউটি পাৰ্লাৰ

জটা হৈছে সাধু-সন্তসকলৰ আটাইতকৈ ডাঙৰ পৰিচয়। স্পষ্টকৈ...

বিদ্যুৎস্পৃষ্ট হ’লে কি কৰিব?

মানৱ দেহটো এশ শতাংশই বিদ্যুৎ পৰিবাহী৷ ফলত...

নাৰীৰ এই ৫টা গুণ দেখি বিয়া কৰিব লাগে !

Assamese Newsনাৰীৰ এই ৫টা গুণ দেখি বিয়া কৰিব লাগে !

বহুতে হয়তো ভাল পাব। কিন্তু বিবাহৰ দৰে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত হঠাতে ল’ব নোৱাৰি। সেইবাবেই সময় লাগে। বহু ধৰণে চিন্তা কৰিব লাগিব। মহিলাগৰাকীৰ ৰূপ দেখি হৃদয় গলিলেও লগে লগে ‘হয়’ নকব। বৰঞ্চ অলপ বেছি সময় উলিয়াওক। আপুনি বিবাহৰ বাবে বিবেচনা কৰা ব্যক্তিজনীৰ মাজত কিবা গুণ দেখিছে নে নাই চাওক।

পুৰুষ আৰু মহিলা একেলগে এটা পৰিয়াল গঢ়ি তোলে। আপুনি বিয়া কৰাই থকা ব্যক্তিজনীৰ যদি কিছুমান মৌলিক গুণ নাই, তেন্তে আপোনাৰ পৰিয়ালটো সহজ আৰু সুন্দৰ নহ’ব। বেছিভাগ ক্ষেত্ৰতে পুৰুষে বুজি নাপায় যে কেনেধৰণৰ নাৰীক বিয়া কৰাব লাগে। সেই ক্ষেত্ৰত তেওঁলোকে ভুল সিদ্ধান্ত ল’ব পাৰে। গতিকে বিয়াৰ আগতে এগৰাকী মহিলাৰ এই ৫টা গুণ আছে নে নাই পৰীক্ষা কৰক –

বুদ্ধিমত্তা, বিয়া পাতিলে বুদ্ধিমান মহিলাক বিয়া কৰাবই লাগিব। কাৰণ পিছলৈ তেওঁ নিজৰ বুদ্ধিমত্তাৰে বিভিন্ন প্ৰত্যাহ্বান অতিক্ৰম কৰিবলৈ সক্ষম হ’ব। মহিলাগৰাকীৰ লগত অলপ সময় কথা পাতি স্মাৰ্ট হয় নে নহয়, সেয়া পৰিক্ষা কৰক । গতিকে বিয়াৰ আগতে বুদ্ধিমত্তা ব্যৱহাৰ কৰি বুদ্ধিমান নাৰীক বিচাৰি উলিয়াওক।

ধৈর্যশীল, জীৱনত জীয়াই থাকিবলৈ ধৈৰ্য্য অতি প্ৰয়োজনীয়। যিকোনো সম্পৰ্কত ধৈৰ্য্যৰ প্ৰয়োজন হয়। পৰিয়াল গঢ়িব বিচাৰিলে হয়তো বহু ধুমুহাৰ মাজেৰে পাৰ হ’ব লাগিব। এগৰাকী ধৈৰ্য্যশীল মহিলাই এই কথা চম্ভালিব পাৰে। গতিকে ধৈৰ্য্যশীল মহিলাক বিয়া কৰাওক। ই আপোনাৰ জীৱনৰ বহু সমস্যা সমাধান কৰিব।

 

 

শিক্ষিত, কেৱল চাৰ্টিফিকেটতে নহয় মানুহৰ আচৰণতো শিক্ষিত ছাপ থকাটো গুৰুত্বপূৰ্ণ। মন কৰক আপুনি ভাল পোৱা নাৰীগৰাকীৰ শিক্ষিত স্বভাৱ তেওঁৰ আচৰণত কেনেদৰে স্পষ্ট হৈ পৰে। এনে নাৰীক লগ পালে সুযোগ পালে বিয়া কৰাই দিয়ক। শিক্ষিত মাতৃয়ে শিক্ষিত জাতি এটাক ডাঙৰ-দীঘল কৰিব পাৰে।

সামাজিক, আপুনি বিয়া কৰা মানুহজনী কিমান সামাজিক সেইটো বিবেচনা কৰক । মানুহৰ লগত সহজে মিলি যাব পৰা এজনৰ বাবে সকলোৰে হৃদয় জয় কৰাটো বহুত সহজ । সমাজত মিলিব পৰা নাৰী নিঃসন্দেহে এক গুণ। বিয়াৰ পিছত যদি সুখী জীৱন যাপন কৰিব বিচাৰে তেনেহলে সামাজত মিলিব পৰা মহিলাক বিয়া কৰাওক। ই আপোনাৰ পৰিয়ালত শান্তি বজাই ৰাখিব।

আপোনাক ভালপোৱা, যেতিয়া আপুনি আপোনাক সঁচা অৰ্থত ভালপোৱা কাৰোবাক বিচাৰি পায়, তেতিয়া চিন্তা কৰাৰ প্ৰয়োজন নাই। কাৰণ যেতিয়া মানুহে হৃদয়ৰ পৰা ভাল পায় তেতিয়া তেওঁৰ আন গুণবোৰ সোণ হৈ পৰে। মৰম পাবলৈ কোনে নিবিচাৰে ! গতিকে ভালপোৱা কাৰোবাৰ লগত ভালকৈ থাকিব পাৰি।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!