চুম্বন কৰোতে বিনিময় হয় ৮০ নিযুত বেক্টেৰিয়াৰ; চুমা নাখাব, বিশেষকৈ শিশুক

চুম্বন কৰোতে বিনিময় হয় ৮০ নিযুত বেক্টেৰিয়াৰ; চুমা নাখাব, বিশেষকৈ শিশুক
A little girl says goodbye to her mother as she drops her off at daycare for the day. She is dressed casually and has a backpack on as two say their goodbyes.

প্ৰেম প্ৰকাশৰ বাবে বহুতেই বহু উপায় ব্যৱহাৰ কৰে। বিশেষকৈ শিশুসকল ইমান মৰমলগা যে সকলোৱে তেওঁলোকক দেখিলেই চুমা খাবলৈ আৰম্ভ কৰে। কিন্তু আপুনি জানেনে যিকোনো লোকে তেওঁলোকক চুমা খোৱাটো কিমান ভয়াৱহ হ’ব পাৰে ? চুম্বনে বিশেষকৈ মুখৰ ৰোগৰ আশংকা বৃদ্ধি কৰে।চুম্বনে কেনেধৰণৰ ৰোগৰ আশংকা বৃদ্ধি কৰে, আজি সেই বিষয়ে জানো আহক-

বিশেষজ্ঞসকলৰ মতে, চুম্বন কৰোতে প্ৰায় ৮০ নিযুত বেক্টেৰিয়াৰ বিনিময় কৰা হয়। যদি সন্মুখৰ ব্যক্তিজনে মুখখন পৰিস্কাৰ নহয়, তেনেহ’লে চুম্বনৰ ফলত আপোনাৰ মুখলৈ বেয়া বেক্টেৰিয়া প্ৰৱেশ কৰাৰ সম্ভাৱনা থাকে।মনত ৰাখিব, দাঁত বগা হ’লেই মুখ পৰিস্কাৰ নহয়।

চুম্বনৰ ফলত হোৱা ৰোগসমূহ

পেৰিঅ’ডণ্টাল

এই ৰোগটো হ’লে দাঁতৰ আলুৰ তলত পুঁজ জমা হ’বলৈ ধৰে। সময়ৰ লগে লগে সেয়া বৃদ্ধি হৈ গোটেই আলুটো ফুলি যায়।ইয়াৰ ফলত আপোনাৰ দাঁতৰ গুৰিও সম্পূৰ্ণৰূপে বেয়া হ’বলৈ আৰম্ভ কৰে আৰু দাঁতবোৰো ক্ষয় যায়। পেৰিঅ’ডণ্টাল ৰোগ হৈছে আমি দাঁত হেৰুওৱাৰ মুখ্য কাৰণ।

কেবিটি

দাঁতবোৰ ক্ষয় যোৱাকে মূলতে কেবিটি বুলি কোৱা হয়। ষ্ট্ৰেপ্টোকক্কাছ মিউটেন নামৰ এক বিশেষ প্ৰকাৰৰ বেক্টেৰিয়াৰ ফলত দাঁতৰ ক্ষয় হয়। এই বেক্টেৰিয়াবোৰে এক বিশেষ ধৰণৰ এচিড প্ৰস্তুত কৰে, যিয়ে লাহে লাহে দাঁতত থকা এনামেল ভাঙি পেলায় আৰু দাঁত ক্ষয় যায়। যদি এই সমস্যাটোৰ সময়মতে চিকিৎসা কৰা নহয়, ই দাঁত বেয়া কৰি পেলাব পাৰে। চুম্বন কৰাৰ ফলত এই বেক্টেৰিয়াবোৰ লেলাৱতিৰ জৰিয়তে এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিৰ মুখলৈ সহজে যাব পাৰে।

দাঁতৰ আলু ফুলা

দাঁতৰ আলু ফুলা ৰোগটো বেক্টেৰিয়াৰ ফলতে হয়। বেক্টেৰিয়াৰ দ্বাৰা সংক্ৰমিত হোৱাৰ পিছত আলু ফুলি গৈ এজন ব্যক্তিয়ে দীঘলীয়া সময়ৰ বাবে বিভিন্ন মুখৰ সমস্যাৰ সৈতে যুঁজ দিবলগীয়া হয়।বেক্টেৰিয়া সংক্ৰমনৰ ফলত আলুৰ বিষ হোৱাৰ লগতে ব্ৰাছ কৰোতে ৰক্তক্ষৰণ আৰু মুখৰ দুৰ্গন্ধৰ দৰে সমস্যাও হ’ব পাৰে।

GTM Desk

Related