মালিগাঁৱত বাহনৰ খুন্দাত নাহৰফুটুকীৰ মৃত্যু

মালিগাঁৱত বাহনৰ খুন্দাত নাহৰফুটুকীৰ মৃত্যু

গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ মালিগাঁও বৰিপাৰা উৰণীয়া সেতুৰ ওপৰত কালি নিশা কোনো বাহনৰ খুন্দাত এটা নাহৰফুটুকীৰ পোৱালি নিহত হয়৷ প্রাপ্ত খবৰ মতে, নিশা প্রায় ৭.৪৫ মান বজাত উৰণীয়া সেতুৰ লগত থকা পদপথত তেজেৰে লুতুৰি–পুতুৰি হৈ মৃত অৱস্থাত থকা নাহৰফুটুকীৰ পোৱালিটো প্রত্যক্ষ কৰি কোনো লোকেবন বিভাগৰ খানামুখ খণ্ড বন কার্যালয়ৰ খণ্ড বিষয়া ৰূপেন হালৈক অৱগত কৰায়৷ খণ্ড বন বিষয়াই লগে লগে এটা বনকর্মীৰ দল ঘটনাস্থলীলৈ প্রেৰণ কৰি পোৱালিটোক উদ্ধাৰ কৰি খণ্ড বন কার্যালয়লৈ লৈ আহে৷ আজি পুৱা আজাৰাৰ পশু চিকিৎসালয়ত চিকিৎসকে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি পোৱালিটো প্রায় দুবছৰীয়া নাহৰফুটুকীৰ পোৱালিবুলি নিশ্চিত কৰে৷ তাৰ পিছত পোৱালিটোৰ বিভাগীয় নীতি–নিয়মৰ মাজেৰে খানামুখ বন বিষয়া কার্যালয় চৌহদত শেষকৃত্য সম্পন্ন কৰা হয়৷

GTM Desk

Related