অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী এল.ডি হাসঁদা’ৰ ভিডিঅ এলবাম “চহৰাই পৰৱ ”ৰ শুভমুক্তি

1 min read

 অসমৰ অন্যতম “চহৰাই” উৎসৱ নিচেই সমাগত ৷ আগন্তুক চহৰাই উৎসৱক কেন্দ্ৰ কৰি ৰাজ্যখনতে উখল মাখল পৰিবেশRelease of popular Assam vocalist LD Hasanda’s video album “Shahai Parv” ৷ চাওঁতালী ভাষী লোক সকলে এই উৎসৱক পালন  কৰিবৰ বাবে পূৰ্ণ প্ৰস্তুতি চলাই  আছে ৷ পিছ পৰি ৰোৱা নাই   কলা কুশলী সকলেও ৷ শিল্পী  বাসন্তী হাসদাই চহৰাইৰ উপলক্ষ্যত   প্ৰস্তুত  কৰি উলিয়াইছে  “চহৰাই পৰৱ’ নামৰ এটি  ভিডিঅ এলবাম ৷ জনপ্ৰিয় কণ্ঠশিল্পী এল.ডি হাসঁদাই পৰিচালনা কৰা এলবামৰ গীতটিত সুৰ সংযোজনেৰে   কণ্ঠদান কৰিছে ৷ ইতিমধ্যে শুভমুক্তিও  লাভ কৰিছে  ভিডিঅ এলবামটি ৷ প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰা “চহৰাই পৰৱ’ এলবামটিত মুখ্যত  চাওঁতাল সকলে  “চহৰাই পৰৱ” ক উদযাপন কৰাৰ সাংস্কৃতিক  দিশটোৰ ওপৰত অগ্ৰাধিকাৰ দিয়া হৈছে ৷   এলবামটিৰ সংগীত পৰিচালনা কৰিছে আদিবাসী চাহ জনগোষ্ঠীৰ জনপ্ৰিয় কণ্ঠশিল্পী ভিক্টৰ লাকড়াই ৷ ক্ৰমে ভৈৰাগুৰি পথাৰ চাইচম্পা চাওঁতালী দল আৰু কমাৰপথাৰ বীণাপাণি ঝুমইৰ দলে সুন্দৰভাবে  নৃত্য প্ৰদৰ্শন কৰিছে ৷ অসমৰ বৰবিল , কাৱৈমাৰী আৰু ভৈৰাগুৰিত দৃশ্যগ্ৰহন কৰা আৰু তপন চৰেণ’ৰ ব্যৱস্থাপনাত   ভিডিঅ এলবামটি  L.D Hasda নামৰ ইউটিউব চেনেলত উপলব্ধ হব ৷ সকলো সাংস্কৃতিকপ্ৰেমী ৰাইজক ইউটিউব চেনেলটি চাবক্ৰাইব কৰি লাইক কমেণ্ট দি আনকো উপভোগ কৰিবৰ বাবে অনুৰোধ জনাইছে কণ্ঠশিল্পী এল.ডি হাসদাই।

You May Also Like

More From Author