28.6 C
Assam
Monday, May 29, 2023

Featured News

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে ৭৫ টকাৰ মুদ্ৰা।

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি...

25 Candidates to Contest For 10 Posts in Gauhati Press Club election

Altogether 25 candidates are in the fray...

ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক

- ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক- ডিগবৈ...

দাঁতত হালধীয়া দাগ পৰিলে কৰিব লগা বিশেষ কাম কেইটা

Assamese Newsদাঁতত হালধীয়া দাগ পৰিলে কৰিব লগা বিশেষ কাম কেইটা

দাঁত বগা হৈ নাথাকিলে মুখৰ সৌন্দৰ্য ম্লান পৰে। কেতিয়াবা হালধীয়া দাঁতৰ বাবে মানুহে মুকলিকৈ হাঁহিব নোৱাৰে আৰু কিবা কাৰণত কোনোবাই দাঁত দেখিলেও যথেষ্ট বিৰক্তিৰ সন্মুখীন হ’ব লগা হয়। যদি দাঁত সঠিকভাৱে পৰিষ্কাৰ কৰা নহয়, তেনেহ’লে হালধীয়া দাগ পৰাটো নিশ্চিত। সকলোৱে দিনত দুবাৰ ব্ৰাছ কৰাটো নিশ্চিত কৰিব লাগে।

যদি কাৰোবাৰ দাঁতত হালধীয়া দাগ পৰিছে আৰু বহু প্ৰচেষ্টাৰ অন্তত দাঁত বগা হোৱা নাই, তেনেহ’লে ঘৰতে দাঁত বগা কৰা পাউডাৰ প্ৰস্তুত কৰিব পাৰে। ইয়াৰ বাবে এক চামুচ লং পাউডাৰ, এক চামুচ ক’লা নিমখ, এটা চামুচ লিকুৰিচ পাউডাৰ, এটা চামুচ ডালচেনি পাউডাৰ, শুকান নিম আৰু পুদিনা পাতৰ প্ৰয়োজন হ’ব। এই সকলোবোৰ বস্তু ভালদৰে মিহলি কৰি ভালদৰে সংৰক্ষণ কৰি ৰাখিব।

টুথব্ৰাছত দাঁত বগা কৰা পাউডাৰ প্ৰয়োগ কৰি, ইয়াক দাঁতত পাতলকৈ ঘঁহি থাকক আৰু তাৰ পিছত ধুই পেলাওক, ই দাঁতৰ উজ্জ্বলতা ঘূৰাই আনিব, লগতে পোকে ধৰাৰ পৰাও ৰক্ষা কৰিব। যদি এবাৰতে দাঁত পৰিষ্কাৰ নহয়, তেন্তে এই প্ৰক্ৰিয়াটো পুনৰাবৃত্তি কৰক।

এই বস্তুবোৰৰ বিশেষ যত্ন লওকঃ

~ পুৱা উঠাৰ পিছত আৰু ৰাতি টোপনি যোৱাৰ আগতে, দাঁত ব্ৰাছ কৰিব।

~ খোৱাৰ পিছত মুখ ভালদৰে ধুই পেলাব।

~ মুখ কুলকুলি কৰাৰ বাবে কুহুমীয়া পানী আৰু নিমখ পানী ব্যৱহাৰ কৰিব পাৰে।

~ ব্ৰাছ কৰিলে লাহে লাহে কৰিব, যদি বেছিকৈ বল প্ৰয়োগ কৰিলে দাঁতৰ আলুৰ পৰা তেজ ওলাব পাৰে।

~ দাঁত পৰিষ্কাৰ কৰিবলৈ পেষ্ট বা পাউডাৰ ব্যৱহাৰ কৰিব।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!