34.6 C
Assam
Sunday, May 28, 2023

Featured News

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে ৭৫ টকাৰ মুদ্ৰা।

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি...

25 Candidates to Contest For 10 Posts in Gauhati Press Club election

Altogether 25 candidates are in the fray...

ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক

- ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক- ডিগবৈ...

উপ নিৰ্বাচনত কিমান ভােটাৰে নাপালে পচন্দৰ প্ৰাৰ্থী

Assamese Newsউপ নিৰ্বাচনত কিমান ভােটাৰে নাপালে পচন্দৰ প্ৰাৰ্থী

ৰাজ্যৰ পাঁচটা সমষ্টিৰ উপ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে চমকপ্ৰদ সাফল্য অৰ্জন কৰি একপ্ৰকাৰ অভিলেখ গঢ়িলে ৷ বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰা তিনিখনৰ তিনিখনতে আৰু মিত্ৰদল ইউপিপিএল দলে দুয়োখনতে বিজয়ধ্বজা উৰুৱালে ৷ কিন্তু এই উপ নিৰ্বাচনতো বহু ভোটাৰে নাপালে নিজৰ পচন্দৰ প্ৰাৰ্থী ৷ যাৰ বাবে তেওঁলোকে ব্যৱহাৰ কৰিলে ইভিএমৰ ‘ন’টা’ বুটাম ৷

উপ নিৰ্বাচনত জয়ী প্ৰাৰ্থীৰ ভোটৰ ব্যৱধান যথেষ্ট বেছি আছিল ৷ মুঠতে বিজেপি মিত্ৰজোঁটে প্ৰতিটো সমষ্টিতে বিৰোধীক ধূলিসাৎ কৰি দিলে ৷ যিমান ভোট লাভ কৰি প্ৰার্থীকেইজন জয়ী হৈছে বা মুঠতে যিমান ভোট পৰিছিল, তাৰ তুলনাত ন’টাৰ ভোটৰ সংখ্যা বহু বেছি নহয় ৷ কিন্তু একেবাৰে নগণ্যও নহয় ৷ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে এজনো প্ৰার্থীক পছন্দ নকৰা তথা যোগ্য বুলি নভবা সচেতন ভোটাৰে ইভিএমৰ জৰিয়তে ন’টাত বুটাম টিপি তেওঁলোকৰ অধিকাৰ সাব্যস্ত কৰিছে ৷ ন’টাত সৰ্বাধিক ভোট দিছে তামুলপুৰ সমষ্টিৰ ভোটাৰে ৷ ইয়াৰ বিপৰীতে সৰ্বনিম্ন ভোট পৰিছে থাওৰা সমষ্টিত ৷

তামুলপুৰত ২,৯০৬ জন ভোটাৰে ন’টাৰ জৰিয়তে ভোটাধিকাৰ সাব্যস্ত কৰে ৷ থাওৰাত ৭২৬ জন ভোটাৰে ন’টা ব্যৱহাৰ কৰে ৷ সেইদৰে গোঁসাইগাঁও সমষ্টিত ১,৩৬৯ জনে, ভৱানীপুৰ সমষ্টিত ১,১২০ জনে আৰু মৰিয়নী সমষ্টিত ১,৫১৫ জন ভোটাৰে ন’টাত ভোট দি ভোটাধিকাৰ সাব্যস্ত কৰে ৷ পাঁচটা সমষ্টিত মুঠতে ন’টাত ভোট দিয়া ভোটাৰৰ সংখ্যা হ’ল ৭,৬৩৬ জন ৷ অৰ্থাৎ ১.৩০ শতাংশ ভোটাৰে পচন্দৰ প্ৰাৰ্থী নাপাই ন’টাত ভোট দিলে ৷

উল্লেখ্য যে, পাঁচটা সমষ্টিত থকা মুঠ ভোটাৰৰ সংখ্যা হৈছে ৭,৯৬,৪৫৬ গৰাকী ৷ ইয়াৰে ৫,৮৭,৫৪৮ গৰাকী ভোটাৰে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিছিল ৷ পাঁচটা সমষ্টিত ভোটদ‍ানৰ হাৰ আছিল ৭৩.৭৭ শতাংশ ৷ ২০২১ চনৰ বিধানসভাৰ সাধাৰণ নিৰ্বাচনৰ সময়ত ২,১৯,৫৭৮ গৰাকী ভোটাৰে ন’টা ব্যৱহাৰ কৰে ৷ সেইদৰে ২০১৬ ৰ নিৰ্বাচনত ১,৮৯,০৬৫ গৰাকী ভোটাৰে ন’টাৰ জৰিয়তে ভোটাধিকাৰ সাব্যস্ত কৰিছিল ৷ ক্ৰমাৎ যেন বৃদ্ধি পাব ধৰিছে ন’টাত ভোট দিয়াৰ সংখ্যা ৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!