23.2 C
Assam
Monday, May 29, 2023

Featured News

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে ৭৫ টকাৰ মুদ্ৰা।

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি...

25 Candidates to Contest For 10 Posts in Gauhati Press Club election

Altogether 25 candidates are in the fray...

ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক

- ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক- ডিগবৈ...

মধুমেহ ৰোগীয়ে শৰ্কৰাৰ স্তৰ নিয়ন্ত্রণত ৰাখিবলৈ খাব লগা বিশেষ আমিষ আৰু নিৰামিষ খাদ্য

Assamese Newsমধুমেহ ৰোগীয়ে শৰ্কৰাৰ স্তৰ নিয়ন্ত্রণত ৰাখিবলৈ খাব লগা বিশেষ আমিষ আৰু নিৰামিষ খাদ্য

যদি কোনোবাই মধুমেহত আক্রান্ত হৈছে, তেন্তে তেওঁ নিশ্চয়ই জানিব যে আহাৰ আৰু ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰা কিমান কঠিন হ’ব পাৰে। কিছুমান খাদ্য সামগ্ৰীৰ ফলত বৃহৎ পৰিমাণৰ গ্লুকোজ নিৰ্গত হয় আনহাতে আন কিছুমানে শৰ্কৰাৰ স্তৰ হ্ৰাস কৰে, কিন্তু বহুলোকে তেওঁলোকৰ বাবে কি খোৱাটো ভাল আৰু কি বেয়া ভালদৰে ধৰিব নোৱাৰে।

~ সেউজীয়া শাক-পাচলি

সেউজীয়া শাক-পাচলিত পুষ্টি থাকে আৰু অন্যান্য পাচলিৰ তুলনাত হজম কৰিব পৰা শৰ্কৰা কম হয়। ইয়াৰ অৰ্থ হৈছে যে ইয়াক যিমানেই খাওক, ৰক্ত শৰ্কৰা স্তৰ বৃদ্ধি নহয়। ডায়েবেটিচ ৰোগীসকলে দৈনিক আহাৰত অন্তৰ্ভুক্ত কৰিবলগা কিছুমান সৰ্বশ্ৰেষ্ঠ শাক হৈছে পালেং শাক, কিয়নো ই ভিটামিন চিৰে সমৃদ্ধ। ভিটামিন চি-য়ে প্ৰকাৰ ২ ডায়বেটিচ থকা লোকসকলৰ শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। পালেং শাকত বিশেষ প্ৰকাৰৰ এণ্টিঅক্সিডেণ্ট থাকে যি চকুক ডায়েবেটিচৰ পৰা হোৱা ক্ষতিৰ পৰা সুৰক্ষিত কৰাত সহায় কৰে।

~ চৰ্বিযুক্ত মাছ

কাৰোবাৰ ডায়েবেটিচ হওঁক বা নহওঁক, চৰ্বিযুক্ত মাছ সকলোৰে আহাৰৰ অংশ হ’ব লাগে। এইটো এটা স্বাস্থ্যকৰ খাদ্য যাৰ পৰা শৰীৰত বহুতো লাভালাভ হয়। চেলমন আৰু এঞ্চোভিৰ দৰে চৰ্বিযুক্ত মাছ খোৱাটোৱে শৰীৰক অমেগা-৩ ফেটি এচিড, ডিএইচএ আৰু ইপিএ আদি উপাদান প্ৰদান কৰে, যি হৃদযন্ত্ৰক ডায়েবেটিচৰ পৰা হোৱা সাম্ভাব্য জটিলতাৰ পৰা সুৰক্ষিত কৰাত সহায় কৰিব পাৰে। ডি.এইচ.এ. আৰু ই.পি.এ. দুয়োটাই ৰক্তনলীবোৰক সুৰক্ষিত কৰে, প্ৰদাহ হ্ৰাস কৰে, আৰু খোৱাৰ পিছত শৰীৰৰ ধমনীবোৰৰ কাৰ্যক্ষমতা উন্নত কৰে। যিহেতু ডায়েবেটিচ হোৱাৰ ফলত হৃদৰোগ আৰু ষ্ট্ৰোকৰ আশংকা প্ৰায় দুগুণ হয়, আহাৰত চৰ্বিযুক্ত মাছ যোগ দিলে ইয়াক হোৱাৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে। ইয়াৰ উপৰিও, চৰ্বিযুক্ত মাছ হৈছে প্ৰ’টিনৰ এক সমৃদ্ধ উৎস যি পেঠত ভোকৰ সৃষ্টি নকৰে আৰু সহজে ওজন হ্ৰাস কৰাত সহায় কৰে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!