নগাঁৱৰ জামুগুৰিৰ কবি নন্দেশ্বৰ নাথৰ বাসগৃহত কবি সন্মিলনৰ শোক সভা সম্পন্ন

1 min read

নিউজ ব্যুৰ’,নগাঁও,১২জুন:–সদৌ অসম কবি সন্মিলনৰ আজীৱন সভ্য নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ জামুগুৰিৰ কবি প্ৰয়াত নন্দেশ্বৰ নাথদেৱৰ বাসগৃহত আজি নগাঁও জিলা কবি সন্মিলন আৰু জামুগুৰি শাখাৰ কবি সন্মিলনে শোক সভা অনুষ্ঠিত কৰে ।

জামুগুৰি শাখা কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সম্পাদক স্বভাৱ কবি নন্দেশ্বৰ নাথদেৱে সদৌ অসম কবি সন্মিলনলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই গৈছে ।


আজি নগাঁও জিলা কবি সন্মিলন আৰু জামুগুৰি শাখা কবি সন্মিলনে প্ৰয়াত নাথদেৱৰ আত্মাৰ চিৰশান্তি কামনা কৰি একমিনিট সময় মৌন প্ৰাৰ্থনা কৰাৰ লগতে পৰিয়ালবৰ্গক শোকবাণী প্ৰদান কৰি সমবেদনা জ্ঞাপন কৰে।শোক সভা অনুষ্ঠানত নগাঁও জিলা কবি সন্মিলনৰ উপদেষ্টা শিশু সাহিত্যিক ত্ৰৈলোক্য ভট্টাচাৰ্য, সভাপতি দ্বিজেন্দ্ৰ নাথ হাজৰিকা, উপসভাপতি অশোকৰাম ভট্টাচাৰ্য, সম্পাদক ৰাজু সমীৰণ,সদৌ অসম কবি সন্মিলনৰ মুখপত্ৰ “নতুন কবিতা”ৰ সম্পাদক মদাৰ জ্যোতি,সাংগঠনিক সম্পাদক সঞ্জীৱ সাগৰ চৌধুৰী,প্ৰাক্তন সম্পাদক পৱন শৰ্মা,জামুগুৰি শাখাৰ সভাপতি কৰবী লিগিৰা, কামপুৰ আঞ্চলিক কবি সন্মিলনৰ সম্পাদক প্ৰদ্যুম্ন বৰা, কবি ধৰণী শইকীয়াকে ধৰি কেইবাজনো কবি উপস্থিত থাকে ।উল্লেখ্য যে প্ৰয়াত নন্দেশ্বৰ নাথৰ যোৱা ৬ জুনৰ পুৱা নিজা বাসভৱনত পৰলোকপ্ৰাপ্তি হৈছিল ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author