থাইৰয়েডৰ সমস্যা থাকিলে এইবোৰ উপায়েৰে সকাহ পাব
আজিকালি প্ৰায়েই বিভিন্নজনৰ মুখত বিভিন্ন শাৰীৰিক সমস্যাৰ বিষয়ে শুনিবলৈ পোৱা যায়৷ ইয়াৰ ভিতৰত এটা অন্যতম সমস্যা হৈছে থাইৰয়েড৷ উল্লেখ্য যে আমাৰ সকলোৰে দেহত থকা থাইৰয়েড গ্ৰন্থিয়ে শৰীৰৰ বিভিন্ন ধৰণৰ প্ৰাকৃতিক কাৰ্যকলাপক নিয়ন্ত্ৰণ কৰে৷ কিন্তু কিবা কাৰণত এই গ্ৰন্থিৰ পৰা যদি থাইৰয়েড হ’ৰমন অলপ হ’লেও বেছিকৈ নিৰ্গত হয়, তেন্তে শৰীৰৰ ক্ষতি হ’বলৈ আৰম্ভ কৰে৷
আমাৰ মাজত এনেকুৱা কিছুমান লোক আছে, যিসকল হঠাতে অসুস্থ হয় অথবা অস্বাভাৱিকভাৱে শকত হ’বলৈ আৰম্ভ কৰে৷ ইয়াৰ বাবে মূলতঃ দায়ী থাইৰয়েড৷ আমাৰ শ্বাসনলীৰ ঠিক ওপৰৰ অংশত থাকে থাইৰয়েড গ্ৰন্থি৷ ইয়াৰ পৰাই থাইৰয়েড হ’ৰমন নিঃসৰিত হৈ দেহৰ কাৰ্যকলাপ নিয়ন্ত্ৰণ কৰে৷
থাইৰয়েড ধৰা পৰিলে চিকিৎসকৰ পৰামৰ্শ অনুসৰিহে ঔষধ খাব লাগে৷ কিছুমানে থাইৰয়েডৰ সমস্যাত ভুগিলে নিজে নিজে গৈ ফাৰ্মাচীৰ পৰা ঔষধ কিনি খোৱা কৰে৷ এয়া ভুল৷ এনে ভুলে কেতিয়াবা হিতে বিপৰীত কৰিব পাৰে৷ থাইৰয়েডে শৰীৰৰ বিকাশ আৰু গৰ্ভৱতী মহিলাসকলৰ গৰ্ভধাৰণত যাতে সমস্যা নহয়, তাৰ বাবে কাম কৰে৷ কিন্তু যদি থাইৰয়েড হ’ৰমান ঠিকমতে নিৰ্গত নহয়, তেন্তে সমস্যাই দেখা দিয়া আৰম্ভ কৰে৷ সেয়ে চিকিৎসকসকলে থাইৰয়েডৰ ঔষধৰ লগতে সেউজীয়া পাচলি খাবলৈ পৰামৰ্শ দিয়ে৷ উল্লেখ্য যে কোমোৰাৰ বীজে থাইৰয়েড নিয়ন্ত্ৰণত ৰখাত সহায় কৰে৷ কোমোৰাৰ বীজত প্ৰচুৰ পৰিমাণে টি থ্ৰি আৰু টি ফৰ ভিটামিন থাকে৷ এই ভিটামিনে থাইৰয়েড গ্ৰন্থিৰ কাৰ্যকলাপক নিয়ন্ত্ৰণ কৰে৷ আনহাতে লাওত প্ৰচুৰ পৰিমাণে প্ৰাকৃতিক খনিজ উপাদান থাকে বাবে চিকিৎসকসকলে থাইৰয়েডৰ সমস্যা হ’লে লাও খাবলৈ পৰামৰ্শ দিয়ে৷