32.3 C
Assam
Monday, June 5, 2023

Featured News

নগাঁও-মৰিগাঁও পথৰ বৰভগীয়াত “অগৌৰা ৰিজ’ৰ্ট” মুকলি

নিউজ ব্যুৰ',নগাঁও,১জুন:-নগাঁও-মৰিগাঁও সংযোগী গড়কাপ্টানী পথৰ বৰভগীয়াত মুকলি...

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা!

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা দুখন বাছৰ মাজত সংঘৰ্ষ 27...

টীয়কত আছুৰ অনশন কাৰ্যসূচী l

  টীয়কৰ প্ৰতিবেদক ৩১ মে/২৩ সমগ্ৰ অসমৰ লগতে টীয়কতো...

সেউজীয়া ঘাঁহৰ ওপৰত দৈনিক ২০ মিনিট খালি ভৰিৰে খোজ কঢ়াৰ উপকাৰিতাবোৰ

Assamese Newsসেউজীয়া ঘাঁহৰ ওপৰত দৈনিক ২০ মিনিট খালি ভৰিৰে খোজ কঢ়াৰ উপকাৰিতাবোৰ

জ্যেষ্ঠসকলে প্ৰায়ে ঘাঁহৰ ওপৰত খালি ভৰিৰে খোজ কাঢ়িবলৈ পৰামৰ্শ দিয়ো, কিন্তু কোনোবাই কেতিয়াবা ভাবিছেনে যে তেওঁলোকে কিয় কিয় এনে কৰিবলৈ কয়! বৰ্তমানৰ যুগত, মানুহে জোতা-চেণ্ডেল নিপিন্ধাকৈ বাহিৰলৈ যাব নোৱাৰে সেয়েহে খালি ভৰিৰে খোজ কঢ়াৰ প্ৰৱণতা প্ৰায় শেষ হৈছে। বহুতো স্বাস্থ্য বিশেষজ্ঞই পৰামৰ্শ দিয়ে যে, প্ৰতিদিনে পুৱা সাৰ পোৱাৰ পিছত কমেও ২০ মিনিটৰ বাবে ঘাঁহৰ ওপৰত খালি ভৰিৰে খোজ কাঢ়িব লাগে।

• ঘাঁহনিত খালি ভৰিৰে খোজ কঢ়াৰ লাভালাভঃ

~ চকুৰ বাবে উপকাৰী

যদি মানুহে পুৱা সাৰ পোৱাৰ পিছত সেউজীয়া ঘাঁহৰ ওপৰত খালি ভৰিৰে খোজ কাঢ়ে, তেনেহ’লে ই ভৰিৰ তলুৱাত চাপৰ সৃষ্টি কৰে। প্ৰকৃততে, মানুহৰ শৰীৰৰ বহুতো অংশৰ চাপ বিন্দু ভৰিৰ তলুৱাত থাকএ। ইয়াত চকুও জড়িত হৈ থাকে, যদি সঠিক বিন্দুত চাপ পৰে, তেন্তে দৃষ্টিশক্তি নিশ্চিতভাৱে ভালে থাকিব।

~ এলাৰ্জিৰ চিকিৎসা

পুৱা দুবৰি বনৰ ওপৰত খোজ কঢ়াটো স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়, যিহেতু ই মানুহক প্ৰাকৃতিক চিকিৎসা প্ৰদান কৰে। ই ভৰিৰ তলৰ কোমল কোষবোৰৰ সৈতে সম্পৰ্কিত স্নায়ুবোৰ সক্ৰিয় কৰে আৰু সংকেতবোৰ মগজুলৈ প্ৰেৰণ কৰে, যি এলাৰ্জিৰ দৰে সমস্যা আঁতৰ কৰে।

~ ভৰিৰ বিষ দূৰ কৰে

যেতিয়া মানুহে কিছু সময়ৰ বাবে তিতা ঘাঁহৰ ওপৰত খোজ কাঢে, তেতিয়া ই এক উৎকৃষ্ট ভৰিৰ মালিচৰ দৰে অনুভৱ হয়। এনে পৰিস্থিতিত, ভৰিৰ পেশীবোৰে যথেষ্ট শিথিলতা লাভ কৰে, যাৰ ফলত মৃদু বিষবোৰ নাইকিয়া হয়।

~ উত্তেজনাৰ পৰা সকাহ

প্ৰায়সংখ্যক লোকে হয়তো নাজানে যে পুৱা ঘাঁহৰ ওপৰত খালি ভৰিৰে খোজ কঢ়াটো মানসিক স্বাস্থ্যৰ বাবে অতি উপকাৰী। ই মনক শিথিল কৰে আৰু উত্তেজনা হ্ৰাস কৰে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!