পর্ণ ৱেবছাইটৰ মডেল হ’ল এগৰাকী শিক্ষয়িত্রী

1 min read

ক’ভিড–১৯ মহামাৰীয়ে বিশ্বৰ বিভিন্ন দেশৰ লগতে আমেৰিকাতো মানুহৰ জীৱিকালৈ কঢ়িয়াই আনিছে চৰম অনিশ্চয়তা৷ আনকি দেশখনৰ শিক্ষাখণ্ডত নিয়োজিত বহু কর্মীয়ে জীৱিকাৰ পথ সলনি কৰিবলগীয়া হৈছে৷ মহামাৰীৰ সময়ত এটা প্রাপ্তবয়স্ক বা পর্ণ ৱেবছাইটৰ মডেল হ’বলগীয়া হৈছে এগৰাকী শিক্ষয়িত্রী৷ ‘অনলী ফেনছ’ নামৰ ৱেবছাইটটোত কাম কৰি অৱশ্যে এতিয়া অনুতপ্ত হৈছে শিক্ষয়িত্রীগৰাকী৷

তৰুণী শিক্ষয়িত্রীগৰাকীৰ কাহিনীয়ে বিশ্বৰ সংবাদ মাধ্যমত সৃষ্টি কৰিছে আলোড়ন৷ প্রাপ্তবয়স্কৰ বাবে ৱেবছাইটত কাম কৰি তিক্ত অভিজ্ঞতাৰ সন্মুখীন হ’বলগীয়া হৈছে শিক্ষয়িত্রীগৰাকীয়ে৷ সকলো তৰুণীৰ বাবে এনে ধৰণৰ ৱেবছাইট সঠিক নহয় বুলি উল্লেখ কৰিছে শ্বাহিৰা বাৰি নামৰ বাংলাদেশী মূলৰ তৰুণীগৰাকীয়ে৷ আমেৰিকা নিৱাসী শ্বাহিৰাক প্রথম দেখিবলৈ পোৱা গৈছিল প্রাপ্তবয়স্কসকলৰ্ পত্রিকা ‘প্লে বয়’ৰ এক বার্ষিক অনুষ্ঠানত৷ পত্রিকাখনৰ প্রকাশক হিউ হেফনাৰৰ সৈতে একেটা ফ্রেমত দেখা গৈছিল শ্বাহিৰাক৷ আকৌ হলীউডৰ মডেল তথা অভিনেত্রী কিম কার্ডাছিয়ানৰ ‘বডী ডাবল’ হিচাপেও কাম কৰিছিল শ্বাহিৰাই৷ হলীউডত অভিনয়ৰ সপোন দেখা শ্বাহিৰাই পর্ণ জগতখনৰ অভ্যন্তৰত ঘটি থকা বহু কদর্য ঘটনাৰ সন্মুখীন হ’বলগীয়া হয় বুলি উল্লেখ কৰিছে৷ মুকলিকৈ শ্বাহিৰাই উল্লেখ কৰিছে যে অর্থ উপার্জনৰ সুযোগ এই ৱেবছাইটে তেওঁক প্রদান কৰিছিল যদিও সামাজিক ক্ষেত্রত বিভিন্ন মহলৰ পৰা তেওঁ এতিয়া উপেক্ষিত হ’বলগীয়া হৈছে৷

 

Source

You May Also Like

More From Author