কৃষক মুক্তি সংগ্রাম সমিতিয়ে কাইলৈ ঘোষণা কৰিব নতুন আঞ্চলিক দলৰ নাম

1 min read

গুৱাহাটী: নতুন আঞ্চলিক ৰাজনৈতিক দল গঠনৰ বাবে প্রস্তুতি প্রায় সম্পূর্ণ কৰিছে কৃষক মুক্তি সংগ্রাম সমিতিয়ে৷ মুঠ ৭০টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ সন্মিলিত নেতৃত্বত কৃষক মুক্তি সংগ্রাম সমিতিয়ে এটা ঐক্যবদ্ধ, আপোচহীন, প্রগতিশীল, সুস্থ জাতীয়তাবাদী আঞ্চলিক ৰাজনৈতিক দল গঠনৰ বাবে সাজু হৈছে৷

বুধবাৰে গুৱাহাটীত এখন সংবাদ মেলত কৃষক মুক্তিৰ সভাপতি ভাস্ক’ ডি শইকীয়াই কয়– ‘অহা ২ অক্টোবৰত আমি আনুষ্ঠানিকভাৱে নতুন দল ঘোষণা কৰিম৷ আমাৰ দলটো কৃষক মুক্তি সংগ্রাম সমিতি আৰু ৭০টা জাতীয়–জনগোষ্ঠীয় সংগঠন লগ হৈ ঐক্যবদ্ধ দল গঠন কৰিবলৈ আগবাঢ়িছোঁ৷

আমাৰ দলটো এটা ঐক্যবদ্ধ দল হ’ব৷ ৭০টা সংগঠনৰ উপৰি এটা জাতীয় সংগঠন আৰু এটা আঞ্চলিক ৰাজনৈতিক দলেও এই নতুন দলত চামিল হ’ব৷ আমি ইতিমধ্যে এখন খচৰা সংবিধান প্রস্তুত কৰিছোঁ আৰু আমাৰ নীতি–উদ্দেশ্য, লক্ষ্য আৰু কর্মপন্থা স্থিৰ কৰিছোঁ৷’ সংবাদ মেলত সভাপতি শইকীয়াই লগতে কয় যে নতুন দলটোৰ নেতৃত্ব অখিল গগৈয়ে ল’ব আৰু বেছিভাগ সংগঠনেই ইতিমধ্যে নিজৰ নিজৰ প্রতিনিধি লিখিতভাৱে প্রেৰণ কৰিছে৷ দলত চামিল হ’ব বিচৰা সংগঠনসমূহৰ প্রতিনিধিসকলৰ মাজত কৃষক মুক্তিৰ নেতৃত্বই বাৰম্বাৰ আলোচনাত মিলিত হৈছে৷ আনহাতে, যোৰহাট, গুৱাহাটী, বঙাইগাঁৱত বিশিষ্ট ব্যক্তিসকলৰ লগতো কৃষক মুক্তিৰ নেতৃত্বই মত বিনিময় কৰিছে৷

‘কা’বিৰোধী ছাত্র সমাজ, শিল্পী সমাজ, লেখক–বুদ্ধিজীৱী সমাজৰ সৈতে আলোচনাত মিলিত হৈছে সংগঠনৰ নেতৃত্বই৷ তাৰ মাজতো কোনো ব্যক্তি, সংগঠন আদি থাকি যাব পাৰে, সেয়ে ইচ্ছুক ব্যক্তি আৰু নাগৰিকসকলক সংগঠনটোৰ নেতৃত্বই মুকলিমূৰীয়াকৈ আলোচনাৰ বাবে সাজু আছে৷

ইচ্ছুকসকলে ফোন কৰি, হোৱাটছএপ, এছএমএছ কৰি বা ই–মেইল কৰিও পৰামর্শ পঠিয়াব পাৰিব৷ আনহাতে, নতুন দলৰ ৰাজ্যিক আহ্বায়ক, উপদেষ্টামণ্ডলী, মুখ্য ৰাজ্যিক আহ্বায়কৰ এখন তালিকা প্রস্তুত কৰা হৈছে বুলি প্রকাশ কৰে সভাপতি ভাস্ক’ ডি শইকীয়াই৷ সংবাদ মেলত টাইপাৰ কার্যকৰী সভাপতি লোহিত গগৈ আৰু আহোম গণমঞ্চৰ সভাপতি মহেন্দ্র দিহিংগীয়াও উপস্থিত থাকে৷

Source: Niyomiya Barta

You May Also Like

More From Author