উত্তৰ-পূৱৰ প্ৰতিটো বিমানবন্দৰৰ মাজত চলিব বিমান

0 min read

 বিশ্বৰ আন দেশৰ দৰে ভাৰততো ক’ভিডকেন্দ্ৰিক পৰিস্থিতিৰ বাবে বিমান পৰিবহণ খণ্ডটোত বাৰুকৈয়ে নেতিবাচক প্ৰভাৱ পৰিছিল। আনকি বিমান সেৱা বহুদিন ধৰি বন্ধ হৈ থকা বাবে বিগত বৰ্ষত বিমান পৰিবহণ সংস্থা সমূহৰ লগতে ভাৰত চৰকাৰৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰণালয়ৰ অধীনৰ ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰনো লোকচানৰ সম্মুখীন হব লগা হৈছিল । কিন্ত বৰ্তমান ক’ভিড পৰিস্থিতি বহু স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ পাছত বৰ্তমান দেশৰ আন ৰাজ্যৰ দৰে অসমসহ উত্তৰ পূৱৰ ৰাজ্য সমূহতো ঘৰুৱা বিমান যাত্রীৰ সংখ্যা বৃদ্ধি পাইছে । এই মন্তব্য কৰিছে ভাৰতীয় বিমান প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলৰ বৰঝাৰস্থিত আঞ্চলিক মুখ্য কাৰ্যালয়ৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালক ৰবি কান্তৰ ।

মঙলবাৰে আঞ্চলিক মুখ্য কাৰ্যালয়ৰ ডঃ ভূপেন হাজৰিকা সন্মিলন গৃহত আয়োজিত এক সংবাদ মেলত এই মন্তব্য কৰে ৰবি কান্তে । সংবাদ মেলত ৰবি কান্তে বিগত তিনি মাহত উত্তৰ পূৱৰ কেবাটাও বিমানবন্দৰত অহা যোৱা কৰা যাত্ৰীৰ পৰিসংখ্যা দাঙি ধৰি কয় ইয়াৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে । যিটো ক’ভিডে জুৰুলা কৰা অৰ্থনীতিৰ পাছৰ পৰ্যায়ৰ বাবে শুভ লক্ষণ ।

আনহাতে ভাৰত চৰকাৰৰ আঞ্চলিক যোগাযোগ আঁচনি চমুকৈ আৰ চি এছৰ উড়ণৰ অধীনত উত্তৰ পূৱৰ প্ৰতিটো বিমানবন্দৰৰ মাজত পাৰস্পৰিক বিমান সম্পৰ্ক অৰ্থাৎ প্ৰতিটো বিমানবন্দৰৰ মাজত ঘৰুৱা যাত্ৰীবাহী বিমান চলাচল কৰাৰ আঁচনি গ্ৰহণ কৰা হৈছে । ইয়াৰ অধীনত মেঘালয়ৰ শ্বিলঙৰ পৰা মিজোৰামৰ ৰাজধানী আইজলৰ লেংপুই বিমানবন্দৰ, শ্বিলঙৰ পৰা ইম্ফল আৰু আগৰতলা, শ্বিলং আৰু ডিব্ৰুগড়ৰ মাজত বিমান চলাচল কৰোৱা হব। বৰ্তমান গুৱাহাটীৰ পৰা অৰুণাচল প্ৰদেশৰ পাছিঘাট আৰু তেজুলৈ নিয়মীয়াকৈ বিমান চলাচল কৰি আছে । তেনেদৰে অৰুণাচল প্ৰদেশৰ হোলোংগীত নতুন বিমানবন্দৰ নিৰ্মাণৰ কাম চলি আছে ।

বৰ্তমান বিমানবন্দৰটোৰ নিৰ্মাণ কার্য প্ৰায় ৪২ শতাংশ সম্পন্ন হৈছে । বিমানবন্দৰটোৰ নিৰ্মাণ কাৰ্য অহা ২০২২ বর্ষৰ নৱেম্বৰ মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে । আনহাতে আগৰতলা মহাৰাজা বীৰ বিক্ৰম বিমানবন্দৰত নিৰ্মাণ কৰি থকা নতুন টাৰ্মিনেল বিল্ডিংটো অহা ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত সম্পূৰ্ণ হব । নতুন টাৰ্মিনেল বিল্ডিংটোত প্ৰতি ব্যস্ত ঘণ্টাত ১,২০০ জন যাত্ৰী অহা যোৱা কৰাৰ লগতে ৬ টা পাৰ্কিং ৱে, ৪ খন এৰোব্ৰীজ, ২ টা লিংক টেক্সিৱে আৰু ২০ টা চেকিং পইণ্ট থাকিব ।

আনহাতে ৰবি কান্তে বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ চৌহদত নিৰ্মাণ কৰি থকা নতুন টাৰ্মিনেল বিল্ডিঙৰ নিৰ্মাণকার্য প্ৰায় ৪০ শতাংশ সম্পন্ন হোৱা বুলি সদৰি কৰে । সংবাদ মেলত বিশেষ কৰ্তব্যৰত বিষয়া জয়ৰাজ, প্ৰবন্ধক ইন্দ্ৰমোহন কুমাৰ উপস্থিত থাকে।

You May Also Like

More From Author