fbpx

বিগত ১০ দিনে ক’ত লুকাই আছিল SI কেলেংকাৰীৰ অভিযুক্ত দিবন ডেকা?

গুৱাহাটী: SI কেলেংকাৰীৰ মূল অভিযুক্ত দিবন ডেকাৰ আত্মসমৰ্পণ। নিশা প্ৰায় ১১.৪৫ বজাত আত্মসমৰ্পণ কৰে দিবনে। পাটাছাৰকুছিৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দিবনক। নলবাৰীৰ বৰভাগৰ বিভিন্ন প্ৰান্তত আত্মগোপন কৰি আছিল দিবনে। নিশাৰভাগত ঠাই সলনি কৰিব বিচৰাৰ সময়তে আৰক্ষীৰ জালত পৰে অভিযুক্ত দিবন।

নিশাই দিবনক আৰক্ষীৰ বিশেষ শাখাৰ কাৰ্যালয়লৈ লৈ অনা হয়। SBৰ কাৰ্যালয়ত প্ৰশ্নকাকত ফাদিলৰ সন্দৰ্ভত মাৰাথন জেৰা অব্যাহত আৰক্ষীৰ।

কিন্তু বিগত প্ৰায় ১০দিনে ক’ত লুকাই আছিল দিবন ডেকা? কিয় আৰক্ষীয়ে কৰায়ত্ত কৰিব পৰা নাছিল দিবনক? নলবাৰীৰ বৰভাগৰ পৰা গ্ৰেপ্তাৰ হোৱা দিবনে ফেচবুক পষ্টৰ যোগেদি নিজকে দোষমুক্ত ঘোষণা কৰিছিল। আৰক্ষীৰ কেইবাটাও বিভাগৰ দলে সুকীয়া সুকীয়কৈ জেৰা চলোৱাৰ আশংকা কৰা হৈছে।

প্ৰশ্নকাকত ফাদিলৰ ক্ষেত্ৰত তথা সমগ্ৰ ঘটনাটোত দিবন ডেকাসহ কোন কোন জড়িত হৈ আছে সকলো ৰহস্য ওলোৱাৰ লগতে দিবন ডেকাৰ জেৰাত পি কে দত্তৰ সন্ধান পোৱাৰো আশংকা কৰা হৈছে।

Source: Niyomiya Barta

error: Content is protected !!
%d bloggers like this: