আপোনাৰ সন্তানে ভাল ৰিজাল্ট কৰাটো বিচাৰে নেকি? তেন্তে তাক সংগীত বিদ্যালয়ত দিয়ক

আপোনাৰ সন্তানে ভাল ৰিজাল্ট কৰাটো বিচাৰে নেকি? তেন্তে তাক সংগীত বিদ্যালয়ত দিয়ক

দৰাচলতে, এই যুগটোৱে হৈছে কম্পিউটাৰৰ যুগ। সেই যুগত, লক্ষ্য হৈছে কোডিং শিকা আৰু অলপ আগবাঢ়ি থকা। যাতে পৰৱৰ্তী ক্ষেত্ৰত, আপুনি আপোনাৰ কেৰিয়াৰত নিজকে প্ৰতিষ্ঠা কৰিব পাৰে। ফলস্বৰূপে, ‘teach kids to code’ এক আন্দোলন হৈ পৰিছে।

মেচাচুচেটছ ইনষ্টিটিউট অৱ টেকন’লজীৰ (এমআইটি) গৱেষণাই কয়, যদি আপুনি আপোনাৰ সন্তানক বুদ্ধিমান কৰিব লগা হয়, তেওঁক সৰুৰে পৰা সংগীত বিদ্যালয়ত ভৰ্তি কৰক।

এম.আই.টি.-ৰ দ্বাৰা পৰিচালিত অধ্যয়নটো জুৰিখ বিশ্ববিদ্যালয়ত কৰা হৈছিল। তাত যিয়ে সংগীত শিকিছিল আৰু যিসকলে শিকা নাছিল সেই দুটা দলৰ মগজুৰ স্কেন কৰা হৈছিল। অধ্যয়নটোত কৈছে যে যিসকলে সংগীত শিকিছিল, তেওঁলোকৰ মগজুৱে অধিক সুসংবদ্ধ ভাবে চিন্তাভাবনা কৰে। শব্দৰ প্ৰতি সঁহাৰি দিয়া আৰু কথা কোৱাত সহায় কৰা মগজুৰ অংশটো সংগীতৰ দ্বাৰা বিশেষভাৱে উদ্দীপিত হয়।

গতিকে যিসকলে কম বয়সৰ পৰাই সংগীত শিকে তেওঁলোক আনতকৈ অধিক সংবেদনশীল আৰু বৌদ্ধিকভাৱে আগবাঢ়ি থাকে।

GTM Desk

Related